Logo
image

ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ বুটলিছে অসমৰ মহিলা ভাৰোত্তোলকে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ অক্টোবৰঃ গোৱাত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ভাৰোত্তোলনত বুধবাৰে অসমৰ সিদ্ধান্ত গগৈয়ে পুৰুষৰ ৬১ কিলোগ্ৰাম শাখাত  ৰূপৰ পদক লাভ কৰাৰ পাছত বৃহস্পতিবাৰে দুটাকৈ স্বৰ্ণপদক জয় কৰি ভাৰোত্তোলনত অসমৰ পদকৰ সংখ্যা বৃদ্ধি কৰে তিনিটালৈ৷ স্বৰ্ণপদক জয় কৰা খেলুৱৈ দুগৰাকী হৈছে পপী হাজৰিকা আৰু দিতিমণি সোনোৱাল৷ এই তিনিটা পদকৰ সৈতে ক্ৰীড়া সমাৰোহখনত অসমে লাভ কৰা কৰা পদকৰ সংখ্যা বৃদ্ধি পালে ছটালৈ৷ ইয়াৰ পূৰ্বে বেডমিণ্টনত অসমে লাভ কৰিছিল এটা স্বৰ্ণ আৰু দুটা ব্ৰঞ্জৰ পদক৷ বৃহস্পতিবাৰে ভাৰোত্তোলনৰ মহিলাৰ  ৫৯ কিলোগ্ৰাম শাখাৰ স্নেচত ৮৬ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১০৫ কিলোগ্ৰামসহ মুঠ ১৯১ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি অসমক প্ৰথমটো স্বৰ্ণপদক দিছিল পপী হাজৰিকাই৷ গুজৰাটত অনুষ্ঠিত যোৱাবাৰৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত পপীয়ে লাভ কৰিছিল ৰূপৰ পদক৷ বাৰ্মিংহাম কমনৱেল্‌থ গেমছত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পপীয়ে চলিত বছৰতে নতুন দিল্লীত অনুষ্ঠিত কমনৱেল্‌থ ভাৰোত্তোলনত স্বৰ্ণপদক জয় কৰিছিল৷

পপীৰ এই সফলতাৰ পাছত ৬৪ কিলোগ্ৰাম শাখাত অসমক দ্বিতীয়টো স্বৰ্ণপদক দিয়ে দিতিমণিয়ে৷ খেলুৱৈগৰাকীয়ে স্নেচত ৮৮ কিলোগ্ৰাম আৰু ক্লীন এণ্ড জাৰ্কত ১১২ কিলোগ্ৰামসহ মুঠ ২০০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰে৷ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ৰূপৰ পদক লাভ কৰা দিতিমণিয়ে প্ৰথমবাৰৰ বাবে ভাগ লৈছে ৰাষ্ট্ৰীয় ক্ৰীড়াত৷