Logo
image

ধোৱা বৰণীয়া হৈ পৰিছে দিল্লীৰ আকাশ! বায়ুৰ মান নামিল ৯৯৯লৈ

ডিজিটেল ডেস্কঃ শীত নমাৰ লগে লগে এতিয়া দেশৰ বিভিন্ন প্ৰান্তত বায়ু প্ৰদূষণে শোচনীয় ৰূপ লৈছে৷ দেশৰ ৰাজধানীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।বিগত ছয় দিনে দেশৰ ৰাজধানী দিল্লী আৰু এনচিআৰৰ [ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল] বায়ু প্ৰদূষণে মাৰাত্মক ৰূপ লয়৷ বতাহৰ গতি কম হোৱাৰ বাবে বায়ুৰ মানদণ্ড সূচক অতি দুৰ্বল শ্ৰেণীত উপনীত হৈছে।বৃহস্পতিবাৰে দিল্লীৰ কেতবোৰ এলেকাত বায়ুৰ মান ইমানেই নিম্নগামী হয় যে, ভাবিলেই বুকু কঁপি উঠাৰ দৰে হৈছে৷ দিল্লীৰ বায়ুত এতিয়া প্ৰদূষণ সৃষ্টিকাৰী কণিকা ‘পিএম ২.৫’ ভয়ানক হাৰত বাঢ়িছে৷ দিল্লীৰ মুণ্ডকা এলেকাত বৃহস্পতিবাৰে পুৱা বায়ুৰ মান সূচকাংক ৬১৬ পইণ্টলৈ নামে৷  দিল্লীৰ আনন্দ বিহাৰত শুকুৰবাৰে বায়ু গুণমান সূচক ৯৯৯ হয়গৈ। বছৰটোৰ এয়া সৰ্বাধিক একিউআই। ইয়াৰোপৰি দিল্লীৰ অন্যান্য ঠাই সমূহত একিউআই প্ৰায় ৪০০ ৰ ওপৰত থাকে। শুকুৰবাৰে দিল্লীত বায়ুৰ গুণমান সূচক  লোধি ৰোড এলেকাত ৪৩৮, জাহাংগীৰপুৰীত ৪৯১, আৰ কে পুৰম এলেকাত ৪৮৬ আৰু আই জি আই বিমানবন্দৰৰ আশে-পাশে ৪৭৩  হয়গৈ।  যাৰ বাবে দিল্লীত জৰুৰীকালীন সেৱা, চৰকাৰী নিৰ্মাণ কাৰ্য আৰু অন্যান্য নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

শুকুৰবাৰে পুৱা গোটেই দিল্লী আৰু এনচিআৰৰ বায়ুমণ্ডল ধূসৰ হৈ পৰে৷ যেন এখন ধূসৰ চাদৰেহে দিল্লী-এনচিআৰক ঢাকি ৰাখিছে৷ বৰ্তমান দিল্লী-এনচিআৰত বতাহৰ গতি কম হোৱাৰ লগতে পঞ্জাবৰ পথাৰত নৰা জ্বলোৱাৰ ফলতো দিল্লীৰ বায়ু অতি বেয়া হৈ পৰিছে৷ যদি এনেকৈয়ে থাকে দিল্লীৰ অৱস্থা তেন্তে আগন্তুক সময়ত ৰাজধানী দিল্লীত ৰোগ বৃদ্ধি পোৱাৰ সম্ভাৱণা আছে। মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ পৰিস্থিতি উদ্ভৱ হ'ব। ৷ অৱশ্যে এমচিডিয়ে প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দিশে আগবাঢ়িছে৷