Logo
image

পুনৰ কেঞ্চাৰ নিৰাময়ৰ দাবী ডাঃ ধনীৰাম বৰুৱাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ নৱেম্বৰঃ পৱিত্ৰ চিকিৎসা বৃত্তিক বাতুলামিলৈ পৰ্যবসিত কৰা অসমৰ বিলাৎফেৰত বিতৰ্কিত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাই ষ্ট্ৰোকৰ ফলত কণ্ঠস্বৰ হেৰুৱাই পেলালেও তেওঁৰ চিকিৎসা কীৰ্তিৰ গাজাখুৰি গল্প জহাবলৈ এতিয়াও এৰা নাই৷ ১৯৯৭ চনৰ ৰ জানুৱাৰীত কোনো পূৰ্ব প্ৰস্তুতি অবিহনে [চিকিৎসা সম্পৰ্কীয়] গোলাঘাটৰ পূৰ্ণ শইকীয়া নামৰ এজন হূদৰোগীৰ শৰীৰত গাহৰিৰ হূদপিণ্ড লগাই দি ৪০ দিন ৰঙাঘৰত থকা ধনীৰাম বৰুৱাই এতিয়া কৰ্কট ৰোগ, এইচ আই ভি পজিটিভ হোৱা ৰোগীকো সুস্থ কৰিবলৈ সক্ষম বুলি দাবী কৰিছে৷ মঙলবাৰে মহানগৰীৰ এখন হোটেলত আয়োজিত সংবাদমেলত ধনীৰাম বৰুৱাৰ সহযোগী-কৰ্মচাৰীয়ে এনে উদ্ভট দাবী কৰাৰ ঘটনাই বহুতকে উদ্বিগ্ন কৰি তুলিছে৷ কিয়নো এনে দাবী শুনি যিকোনো ৰোগী পুনৰ ধনীৰাম বৰুৱাৰ ওচৰত গিনিপিগ হ’বলৈ যোৱাটো আচৰিত ঘটনা নহ’ব৷ তদুপৰি তেওঁ চিকিৎসা বৃত্তিটোক জনসাধাৰণৰ ওচৰত হাঁহিয়াতৰ সামগ্ৰী কৰি তোলা কাৰবাৰ দেখি একাংশ চিকিৎসকো লজ্জিত৷ সংবাদমেলত ধনীৰাম বৰুৱাৰ পক্ষৰ পৰা কেইবাজনী ৰোগীক উপস্থিত কৰোৱা হয়, যি তেওঁ উদ্ভাৱন কৰা হাৰ্ট ভাল্‌ভ লগাই হূদৰোগৰ পৰা মুক্ত হোৱা বুলি দাবী কৰে৷

ডাঃ ধনীৰাম বৰুৱাই এইচ আই ভি পজিটিভ ব্যক্তিক নিগেটিভ কৰিব পাৰে বুলি আৰু কৰ্কট ৰোগীক সুস্থ কৰিব পাৰে বুলি কৰা দাবীক লৈ কাৰো সন্দেহ নাথাকিলহেঁতেন, যদিহে বিতৰ্কিত চিকিৎসকজনে নিজৰ উদ্ভাৱন বিশ্বৰ অন্যান্য চিকিৎসা বিজ্ঞানী কিম্বা চিকিৎসকে প্ৰকাশ কৰাৰ দৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিলেহেঁতেন৷ ঔষধ বা চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা সামগ্ৰী অৰ্থাৎ ৰোগীৰ শৰীৰত সংযোগ কৰা সামগ্ৰীৰ নতুন উদ্ভাৱন হ’লে সেয়া আন্তঃৰাষ্ট্ৰীয় মেডিকেল জাৰ্নালত প্ৰকাশ কৰা হয়৷ সেই সন্দৰ্ভত উদ্ভাৱক চিকিৎসকে আন্তঃৰাষ্ট্ৰীয় চিকিৎসা সন্মিলনত উদ্ভাৱনৰ বিষয়ে বক্তৃতা প্ৰদান কৰে আৰু নিজৰ ‘পেপাৰ’ দাখিল কৰে৷ তেতিয়া তেনে উদ্ভাৱনৰ বিষয়ে সংশ্লিষ্ট সকলোৱেই জ্ঞাত হয় আৰু কতৃৰ্ত্বশীল কতৃৰ্পক্ষৰ অনুমোদনৰ অন্তত এটা দীঘলীয়া আৰু পৰীক্ষিত ব্যৱস্থাৰ জৰিয়তে সেই ঔষধ বা সামগ্ৰী বজাৰলৈ আহে আৰু ৰোগীৰ চিকিৎসাত ব্যৱহাৰ হয়৷ এই প্ৰক্ৰিয়াৰ অৰ্থ এয়া নহয় যে উদ্ভাৱকৰ পৰা তেওঁৰ উদ্ভাৱন আন কোনোৱে চুৰ কৰি লৈ যাব৷ সদায় উদ্ভাৱকৰ ওচৰত তেওঁৰ উদ্ভাৱনৰ ‘পেটেণ্ট’ থাকি যায় আৰু ঔষধ বা চিকিৎসা সামগ্ৰী উৎপাদন কৰা কোম্পানীয়ে উদ্ভাৱকৰ পৰা যথোচিত মূল্যত সেই ‘পেটেণ্ট’ ক্ৰয় কৰে৷ সমগ্ৰ বিশ্বত কোনো বিশৃংখল নোহোৱাকৈ এই ব্যৱস্থা শ শ বছৰ ধৰি চলি আছে৷ ক’ভিডৰ প্ৰতিষেধক উদ্ভাৱনৰ সময়ত প্ৰচলিত সেই ব্যৱস্থা সন্দৰ্ভত জনসাদাৰণে এনে ব্যৱস্থাৰ ভালদৰেই উমান লাভ কৰিছিল৷

ধনীৰাম বৰুৱাৰ এই দাবীক নূ্ন্যতম জ্ঞান থকা লোকে আৰু চিকিৎসকে পোনচাটেই গাজাখুৰি গল্প বুলি কৈ নাকচ কৰাৰ কাৰণ হ’ল তেওঁৰ এনেবোৰ ‘বিৰাট’ উদ্ভাৱনৰ বিষয়ে সংবাদমেলতহে প্ৰকাশ কৰে, আনুষ্ঠানিক পদ্ধতিৰ আশ্ৰয় নলয়৷ মানুহৰ জীৱনৰ সৈতে সম্পৰ্ক থকা মূল ব্যৱস্থাটো সংবাদমেলৰ দাবীৰ জৰিয়তে বিশ্বাসযোগ্যতা সৃষ্টি কৰিব পৰা বিষয় নহয়৷ সেয়ে ধনীৰাম বৰুৱাৰ এনে হাজাৰ দাবী সদায় মিথ্যাচাৰ, ভুৱা আৰু প্ৰৱঞ্চনা হিচাপেই বিবেচিত আৰু কোনো সময়তে তেওঁৰ কাৰবাৰ সন্দেহমুক্ত নহয়৷ সেয়ে ধনীৰাম বৰুৱাৰ আজি সংবাদমেলত কৰা দাবীও সন্দেহৰ ঊধবৰ্ত নহয়৷ প্ৰসংগতঃ, ঔষধ বা চিকিৎসা সামগ্ৰী (যেনে ভাল্‌ভ, ষ্টেন্স) আদিৰ উদ্ভাৱনৰ পাছত থকা আনুষ্ঠানিক পদ্ধতিৰ বিষয়ে ধনীৰাম বৰুৱাই ভালদৰেই জানে৷ নহ’লে তেওঁ উদ্ভাৱন কৰা হাৰ্ট ভাল্‌ভ কোনো চিকিৎসালয়ে ব্যৱহাৰ নকৰিলেহেঁতেন৷ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত সেই পদ্ধতিৰ জৰিয়তেই ধনীৰাম বৰুৱাৰ হাৰ্ট ভাল্‌ভ বজাৰলৈ বা চিকিৎসা ব্যৱস্থালৈ আহিছিল৷ সকলো জানিও ধনীৰাম বৰুৱাই তেওঁৰ কৰ্কট ৰোগ নিৰাময়ৰ পদ্ধতি, এইচ আই ভি নিগেটিভ কৰাৰ প্ৰক্ৰিয়া কোনো মেডিকেল জাৰ্নালত প্ৰকাশ নকৰা, কোনো আন্তঃৰাষ্ট্ৰীয়  চিকিৎসা সন্মিলনত প্ৰকাশ নকৰাৰ আঁৰতে লুকাই আছে তেওঁৰ সংবাদমেল যোগেহে নিজৰ কীৰ্তি প্ৰকাশ কৰাৰ ৰহস্য৷