Logo
image

শীৰ্ষ আৰক্ষীলৈ আহে ধন, গুৱাহাটীৰ পৰাই নিয়ন্ত্ৰিত হৈছে কয়লা ছিণ্ডিকেট

প্ৰতিবেদনঃ১

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজ্যত অবৈধ কয়লাৰ সৰবৰাহৰ ছিণ্ডিকেট চক্ৰই মূৰ দাঙি উঠিছে৷ এইবাৰ এই কয়লাৰ ছিণ্ডিকেটৰ নেতৃত্ব লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খোদ অসম আৰক্ষীৰ এজন শীৰ্ষ অনা-অসমীয়া বিষয়াৰ বিৰুদ্ধে৷ ৰাজ্যৰ ঘাইকৈ দুটা স্থানৰ পৰা এই কয়লাৰ অবৈধ ছিণ্ডিকেট গঢ়ি উঠাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ এক বৰাক উপত্যকা আৰু আন এক গুৱাহাটীৰ বেলতলা৷ উত্থাপিত অভিযোগ অনুসৰি বেলতলাত মেঘালয়ৰ পৰা প্ৰৱেশ কৰা অভাৰ ল’ডিংযুক্ত আৰু চালানবিহীন প্ৰতিখন  ট্ৰাকৰ পৰা এই ছিণ্ডিকেট চক্ৰটোৱে ২০ৰ পৰা ৩০ হাজাৰকৈ টকা সংগ্ৰহ কৰি উক্ত ধন গুৱাহাটীৰ এজন ব্যৱসায়ীক অৰ্পণ কৰে৷ তেওঁৰ যোগেদি উক্ত ধন শীৰ্ষ আৰক্ষী বিষয়াজনে লাভ কৰে৷ এই ছিণ্ডিকেট চক্ৰটোক সন্মুখৰ পৰা নেতৃত্ব দিয়ে শিৱসাগৰ জিলাৰ মৰাণ চেপনৰ জনৈক চেতিয়া আৰু ছয়মাইলৰ এটা ট্ৰেক্টৰ শ্ব’ৰূমৰ স্বত্বাধিকাৰী জনৈক পাঠকে৷ পূৰ্বে এই অবৈধ ছিণ্ডিকেট চক্ৰটোৰ লগত বেলতলাৰ স্থানীয় কিছু যুৱক জড়িত হৈ আছিল যদিও বৰ্তমান এই চক্ৰটোৰ লগত জড়িত হৈ পৰিছে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ একাংশ যুৱক৷ তদুপৰি মেঘালয়ৰ পৰা বেলতলা হৈ পোনে পোনে এই অবৈধ কয়লাৰ ট্ৰাকসমূহ জালুকবাৰীলৈ যায়৷ জালুকবাৰীৰ পৰা এই ছিণ্ডিকেট চক্ৰটোৱে ২০ হাজাৰ টকাৰ বিনিময়ত এই ট্ৰাকসমূহ শ্ৰীৰামপুৰ গেট পাৰ কৰোৱাই বহিঃৰাজ্যলৈ প্ৰেৰণ কৰে৷ এইদৰে চক্ৰটোৱে প্ৰতি নিশাই প্ৰায় ৪০-৫০ লাখ টকা সংগ্ৰহ কৰে৷ উল্লেখযোগ্য যে,পূৰ্বৰ ছিণ্ডিকেটৰ লগত জড়িত বেলতলাৰ স্থানীয় যুৱকসকলক এইবেলি এই চক্ৰটোৱে সমূলি নস্যাৎ কৰি অনা-অসমীয়া শীৰ্ষ আৰক্ষী বিষয়া, অনা-অসমীয়া ব্যৱসায়ী আৰু আমোলাই এই ছিণ্ডিকেট আৰম্ভ কৰাৰ ফলত এই বিষয়টোক লৈ সমগ্ৰ বৰ্ণিহাটৰ পৰা বেলতলা অঞ্চলতেই এক চেপা উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে৷ সেয়ে এই অবৈধ কয়লাৰ ছিণ্ডিকেটক লৈ অঞ্চলটোত যিকোনো সময়তেই এক সংঘাত হৈ আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টিৰ আশংকা হৈছে৷ পিছে স্বয়ং আৰক্ষীৰ শীৰ্ষ বিষয়া যেতিয়া নিজে কয়লাৰ ধন সংগ্ৰহত জড়িত, য’ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কথা বাৰে বাৰে উল্লেখ হয়, তাত এই পৰিস্থিতিয়ে গুৰুত্ব নাপায়৷ ইপিনে, মেঘালয়ৰ পৰা কৰিমগঞ্জ জিলাৰ মালিধৰ চেক্‌-প’ষ্ট পাৰ কৰাবলৈ এই ছিণ্ডিকেট চক্ৰটোৱে প্ৰতিখন অবৈধ কয়লাভৰ্তি ট্ৰাকৰ পৰা ৭০ হাজাৰকৈ টকা সংগ্ৰহ কৰে৷ এই বৰাকৰ কয়লা ছিণ্ডিকেট চক্ৰটোৰ মধ্যভোগী জনৈক কলিতা বুলি জানিব পৰা গৈছে৷  উল্লেখযোগ্য যে বৈধ-অবৈধ সকলো কয়লা ব্যৱসায়ক নিয়ন্ত্ৰণ কৰা এই চক্ৰটোৱে তেওঁলোকৰ মূৰত মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে বুলি দাবী কৰে৷ আনকি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ নামত এটা বুজন অংকৰ ধন প্ৰতিদিনে সংগ্ৰহ কৰা হয়৷ 

স্বচ্ছ আৰু নিকা প্ৰশাসন তথা শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱাল চৰকাৰ এই সমগ্ৰ ক’লা ব্যৱসায় তথা মাফিয়া চক্ৰৰ কাণ্ডক লৈ সঁচাকৈয়ে অজ্ঞ নে? পৰৱৰ্তী সংখ্যাত তথ্যসহ এক বিস্তৃত প্ৰতিবেদন৷