Logo
image

বিজেপিয়ে দিছে এখন! আমবাৰীত অক্ষম ক্ষোভ

আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,৩ নৱেম্বৰঃ  আমবাৰীৰ অগপৰ কাৰ্যালয় বিবাহ ভৱন হ’ব বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এসময়ত কৰা ভৱিষ্যদ্বাণী সচাকৈয়ে ফলিয়াবলৈ গৈ আছে নেকি? বিশেষকৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ এটা বক্তব্য আৰু অগপৰ অনুপস্থিতিত নতুন দিল্লীত অনুষ্ঠিত বৈঠকে ড॰ শৰ্মাৰ ভৱিষ্যতবাণী ফলিয়াব বুলি দলটোৰ একাংশ ক্ষুব্ধ নেতাকৰ্মীয়ে শেহতীয়াভাৱে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে৷ নিজকে প্ৰকৃত আঞ্চলিকতাবাদী বুলি দাবী কৰা অগপ দল সচাকৈয়ে বিজেপিৰ দয়াতে বাছি আছে নেকি? ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰত দুজনকৈ মন্ত্ৰী থকাৰ পাছতো কিন্তু বিজেপি দলৰ দৃষ্টিত অগপৰ সন্মান কিমান সেয়া সভাপতি কলিতাৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য, বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত দুদিন পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত মাৰাথান বৈঠকতে নিৰ্ধাৰণ হয় অগপৰ ৰাজনৈতিক ভৱিষ্যত৷ এই বৈঠকতে লোকসভাৰ আগন্তুক নিৰ্বাচনত বিজেপি দলে ইয়াৰ পুৰণি মিত্ৰদল অগপক মাত্ৰ ১ খন আসন এৰি দিয়াৰ সিদ্ধান্ত লয়৷ আনকি অগপৰ সাংগঠনিক ভেটিক সম্পূৰ্ণ ৰূপে নৎসাত কৰি মিত্ৰদলটোক এৰি দিবলগীয়া সমষ্টিটোৰ পৰা প্ৰাৰ্থী জয়ী কৰি অনাৰ দায়িত্বও গ্ৰহণ কৰিছে বিজেপিয়ে৷ ভৱেশ কলিতাই এই কথাই স্পষ্টভাৱে প্ৰকাশ কৰিছে৷ ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত গেৰুৱা দলটোৱে অগপক দিবলৈ ওলাইছে জয়ৰ বিশেষ সম্ভাৱনা নথকা বৰপেটা লোকসভা সমষ্টি৷ বৰ্তমান এই সমষ্টিটো কংগ্ৰেছৰ দখলত থকাৰ বিপৰীতে ইয়াৰ পূৰ্বে এ আই ইউ ডি এফৰ দখলত আছিল৷ অগপক মাত্ৰ ১ টা সমষ্টি এৰি দিবলৈ সন্মত হোৱাৰ বিপৰীতে অগপ দলে গুৱাহাটী, তেজপুৰ, বৰপেটা আদি সমষ্টি দাবী কৰিছিল৷ কিন্তু বিজেপি দলৰ শেহতীয়া স্থিতিক লৈ দলৰ মজিয়াত অক্ষম ক্ষোভ আৰু অসন্তোষৰ সৃষ্টি হৈছে৷ মিত্ৰদল হোৱাৰ পাছতো বিজেপিৰ পৰা পোৱা বঞ্চনাৰ বিৰুদ্ধে ইতিমধ্যে অগপৰ তৃণমূল পৰ্যায়ত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ সমষ্টি পুনৰ নিৰ্ধাৰণত নিজৰ পশ্চিম গুৱাহাটী সমষ্টি হেৰুওৱা অগপৰ জ্যেষ্ঠ নেতা তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজি এই সন্দৰ্ভত নিজৰ ক্ষোভ প্ৰকাশ কৰি কয়–আমি জয়ী হোৱা আসনহে বিচাৰিম৷ য’ত জয়ী হ’ব নোৱাৰো তেনে ধৰণৰ আসন লোৱাত আমি আপত্তি কৰিম৷ ৬/৭  টা সমষ্টিত ইতিমধ্যে নিৰ্বাচনী প্ৰস্তুতি পূৰ্ণদ্যোমে চলাই আছো৷ লোকসভাৰ আসনৰ ভাগ-বাটোৱাৰাক লৈ এতিয়ালৈকে বিজেপি নেতৃত্বৰে কোনো ধৰণৰ আলোচনা হোৱা নাই৷ এই আলোচনা অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতহে হ’ব৷ কোনো ধৰণৰ আলোচনা নকৰাকৈ আমাক এখন আসন দিয়াৰ যি কথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কৈছে সেই বিষয়ে আমাৰ একো আলোচনা হোৱা নাই৷ তেনেধৰণৰ কোনো সিদ্ধান্ত এই পৰ্যন্ত লোৱা হোৱা নাই৷ মুখ্যমন্ত্ৰী আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত আলোচনা কৰাৰ পাছতহে আসন ভাগ-বাটোৱাৰাৰ বিষয়টো চূড়ান্ত হ’ব৷ বিজেপিৰ ৰাজ্যিক সভাপতিৰ যি ভাষ্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে সেইটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ এসময়ত অগপ দলে ১০টা পৰ্যন্ত আসনত জয়ী হ’বলৈ সক্ষম হৈছিল৷ কৰিমগঞ্জ, ধুবুৰী, শিলচৰত অৱশ্যে আমি জয়ী হ’ব পৰা নাই৷ বাকী উজনী-নামনিৰ ১০ খন আসনত জয়ী হ’বলৈ আমি সক্ষম হৈছিলো৷ এইটো নহয় যে এখন আসন আমাক এৰি দিব আৰু আমি ইয়াতে ক্ষান্ত থাকিম৷ সেইটো কেতিয়াও হ’ব নোৱাৰে৷ ৰখন আসনৰ প্ৰশ্ন অহাই নাই৷ বিজেপিৰ ৰাজ্যিক বা কেন্দ্ৰীয় নেতৃত্বৰ লগত এতিয়ালৈকে কোনো ধৰণৰ আলোচনাই হোৱা নাই৷ মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ আস্থা-বিশ্বাস আছে৷ আমি জয়ী হোৱা আসন বিচাৰিম আৰু যদি নিদিয়ে তেতিয়া বিষয়টো দলীয় সভাত আলোচনা কৰা হ’ব৷ আনহাতে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই আসন ভাগ-বাটোৱাৰা সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–এতিয়ালৈকে আসন সন্দৰ্ভত আমাৰ কোনো আলোচনা হোৱা নাই৷ এইবাৰ লোকসভাত আমাৰ সাংসদ থাকিব৷ আমাৰ লক্ষ্য এটাই৷ ভৱেশ কলিতাৰ ভাষ্য নিজস্ব কথা৷ আমি আটাইকেইটা লোকসভা সমষ্টিতে কৰ্মসভা অনুষ্ঠিত কৰিছো৷ আমি ছাৰ্ভে কৰিব দিছো৷ শীঘ্ৰে ছাৰ্ভেৰ প্ৰতিবেদন লাভ কৰিম৷ আমি বিজেপিৰ সৈতে একেলগে নিৰ্বাচন খেলিম৷ আমি সকলোতে প্ৰাৰ্থী দিম বুলি কোনো কথা নাই৷ মিত্ৰদলে আমাক সমৰ্থন কৰিব লাগিব আৰু আমিও সমৰ্থন কৰিম মিত্ৰদলক প্ৰাৰ্থী জয়ী কৰাৰ ক্ষেত্ৰত৷ আসন সন্দৰ্ভত আমাৰ দলত একো আলোচনা হোৱা নাই৷ ১১ বা ১২ নৱেম্বৰত আটাইকেইটা মিত্ৰদল একেলগে বহিব লাগে বুলি ভৱেশ কলিতাই মোক ফোন কৰি কৈছিল৷ অন্য কোনো কথা কোৱা নাই৷ আসনৰ ভাগ বতৰোৱা দুটা দলৰ মাজত হ’ব৷ ভৱেশ কলিতাই কি কৈছে তেওঁহে ক’ব পাৰিব৷