Logo
image

চানমাৰিত মৃতদেহ উদ্ধাৰ ঘটনাঃ হত্যাকাণ্ডত ব্যৱহৃত স্কুটীৰ সন্ধান লাভ আৰক্ষীৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ চানমাৰিত মৃতদেহ উদ্ধাৰৰ ঘটনাই ছয়টা দিন অতিক্ৰম কৰাৰ পাছতো হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিব পৰা নাই মহানগৰ আৰক্ষীয়ে। অৱশ্যে আৰক্ষীয়ে  হত্যাকাণ্ডত ব্যবহাৰ কৰা স্কুটীৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছে। স্কুটীখন দুৰ্বৃত্তই গুৱাহাটীৰ বাহিৰলৈ নিয়া বুলি আৰক্ষীয়ে নিশ্চিত তথ্য লাভ কৰিছে। আৰক্ষীয়ে স্কুটীখন জব্দ কৰিবলৈ তীব্ৰ অভিযান চলাই আছে। আনহাতে, চানমাৰি আৰক্ষীয়ে আমদাদুল ইছলামৰ হত্যাকাণ্ডৰ তদন্তৰ খাতিৰতে কেইবাজনো কিন্নৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে।কিন্নৰৰূপী যুৱক আমদাদুল ইছলামৰ হত্যাকাৰীক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে৷

মন কৰিবলগীয়া যে মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আমদাদুলৰ মাতৃয়ে ৰাধা, মহিমা আৰু ৰ'জী নামৰ তিনি ভুৱা কিন্নৰ বিৰুদ্ধে হত্যাৰ অভিযোগ তুলিছিল। এই অভিযোগৰ ভিত্তিতে চানমাৰি আৰক্ষী আৰু অপৰাধ শাখাই তিনিওগৰাকী ভুৱা কিন্নৰক আটক কৰি জেৰা চলায় যদিও পোহৰলৈ অহা নাই আমদাদুলৰ হত্যাকাণ্ডৰ ঘটনা। ইপিনে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত বুধবাৰে চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হামিদুৰ ইছলাম নামৰ এজন যুৱকক। ধৃত যুৱকজনে আৰক্ষীৰ জেৰাত মৃত আমদাদুল ওৰফে প্রিয়ংকাৰ সৈতে প্ৰেমৰ সম্পর্ক থকাৰ কথা স্বীকাৰ কৰে। লগতে আৰক্ষীয়ে প্রিয়ংকাৰ এটা মোবাইল উদ্ধাৰ কৰে। কিন্তু যুৱকজনে তেওঁৰ লগত ষড়যন্ত্র হোৱাৰ লগতে উক্ত মোবাইলটো কিনি লোৱা বুলি মন্তব্য কৰে।

হামিদুৰে পকা মিস্ত্ৰীৰ কামৰ সৈতে যোগালি কাম কৰাৰ কথা মহানগৰ আৰক্ষীৰ আগত স্বীকাৰ কৰে। ইপিনে বৃহস্পতিবাৰে চানমাৰি থানাত উপস্থিত হয় ধৃত হামিদুৰ ইছলামৰ পিতৃ। তেওঁ জানিবলৈ দিয়া অনুসৰি পত্নী-সন্তান থকা বাবেহে গুৱাহাটীত আছিল হামিদুৰ। তদুপৰি এনে কামৰ বাবেই শেহতীয়াকৈ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ গৈছিল যুৱকজন। ইয়াৰ মাজতে চানমাৰি আৰক্ষীয়ে হামিদুৰক আদালতত হাজিৰ কৰোৱাই ন্যায়াধীশৰ নির্দেশমতে দুদিনৰ জিম্মাত লৈছে। ইফালে এই চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত বুধবাৰে নিশা জু-ৰোডৰ পৰা জাৰা নামৰ এগৰাকী কিন্নৰক আটক কৰাৰ উপৰি আজি আন কেইবাগৰাকীও কিন্নৰক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।