Logo
image

ৰাজস্থানৰ ২৫টা স্থানত ইডিৰ অভিযানঃ ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ বিজেপিৰ

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে ৰাজস্থানত জল জীৱন মিছনত দুৰ্নীতিৰ অভিযোগত এজন জ্যেষ্ঠ আই এ এছ বিষয়াৰ আৱাসকে ধৰি ২৫টা স্থানত অভিযান চলাই ইডিয়ে।বিগত কেই সপ্তাহ মানৰ পৰা জল জীৱন মিছনত সংঘটিত হোৱা দুৰ্নীতিৰ গোচৰত ৰাজস্থানৰ বহু ঠাইত অভিযান অব্যাহত ৰাখিছে ইডিয়ে।ৰাজধানী জয়পুৰৰ লগতে বহু কেইখন চহৰত অভিযান অব্যাহত ৰাখিছে। 

কিছুদিন পূৰ্বে দুৰ্নীতি নিবাৰক শাখাই পদ্মচন জৈন সহ কেইবাজনো ঠিকাদাৰৰ বিৰুদ্ধে অবৈধ ভাবে নিৰাপত্তা লাভ, নিবিদা লাভ, বিলৰ অনুমোদন আৰু ঠিক সম্পৰ্কীয়  চুক্তিৰ অনিয়ম লুকুৱাবলৈ উৎকোচ দিয়াৰ অভিযোগত এজাহাৰ দাখিল কৰিছিল। গোচৰ ৰুজু কৰা কেইজনৰ বিৰুদ্ধে জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে ইডিয়ে জল জীৱন মিছনৰ সৈতে জড়িত দুৰ্নীতিৰ তদন্ত আৰম্ভ কৰে। 

একে সময়তে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ কিৰোৰী লাল মীনাই অভিযোগ উত্থাপন কৰিছিল যে ৰাজস্থানৰ জল জীৱন মিছন কাৰ্যকৰী কৰাৰ নামত ২০ হাজাৰ কোটি টকাৰ দুৰ্নীতি হৈছিল। তেওঁ অভিযোগ কৰে যে মিছনৰ ৪৮টা প্ৰকল্পত ভুৱা অভিজ্ঞতা প্ৰমাণ পত্ৰৰ ভিত্তিত দুটা কোম্পানীক ৯০০ কোটি টকাৰ নিবিদা প্ৰদান কৰা হৈছিল আৰু এই সকলোবোৰ জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী আৰু বিভাগৰ সচিবৰ জৰিয়তে  কৰা হৈছিল। 

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰ মাহত ইডিয়ে জয়পুৰৰ জল জীৱন মিছনৰ সৈতে জড়িত সন্দেহযুক্ত লোকৰ কেইবাটাও বেংকৰ লকাৰত তালাচী চলায়। এই সময়ছোৱাত ইডিয়ে মুঠ ৯.৬ কিলোগ্ৰাম সোণ আৰু ৬.৩ কিলোগ্ৰাম ৰূপ জব্দ কৰিছিল।