Logo
image

দাম বৃদ্ধিৰ মাজতে বংগ সীমান্তত পানীৰ দৰত পিয়াঁজ

আমাৰ অসম, ২৭ ছেপ্টেম্বৰঃ মধ্যবিত্তৰ বাবে আলু আৰু পিয়াঁজ এতিয়া কাৰ্যতঃ দুৰ্লভ হ’বলৈ আগবাঢ়িছে৷ কিয়নো আজিৰ তাৰিখত দেশৰ অধিকসংখ্যক বজাৰতে আলু আৰু পিয়াঁজ বিক্ৰী হৈ আছে কেজিয়ে প্ৰতি ৪০ৰ পৰা ৪৫ টকাকৈ৷ কিন্তু ইয়াৰ মাজতে আশ্চৰ্যজনক যে এইখন দেশৰে এটা প্ৰান্তত আজিৰ দিনটোত একাংশ ব্যৱসায়ীয়ে পিয়াঁজ বিক্ৰী কৰি আছে প্ৰতি কেজিত মাত্ৰ ১৫ টকাকৈ৷ তাকো ১৫ টকীয়া কেজিৰ পিয়াঁজ বিক্ৰী কৰিবলৈ এইসকল ব্যৱসায়ীয়ে নিজৰ দোকানৰ আগত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ আঁৰি ল’বলগীয়া হৈছে পিয়াঁজৰ দাম উল্লেখ কৰা একোখনকৈ বেনাৰ৷ এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তত৷ উল্লেখ্য যে কিছুদিনৰ পৰা বাংলাদেশলৈ পিয়াঁজৰ ৰপ্তানি বন্ধ হৈ আছে৷ যাৰ ফলত বংগৰ ভাৰত-বাংলা সীমান্তৰ দেগংগা অঞ্চলত পিয়াঁজ ভৰ্তি শ শ ট্ৰাক আৱদ্ধ হৈ থাকিবলগীয়াত পৰিছে৷ প্ৰতিখন ট্ৰাকত আছে প্ৰায় ১২ৰ পৰা ১৫ মেট্ৰিকটনকৈ পিয়াঁজ৷ দীৰ্ঘদিন ধৰি ট্ৰাকসমূহ এনেদৰে আৱদ্ধ হৈ থকাৰ ফলত ট্ৰাকত থকা বিশাল পৰিমাণৰ পিয়াঁজসমূহ পচি যোৱাৰ আশংকাতে এতিয়া অঞ্চলটোৰ ব্যৱসায়ী সকলে আলু-পিয়াঁজৰ মূল্যবৃদ্ধিৰ এই দিনতো পানীৰ দামত পিয়াঁজ বিক্ৰী কৰিব লগা হৈছে৷