Logo
image

আজি বিৰোধী ঐক্যমঞ্চৰ আসন ভাগ-বাটোৱাৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ অক্টোবৰঃ সৰ্বত্ৰ অবিশ্বাস-অনিশ্চয়তাৰ মাজতে আজি গুৱাহাটীত অনুষ্ঠিত হ’ব বিৰোধী ঐক্যমঞ্চৰ বৈঠক৷ দিনৰ ২ বজাৰ পৰা খানাপাৰাৰ লিলি হোটেলত অনুষ্ঠিত হ’বলগীয়া বিৰোধী ঐক্যমঞ্চৰ এই বৈঠকত আগন্তুক লোকসভাৰ আসন ভাগ-বটোৱাৰাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, মাজত মাত্ৰ সাত, আঠ মাহহে বাকী৷ প্ৰায় দুৱাৰদলিত ২০২৪ৰ লোকসভাৰ নিৰ্বাচন৷ যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই শাসকবিৰোধীৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে৷ শাসকীয় বিজেপি দলে অসমৰ ১৪খন লোকসভাৰ আসনৰ যাতে ১২খনেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ দিব পাৰে ইয়াৰ বাবে দিন-ৰাতি একাকাৰ কৰি কাম-কাজত ব্যস্ত হৈ পৰিছে৷ ইফালে, বিজেপিৰ মিছন-১২ ধূলিসাৎ কৰিবৰ বাবে মাৰ বান্ধি থিয় দিছে অসম কংগ্ৰেছৰ নেতৃত্বাধীন ১২ দলীয় বিৰোধী ঐক্যমঞ্চ৷ দেশত মোদীক প্ৰতিহত কৰিবৰ বাবে সকলো বিৰোধী একত্ৰিত হৈ ‘ইণ্ডিয়া’ গঠনৰ পাছতে অসমতো গঠন হৈছিল ১২ দলীয় বিৰোধী ঐক্যমঞ্চ৷ প্ৰদেশ কংগ্ৰেছৰ ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক সাধাৰণ সম্পাদক হিচাপে গঠন কৰা বিৰোধী ঐক্যমঞ্চৰ সমন্বয়ৰক্ষী কমিটীত ইণ্ডিয়া গোটত অন্তৰ্ভুক্ত হোৱা চিপিআই, চিপিআই [এম], চিপিআই [এমএল], তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টী, এনচিপি, আৰজেদিৰ লগতে ৰাইজৰ দল, আঞ্চলিক গণমৰ্চাও অন্তৰ্ভুক্ত হৈ আছে৷ লক্ষণীয় যে বিজেপিক ৰুধিবৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ১২ দলৰ বিৰোধী ঐক্যমঞ্চ গঠন হ’ল যদিও সংশ্লিষ্ট দলসমূহৰ মাজত কোনো কোৰাম বা বক্তব্যৰ সাদৃশ্যতা জনমানসত প্ৰতিফলিত হোৱা নাই৷ ইতিমধ্যে কেইবালানিও বৈঠক অনুষ্ঠিত হৈছে যদিও ঐক্যমঞ্চৰ নেতাসকলে বিভিন্ন সময়ত বিভিন্ন ভাষ্য প্ৰদান কৰি আহিছে৷ কথা আৰু কামৰ মিল নাই ঐক্যমঞ্চৰ৷ ইয়াৰ মাজতে কংগ্ৰেছে এখন ৭২জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাক কেন্দ্ৰ কৰি বিৰোধী ঐখ্যমঞ্চৰ আন নেতাসকল ক্ষোভিত হৈ পৰে আৰু মূৰকত কংগ্ৰেছে সেই তালিকা বাতিল কৰিবলৈ বাধ্য হয়৷ এনে পৰিৱেশ পৰিস্থিতিৰ মাজতে কাইলৈ পুনৰ অনুষ্ঠিত হ’ব বিৰোধী ঐক্যমঞ্চৰ বৈঠক৷ এই বৈঠকক লৈ অত্যুৎসাহী হৈ পৰিছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ কাইলৈৰ বৈঠক সন্দৰ্ভত অখিল গগৈয়ে কয়– ‘আজিৰ দিনটো অসমৰ বিৰোধী ঐক্য মঞ্চৰ বাবে হ’ব গুৰুত্বপূৰ্ণ দিন বিজেপিক যিকোনো প্ৰকাৰে ৰুধিবলৈ কাইলৈ বিৰোধীয়ে প্ৰস্তুত কৰিব ৰণকৌশল৷ ’২৪ৰ নিৰ্বাচনত আমি মাত্ৰ এটা চিট বিচাৰিছোঁ৷ ’২১ত কংগ্ৰেছে আমাক বিশ্বাসঘাটকতা কৰিছিল৷ কংগ্ৰেছৰ ওপৰত এতিয়াও শংকা আছে, ভয় আছে৷ এবাৰ সাপে খুটিলে কেঁচুলৈও ভয়৷ কংগ্ৰেছৰ সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷ যোৰহাটত কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী নাই৷ যোৰহাটৰ চিট আমি বিচাৰিম৷ যোৰহাটৰ পৰা আমি জয় হম বুলি ভাবি আছো৷ এটাও চিট নিবিচাৰিলে আমাৰ মিত্ৰতাৰ ওপৰত ৰাইজে প্ৰশ্ন উঠাব৷ মই খেলিম নে নেখেলো এতিয়াও নিশ্চিত নহয়, কংগ্ৰেছ আগতকৈ বহু শক্তিশালি হৈছে৷ কংগ্ৰেছে বিগ ব্ৰাডাৰ বুলি ভাবি অকলে খেলিম বুলি ভাবিলে সকলোৰে অসুবিধা হ’ব৷ আমি প্ৰাৰ্থী ঘোষণা কৰিলে খেলিবই লাগিব৷ এনেকুৱা হলে আমাৰ মাজত অলপ খেলিমেলি লাগিব৷’ ইফালে, বিৰোধী ঐক্যমঞ্চৰ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক তথা আগন্তুক লোকসভা নিৰ্বাচনৰ ডিব্ৰুগড় সমষ্টিৰ অন্যতম প্ৰাৰ্থিত্বৰ দাবীদাৰ লুৰীণজ্যোতি গগৈৰ মতে আজিৰ বৈঠকত প্ৰাৰ্থিত্বৰ ভাগবটোৱাৰা সন্দৰ্ভত কোনো আলোচনা নহয়৷ মাথোঁ বিৰোধীৰ ঐক্যমঞ্চৰ ঐক্যবদ্ধ কাম-কাজ তথা বক্তব্যৰ সন্দৰ্ভতহে আলোচনা হ’ব৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে এলানি আন্দোলনৰ কাৰ্যসূচীও স্থিৰ কৰা হ’ব৷

‘ইণ্ডিয়া’ত ভাঙোন আৰম্ভ হোৱা নাইঃ বিধায়ক তালুকদাৰ

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ ‘এনডিএত হে ভাঙোন আৰম্ভ হৈছে৷ ইণ্ডিয়াত ভাঙোন আৰম্ভ হোৱা নাই৷ কিয়নো এনডিএৰ পৰা আকালি আৰু এআইডিএমকে দল ওলাই গৈছে৷’–এই মন্তব্য চিপিআইএমৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ৷ কালি নলবাৰীত এক দলীয় কাৰ্যসূচীত অংশ লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে আজি গুৱাহাটীৰ হোটেল লিলিত দিনৰ ২ বজাত বিৰোধী ঐক্য মঞ্চৰ ১২টা দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব৷ উক্ত সভাতে ঐক্য মঞ্চই ভৱিষ্যতৰ দিনত কেনেদৰে ৰাইজৰ মাজলৈ যাব, কেনেধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব সেই বিষয়ে বিশদভাৱে আলোচনা কৰিব৷ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত লিলি হোটেলত ১২টা দলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব বুলি তেওঁ প্ৰকাশ কৰে৷ তেওঁ লগতে কয় যে, লোকসভা নিৰ্বাচনলৈ মাজত এতিয়াও সময় আছে৷ সেয়েহে কাইলৈ কোন দলে ক’ত কোন প্ৰাৰ্থী ঠিয় কৰাব সেয়া আলোচনা কৰাতকৈ ভৱিষ্যতৰ কৰ্মপন্থা সন্দৰ্ভতহে বিশেষ আলোচনা কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে৷ বিধায়ক গৰাকীয়ে অৱশ্যে এটা কথা স্পষ্ট কৰি দিয়ে যে, আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত ঐক্যমঞ্চই সমিলমিলৰ মাজেৰে প্ৰতিটো সমষ্টিত প্ৰাৰ্থী ঠিয় কৰাব৷ বিৰোধীত ভাঙোন অহা বুলি সোধা এক প্ৰশ্নৰ উত্তৰত তালুকদাৰে কয় যে, মই মোডী মিডিয়া বুলি নকওঁ৷ কিন্তু সংবাদ মাধ্যমৰ এটা বিশাল অংশই বিৰোধী ঐক্যমঞ্চত ভাঙোন আনিবলৈ অহৰহ চেষ্টা চলাই আছে৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিভিন্নজনে বিৰোধীৰ মাজত ভাঙোন আনিবলৈ অপচেষ্টা চলাই আছে বুলিও তেওঁ অভিযোগ কৰে৷ আমাৰ জোঁটত ভাঙোন নাই৷ একাংশ মিডিয়াৰহে অপপ্ৰচাৰ বুলিও বিধায়ক তালুকদাৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷