Logo
image

ৰাষ্ট্ৰীয় একতাৰ কথা কোৱা চৰকাৰে এক হ’লে ভয় খায়

যোৱা ১ ফেব্ৰুৱাৰীত আমি সংসদ অভিযান কাৰ্যসূচীৰ সিদ্ধান্ত লৈছিলো৷ কিন্তু ২৬ জানুৱাৰীত কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ কাৰ্যসূচীত দিল্লীত যি ঘটনা সংঘটিত হ’ল, যি হিংসাত্মক ঘটনা সংঘটিত কৰোৱা হ’ল, তাৰ পাছতেই আমি ঠিৰাং কৰিছিলো যেতিয়ালৈকে আমি আন্দোলনকাৰীসকল নিজে আশ্বস্ত নহওঁ, সম্পূৰ্ণৰূপে বিশ্বাস নজন্মে তেতিয়ালৈকে আমি কোনো বৃহৎ কাৰ্যসূচী গ্ৰহণ নকৰো৷ এনে কাৰণতে বাজেট ঘোষণাৰ দিনা গ্ৰহণ কৰা সংসদ অভিযান কাৰ্যসূচী আমি বাতিল কৰিছিলো৷ কিয়নো আমি নিজে হিংসাৰ পৰা দূৰত থাকিবলৈ বিচাৰিলেও হিংসাৰ উদ্ভৱ ঘটাব পৰা শক্তি সক্ৰিয় হৈ আছে৷ সকলো দিশ বিবেচনা কৰি আমি ৬ ফেব্ৰুৱাৰীত দেশজুৰি চকাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিলো৷ অতি সুকলমে আৰু আমি আশা কৰাৰ দৰে সেই কাৰ্যসূচী সৰ্বাত্মকভাৱে সফল হ’ল৷ সমগ্ৰ দেশৰ কোনো ঠাইৰ পৰা হিংসাৰ কোনো খবৰ নাহিল৷ অৰ্থাৎ আমি বিচৰা ধৰণেই এই কাৰ্যসূচী সম্পন্ন কৰিব পৰাটো আন্দোলনকাৰীৰ বাবেই সফল পদক্ষেপ হিচাপে পৰিগণিত হ’ল৷

উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড আৰু দিল্লীত আমি চকাবন্ধ কাৰ্যসূচী পালন কৰা নাছিলো৷ তাৰো কাৰণ আছে৷ আগতীয়াকৈ আমি খবৰ পালো উত্তৰপ্ৰদেশত যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে ঠায়ে ঠায়ে চকাবন্ধৰ সময়ত আন্দোলকাৰীৰ সৈতে সংঘৰ্ষ সৃষ্টিৰ চেষ্টা চলাব৷ উত্তৰাখণ্ডতো একেই পৰিকল্পনা লোৱাৰ খবৰ পালো৷ দিল্লীত পুনৰ ২৬ জানুৱাৰীৰ দৰে হিংসাৰ সৃষ্টি কৰিবলৈ চৰকাৰৰ আৰক্ষী সষ্টম হৈ থকাটো সমগ্ৰ দেশে বিভিন্ন সংবাদ মাধ্যমযোগে দেখিবলৈ পাইছে৷ চৰকাৰে সৃষ্টি কৰা হিংসা আৰু সংঘৰ্ষ এৰাই চলিবৰ বাবেই আমি আন্দোলনকাৰী কৃষকে এই তিনিখন ৰাজ্য- কেন্দ্ৰীয়শাসিত প্ৰদেশক চকাবন্ধ কাৰ্যসূচীৰ পৰা আঁতৰত ৰাখিলো৷

সমগ্ৰ দেশৰ সকলো অঞ্চলতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত লোৱা চকাবন্ধৰ কাৰ্যসূচী সৰ্বাত্মকভাৱে পালিত হোৱাৰ খবৰ আমি পাইছো৷ জম্মু-কাশ্মীৰ, পঞ্জাৱ, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ত চকাবন্ধ সৰ্বাত্মকভাৱে সম্পন্ন হ’ল৷ আনকি আমি পালন কৰিবলৈ নোলোৱা উত্তৰপ্ৰদেশ আৰু উত্তৰাখণ্ডতো চকাবন্ধ সৰ্বাত্মক হ’ল৷ দক্ষিণ ভাৰতৰ কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডুত চকাবন্ধৰ কাৰ্যসূচী ব্যাপকভাৱে পালন কৰিলে আমাৰ সগোত্ৰীয় কৃষক সংগঠনসমূহে৷ এই কাৰ্যসূচীৰ উদ্দেশ্য জনসাধাৰণক বিপদত পেলোৱা নহয়৷ আমাৰ উদ্দেশ্য আছিল চকাবন্ধৰ জৰিয়তে দেশবাসীয়ে জানক প্ৰকৃততে এতিয়া ৰাজধানী দিল্লীত কি হৈ আছে? দেশৰ কৃষকসকলে কিয় মাহ মাহজুৰি আন্দোলন কৰি আছে৷ সেয়া দেশবাসীয়ে উপলব্ধি কৰা, জনা প্ৰয়োজন৷ কিয়নো কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে সংসদৰ বাজেট অধিৱেশনত চিঞৰি চিঞৰি কৈছে, কৃষক আইন বাতিল কৰিবলৈ দাবী জনোৱা এজনো বিৰোধী সাংসদে এই আইন তিনিখনত একো ভুল দেখুৱাই দিব পৰা নাই৷ টোমৰৰ সেই বক্তব্য সমগ্ৰ দেশবাসীয়ে শুনিছে৷ তেওঁলোকে টোমৰৰ বক্তব্য শুনি সেয়া সঁচা বুলি পতিয়ন যাব পাৰে৷ সেয়ে চকাবন্ধৰ জৰিয়তে আমি আন্দোলনটোৰ বিষয়ে দেশবাসীক জনাবলৈ চেষ্টা কৰিলো৷ লগতে এইটো কথাও কওঁ– এতিয়ালৈকে হোৱা ১১ লানি আলোচনাত সৰহসংখ্যক বৈঠকতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে তেওঁলোকে প্ৰণয়ন কৰা তিনিখন কৃষক আইনৰ ভুলসমূহ সংশোধন কৰিবলৈ সন্মত হৈছে৷ ইয়াৰ অৰ্থ এয়াই নহয়নে যে চৰকাৰে প্ৰণয়ন কৰা আইন তিনিখনত ভুল থকা বুলি স্বীকাৰ কৰিছে? আমি এতিয়ালৈকে এই বিতৰ্কিত আইন তিনিখন সম্পূৰ্ণৰূপে বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰাখিছো৷ চৰকাৰে আগবঢ়োৱা সংশোধনৰ প্ৰস্তাৱত আমি আন্দোলনকাৰী মান্তি হোৱা নাই৷ কিন্তু চৰকাৰে আলোচনাত তিনিখন কৃষক আইনত ভুল থকা বুলি আমাৰ সন্মুখত স্বীকাৰ কৰি লোৱাটো দিনৰ পোহৰৰ দৰেই সত্য৷ কেৱল অহংকাৰৰ পতন হোৱাৰ আশংকাত চৰকাৰে ইতিমধ্যে প্ৰণয়ন কৰা কৃষক আইন তিনিখন বাতিল কৰাৰ পৰা বিৰত আছে৷ কৃষিমন্ত্ৰীয়ে সংসদত কৈছে, তেওঁ কৃষকসকলে কিয় আন্দোলন কৰি আছে সেয়া বুজা নাই৷ এয়া কেৱল এখন ৰাজ্যৰহে সমস্যা বুলিও তেওঁ সদনত কৈছে৷ তেওঁ সদনত কোৱা বক্তব্য সত্য নে দিল্লীৰ চৌপাশে অৱস্থান গ্ৰহণ কৰি থকা কৃষক আন্দোলনকাৰীৰ বক্তব্য আৰু চিত্ৰখন সত্য? ইয়াত কেৱল এখন ৰাজ্যৰ আন্দোলনকাৰী নাই৷ কৃষিমন্ত্ৰীয়ে কোৱা পঞ্জাৱৰ উপৰি বিজেপিৰ সবল চৰকাৰ থকা উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানাৰ কৃষকে একেলগে বহি আন্দোলন কৰি আছে৷ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তিশগড়ৰ আন্দোলনকাৰীৰ সংখ্যাও নিচেই কম নহয়৷ সেয়ে মই কওঁ, কৃষিমন্ত্ৰী টোমৰে সংসদত জীয়া ফাঁকি দি বক্তব্য উপস্থাপন কৰিছে৷ 

এইখন চৰকাৰে কেৱল এটা ভাষাহে জানে৷ চৰকাৰখনে নৈতিকতা, সাংবিধানিকতা আৰু ন্যায়ৰ ভাষা বুজি নাপায়৷ চৰকাৰখনে কেৱল নিৰ্বাচনৰ ভাষা বুজি পায়, নিৰ্বাচনৰ আসনৰ ভাষা বুজি পায় আৰু ভোটৰ ভাষা বুজি পায়৷ পঞ্জাৱত ১৩ খন আসন আছে, গ’লে গ’ল৷ হাৰিয়ানাৰ ১০ খন আসন কমি গ’ল৷ কিন্তু আন ৰাজ্যৰ পৰা সেই আসন পূৰাই ল’ব পাৰিব– সেই আশাত এইখন চৰকাৰে আন্দোলনকাৰীক উপেক্ষা কৰিছে৷ ভোটৰ জৰিয়তে তেওঁলোকে আসন পূৰাই লৈ শাসনত বহি থাকিব৷ 

চৰকাৰখনে দেশৰ ক’ৰবাত একতাৰ সৃষ্টি হ’লে ভয় খাই যায়৷  পশ্চিম উত্তৰপ্ৰদেশত জাট আৰু মুছলমান একগোট হৈছে৷ হাৰিয়ানাতো জাট-মুছলমানৰ মাজত কৃষক আন্দোলনৰ গইনা লৈ সংহতিৰ সৃষ্টি হৈছে৷ পঞ্জাৱ-হাৰিয়ানা, ৰাজস্থান-উত্তৰপ্ৰদেশ- উত্তৰাখণ্ডৰ কৃষকৰ মাজত একেই প্ৰসংগত একতাৰ সৃষ্টি হৈছে৷ সেই একতা দেখি ভয়ত বিতত হৈছে এইখন চৰকাৰ৷ কথাই কথাই ৰাষ্ট্ৰীয় সংহতিৰ বক্তব্য উত্থাপন কৰা চৰকাৰখনে দেশৰ কৃষকৰ একতা দেখি কিয় ভীতিবিহ্বল হৈছে সেয়া আচৰিত৷ একতাৰ কথা কোৱা চৰকাৰে একতাৰ মাজত ভেদাভেদ সৃষ্টি কৰিবলৈ উঠি-পৰি লাগিছে৷ সেয়ে কৃষক আন্দোলনক লৈ দমন অব্যাহত ৰাখিছে চৰকাৰে৷ ২৬ জানুৱাৰীত দিল্লীত ট্ৰেক্টৰ ৰেলীত ভাগ লৈ ৰাজ্যলৈ ঘূৰি যোৱা বহুতকে সংশ্লিষ্ট ৰাজ্যৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰিছে৷ অসমৰো দুজন অংশগ্ৰহণকাৰীক অসমৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ শ্ৰুতলিপিত গ্ৰেপ্তাৰ কৰিছে৷ সেয়া হৈছে চৰকাৰৰ একতাৰ ভয়৷ চৰকাৰখনে কৃষকৰ জৰিয়তে দেশত একতাৰ সৃষ্টি হ’বলৈ নিদিয়ে৷ কিয়নো একতাৰ সৃষ্টি হ’লে তেওঁলোকে ভোট নাপাব৷ সেয়ে কেৱল ভোটৰ আশাত তেওঁলোকে ভেদাভেদ সৃষ্টি কৰি কৃষক আন্দোলনকাৰীৰ বিৰুদ্ধে দমন অব্যাহত ৰাখিছে৷ কিন্তু অচিৰেই চৰকাৰৰ এই ষড়যন্ত্ৰৰ অৱসান ঘটিব৷ চৰকাৰৰ অহংকাৰৰ পতন ঘটিব৷ তেতিয়াই সফল হ’ব কৃষকৰ আন্দোলন৷ লগে লগে ঐক্যবদ্ধ হৈ পৰিব সমগ্ৰ দেশ৷