Logo
image

পুৰণি গোচৰত ৰাইজৰ দলৰ মুখপাত্ৰ জ্ঞানেন চক্ৰৱৰ্তীক মাজনিশা শোৱাপাটীৰ পৰাই গ্ৰেপ্তাৰঃ আদালতৰ জামিন মঞ্জুৰ

ডিজিটেল সংবাদ, বৰভাগঃ ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ সভাপতি তথা মানৱাধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তীক বৃহস্পতিবাৰে নিশা কমাৰকুছি আৰক্ষীয়ে শোৱাপাটীৰ পৰাই গ্ৰেপ্তাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ২০০৭ চনৰ এটা পুৰণি গোচৰত আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত শুকুৰবাৰে দিনৰ দুই বজাত নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে আলফা স্বাধীন আৰু চৰকাৰৰ মাজত আলোচনাৰ জৰিয়তে শান্তি ঘূৰাই অনাৰ দাবীত ২০০৭ চনত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে নলবাৰীত যৌথভাৱে গণ সংগ্ৰাম গঢ়ি তুলিছিল। সেই কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ সময়তে সেই সময়ৰ নলবাৰীৰ উপ-আৰক্ষী অধীক্ষকৰ গালৈ কোনো দুষ্কৃতিকাৰীয়ে শিলগুটি দলিয়াই আহত কৰিছিল। তাৰ পিছতেই উক্ত ঘটনা সন্দৰ্ভত PRC /756/18 নম্বৰত পঞ্জীয়ন হৈ থকা গোচৰটোত জ্ঞানেন চক্ৰৱৰ্তীক বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দিনটোত বিৰোধী পক্ষৰ মাজত এই বিষয়কলৈ তীব্ৰ উৎকণ্ঠা বিৰাজ কৰাৰ মাজতে মানৱাধিকাৰ কৰ্মীজনক নলবাৰী আদালতত কমাৰকুছি আৰক্ষীয়ে হাজিৰ কৰোৱাত অধিবক্তা আমিৰুল ইছলামে তেওঁৰ হৈ যুক্তি দাঙি ধৰে। তাৰ পিছতেই অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধিশ প্ৰণামী গোস্বামীৰ আদালতে তেওঁক জামিন মঞ্জুৰ কৰে। 

ইপিনে, এই ঘটনাৰ পিছতে ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিৰ তথ্য আৰু প্ৰচাৰ গোটে অভিযোগ কৰে যে দীৰ্ঘকাল ধৰি জাতীয় স্বাৰ্থত আপোচবিহীনভাৱে মাত মাতি অহাৰ লগতে শাসনাধিষ্ঠিত চৰকাৰখনৰ অপ-শাসনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ থকা জ্ঞানেন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে পোনে-পোনে কমাৰকুছি থানালৈ নিনিয়াকৈ নলবাৰীৰ বিভিন্ন স্থানত প্ৰায় এঘণ্টা উদ্দেশ্য প্ৰণোদিতভাৱে ঘূৰাই লৈ মানসিক ভীতি প্ৰদৰ্শন কৰিছিল। চৰকাৰৰ এনে আক্ৰোশমূলক নীতিক ৰাইজৰ দলৰ নলবাৰী জিলা সমিতিয়ে কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷