Logo
image

মুখ্যমন্ত্ৰীৰ দাম কিমান? নিজেই জনালে হিমন্তবিশ্বই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮  নৱেম্বৰঃ ৰাজ্যত এতিয়া চৌদিশে মূল্যবৃদ্ধিৰ জুই৷ চাউল-দাইলৰ পৰা তেল-মচলালৈ, শাক-পাচলিৰ পৰা মাছ মাংসলৈ, বিদ্যুৎ মাচুলৰ পৰা ইন্ধনলৈ একোৰেই দাম দিনটোৰ বাবেও নিশ্চিত নহয়৷ পুৱা যদি এটা গধূলিলৈ আন এটা৷ এনে সময়তে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰণ কৰিলে তেওঁৰ দাম কিমান৷ বদৰুদ্দিন আজমলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিনি পেলাম বুলি কৰা মন্তব্যৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে নিজেই নিৰ্ধাৰণ কৰিলে দাম৷ তেওঁ কয়– আজমলে মোক কিনিব পাৰিলে ভালেই পাম৷ মোৰ দৰে ১০জন মুখ্যমন্ত্ৰীক কিনিবলৈ আজমলক ১৫ লাখ কোটি টকা লাগিব৷ এজন মুখ্যমন্ত্ৰীৰ বাজেট হৈছে ডেৰ লাখ কোটি টকা৷ হিমন্তক কিনিব পাৰে বেলেগ কথা৷ মই সৰু মানুহ কিনিব পাৰে৷ কিন্তু ১০জন মুখ্যমন্ত্ৰীক যদি কিনে তেতিয়াহ’লে আজমলক ১৫ লাখ কোটি টকা লাগিব৷ ইমান টকা তেওঁৰ আছে নে নাই? আছে যদিও ভালেই৷ মই বিক্ৰী যাবলৈ সাজু আছোঁ৷ আজমলে কিনিলে মই বিক্ৰী হ’ম৷ উল্লেখ্য, দিনদিয়েক পূৰ্বে বদৰুদ্দিন আজমলে কৈছিল– মিঞা নহ’লে কবৰস্থান হ’ব গুৱাহাটী৷ পৰৱৰ্তী সময়ত আন এখন সভাত আজমলে কয়– মই কিনি পেলাম হিমন্ত বিশ্ব শৰ্মাক৷ হিমন্ত বিশ্ব শৰ্মাৰ দৰে বহু মুখ্যমন্ত্ৰীক কিনাৰ ক্ষমতা আল্লাই দিছে৷ এনে মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী শৰ্মাই নিৰ্ধাৰণ কৰিলে নিজৰ দাম৷