Logo
image

বিশ্বকাপৰ দ্ৰুততম শতক মেক্সৱেলৰ

নতুন দিল্লী¸, ২৬ অক্টোবৰঃ নেডাৰলেণ্ডছৰ বিৰুদ্ধে বু্‌ধবাৰে বিশ্বকাপৰ খেলত মাত্ৰ ৪৪টা বলত ১০৬ ৰানৰ ইনিংছ খেলা অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল ৫০ অভাৰৰ বিশ্বকাপত  দ্ৰুততম শতক সম্পূৰ্ণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে৷ অষ্ট্ৰেলিয়াৰ ইনিংছৰ অন্তিম অভাৰত বাছ ডে লীডেৰ পঞ্চমটো বলত ছিক্সাৰ কোবাই শতক সম্পূৰ্ণ কৰা মেক্সৱেলক শতক সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হৈছিল ৪০টা বল৷ এদিনীয়া বিশ্বকাপ ক্ৰিকেটত ইয়াৰ পূৰ্বে দ্ৰুততম শতকৰ ৰেকৰ্ড আছিল দক্ষিণ আফ্ৰিকাৰ এইডেন মাৰ্কৰামৰ নামত৷ এইবাৰৰ বিশ্বকাপতে শ্ৰীলংকাৰ বিৰুদ্ধে ৭ অক্টোবৰত তেওঁ ৪৯টা বলত খেলিছিল ১০৬ ৰানৰ ইনিংছ৷ বিশ্বকাপত দ্ৰুততম শতক সম্পূৰ্ণ কৰা বেটাৰৰ তালিকাৰ তৃতীয় স্থানত আছে আয়াৰলেণ্ডৰ কেভিন অ’ব্ৰায়ান৷ ২০১১ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ৫০টা বলত ১১৩ ৰান সংগ্ৰহ কৰিছিল অ’ব্ৰায়ানে৷ মেক্সৱেলে ইয়াৰ পূৰ্বে ২০১৫ চনত শ্ৰীলংকাৰ বিৰুদ্ধে ৫১টা বলত ১০২ ৰান সংগ্ৰহ কৰিছিল৷ ২০১৫ চনৰ বিশ্বকাপতে দক্ষিণ আফ্ৰিকাৰ এবি ডে ভিলিয়াৰ্ছে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৫২টা বলত সংগ্ৰহ কৰিছিল অপৰাজিত ১৬২ ৰান৷ এই তালিকাৰ সপ্তম স্থানত  আছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা৷  আফগানিস্তানৰ বিৰুদ্ধে চলিত বিশ্বকাপত ৰোহিত শৰ্মাই ৬৩টা বলত সংগ্ৰহ কৰিছিল ১৩১ ৰান৷