Logo
image

ভয়ংকৰ প্ৰদূষণ, ক্ৰিকেট বিশ্বকাপলৈও ভাবুকি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ নৱেম্বৰঃ ভাৰতত মহা আড়ম্বৰেৰে চলি থকা বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আয়োজকৰ ৰং-ৰূপ, জাক-জমকতাৰ কোনো ঘাটি নাই৷ পিছে এপিনে মহা আয়োজনেৰে বিশ্বকাপৰ মেচ চলিছে আৰু আনপিনে দেশখনৰ চহৰে চহৰে হোৱা ভয়ানক বায়ু প্ৰদূষণত প্ৰতিযোগিতাত ভাগ লোৱা ক্ৰিকেটাৰসকল কাহিল হৈ পৰিছে৷ বায়ু প্ৰদূষণত কাবু হৈ বেন ষ্টোকছে ফিল্ডৰ মাজতে ইনহেলাৰ লৈ থকা আৰু শ্ৰীলংকাৰ ক্ৰিকেটাৰে অনুশীলনত মাস্ক পৰিধান কৰি থকা ফটো দেশে-বিদেশে প্ৰকাশ পোৱাত আয়োজক ভাৰতে লজ্জাত মুখ ঢাকিবলগীয়া হৈছে৷ কেৱল সেয়াই নহয়, দিল্লীত মঙলবাৰে মেচ খেলা বাংলাদেশৰ ক্ৰিকেটাৰে প্ৰদূষণত আতংকিত হৈ আগদিনা দলৰ অনুশীলনেই বাতিল কৰাত বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিন্তু আয়োজক দেশখনৰ এই পৰিস্থিতিক লৈ বিশেষ ভ্ৰূক্ষেপ চকুত পৰা নাই৷ কিয়নো প্ৰতিখন মেচৰ শেষত আৰু বাউণ্ডেৰী-ছিক্সাৰৰ সময়ত ষ্টেডিয়ামত কুইণ্টলে কুইণ্টলে আতচবাজী জ্বলাই আয়োজকে বিশ্বকাপ উদ্‌যাপনৰ আনন্দৰ বৰ্হিপ্ৰকাশ ঘটাইছে আৰু তাৰ ফলত প্ৰদূষণৰ মাত্ৰা অধিক বৃদ্ধি পাইছে৷

২০৩৬ চনত অলিম্পিক আয়োজনৰ সপোন দেখা ভাৰতৰ বাবে চলিত বিশ্বকাপে বিশ্বৰ অন্যান্য দেশলৈ মুঠেই ইতিবাচক বাৰ্তা কঢ়িয়াই নিব পৰা নাই৷ ভাৰতত বিশ্বকাপ খেলি থকা প্ৰত্যেকটো দলৰ দেশৰ ক্ৰিকেট কতৃৰ্পক্ষ ভাৰতৰ চহৰে চহৰে ভয়ানক প্ৰদূষণ বিয়পি পৰাৰ বিষয়ে অতি ভালদৰেই জ্ঞাত৷ আনকি ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আই চি চিও ভাৰতৰ বিভিন্ন চহৰৰ সাম্প্ৰতিক ভয়ানক প্ৰদূষণত উদ্বিগ্ন৷ সেয়ে যোৱা মঙলবাৰে দিল্লীত মেচখন অনুষ্ঠিত কৰিব পৰা হ’ব নে নহ’ব সেই লৈয়ো খবৰ কৰিছিল আইচিচিয়ে৷ ইংলেণ্ডৰ মিডিয়াত ভাৰতৰ এই ভয়ংকৰ প্ৰদূষিত পৰিস্থিতি আৰু তাৰ মাজতে বিশ্বকাপ অনুষ্ঠিত হৈ থকাৰ খবৰ প্ৰকাশ পাইছে৷ ব্ৰিটিছ সংবাদ মাধ্যমৰ মতে, তেওঁলোকৰ ক্ৰিকেট ব’ৰ্ডে ইংৰাজ দলটোৰ ক্ৰিকেটাৰক ইনহেলাৰ ল’বলৈ নিৰ্দেশ দিছে৷ যোৱা মঙলবাৰে মেচৰ পূৰ্বে বাংলাদেশৰ দলটোৱেও দিল্লীত নিজৰ অনুশীলন বাতিল কৰে প্ৰদূষণৰ বাবে৷ অতি প্ৰদূষিত পৰিৱেশত অনুশীলন কৰিলে স্বাস্থ্যহানিৰ ভয় আৰু মেচৰ দিনটোত অসুস্থ হৈ পৰাৰ আশংকাতে আগদিনা বাংলাদেশৰ ক্ৰিকেটাৰ হোটেলৰ ৰূমৰ পৰা ওলোৱা নাছিল৷ ইপিনে, বেংগালুৰুত অনুশীলনৰ সময়ত বেন ষ্টোক্‌ছৰ উপৰি ইংলেণ্ড দলৰ বহু খেলুৱৈয়ে ইনহেলাৰ ব্যৱহাৰ কৰিছিল৷ খেলৰ সময়ত বা অনুশীলনৰ সময়ত অধিক শাৰীৰিক পৰিশ্ৰম হ’লে দেহত অক্সিজেন সৰহকৈ লাগে৷ কিন্তু ভাৰতৰ চহৰত এতিয়া উশাহত অক্সিজেন পোৱাই টান৷ অক্সিজেন দুৰ্লভ হৈ পৰা পৰিৱেশত সেয়ে বিশ্বকাপত ভাগ লোৱা ক্ৰিকেটাৰে ইনহেলাৰৰ সহায়ত শৰীৰক অতিৰিক্ত অক্সিজেন যোগান দিবলগীয়া হৈছে৷ তদুপৰি প্ৰদূষিত বায়ুয়ে যাতে হূদযন্ত্ৰ আৰু হাঁওফাঁওৰ ক্ষতিসাধন নকৰে, সেয়া নিশ্চিত কৰিবলৈকো বিশ্বকাপত ভাগ লোৱা ক্ৰিকেটাৰে ইনহেলাৰ ব্যৱহাৰ কৰিবলগীয়া হৈছে৷ বহু ক্ৰিকেটাৰে আৰু দলৰ ছাপ’ৰ্ট ষ্টাফে অনুশীলনৰ সময়ত মাস্ক পৰিধান কৰিবলৈ বাধ্য হৈছে৷ কিন্তু মাস্ক পিন্ধি অনুশীলন আৰু আশানুৰূপ প্ৰদৰ্শন সম্ভৱ নহয়, কিয়নো মাস্কৰ মাজেৰে শৰীৰলৈ যোৱা শ্বাসত অক্সিজেনৰ পৰিমাণো কমি যায়৷ অতিমাত্ৰা প্ৰদূষণত অক্সিজেন কমকৈ গ’লেও যাতে শৰীৰত বিষাক্ত বায়ু অধিক নোসোমায় সেয়া নিশ্চিত কৰিবলৈ মাস্ক প্ৰয়োজনীয়, কিন্তু তীব্ৰ বেগত ৰান-আপ লোৱা বলাৰ বা ৰানৰ বাবে দৌৰি থকা বেটাৰক মাস্কে পূৰ্ণ সমতাৰে প্ৰদৰ্শন আগবঢ়োৱাৰ সুযোগ নিদিয়ে৷ সাধাৰণভাৱে চলা-ফুৰা লোকৰ ক্ষেত্ৰত মাস্কৰ যিমান সুবিধা, খেলুৱৈৰ খেলত সিমানেই অসুবিধা৷

২০৩৬ চনত অলিম্পিক আয়োজনৰ বাবে চেষ্টা চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য চহৰ আহমেদাবাদে৷ কিন্তু এতিয়া বিশ্বকাপ ক্ৰিকেটত যিদৰে দেশৰ চহৰত প্ৰদূষণে ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিছে, যিদৰে বিশ্বৰ আগশাৰীৰ ক্ৰিকেটাৰ প্ৰদূষিত বায়ুৰ ফলত কাহিল হৈ পৰিছে, সেই পৰিস্থিতিলৈ চাই ভাৰতক অলিম্পিক আয়োজনৰ সুযোগ দিয়া অসম্ভৱ বিষয় হৈ পৰিব পাৰে৷ কিয়নো ভয়ংকৰ প্ৰদূষণৰ মাজত বিশ্বকাপ চলি থকা অৱস্থাত আয়োজকে প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণৰ সলনি ষ্টেডিয়ামত আতচবাজী ফুটাই প্ৰদূষণৰ মাত্ৰা বঢ়াইহে তুলিছে৷ আয়োজনৰ জাকজমকতা প্ৰমাণ কৰিবলৈ এইদৰে ষ্টেডিয়ামত কুইণ্টলে কুইণ্টলে আতচবাজীৰ খাৰ পুৰি ভাৰতৰ বিশ্বকাপ আয়োজকে বিশ্বৰ পৰিৱেশ সচেতন ক্ৰীড়া সংগঠনক ভাৰত সফল আয়োজক বুলি পতিয়ন নিয়াব পৰা নাই৷ এই আতচবাজী ভাৰতৰ বিশ্বকাপ আয়োজক ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ বাবে হাতৰ কুঠাৰ ভৰিত মৰাৰ দৰেহে হৈছে, কাৰণ এই কাৰ্যকলাপত তেওঁলোকৰ দায়িত্বজ্ঞানহীনতা তেনেই মুকলি হৈ পৰিছে৷ অলিম্পিক আয়োজনৰ সুযোগ পালেও ভাৰতীয় ক্ৰীড়া উদ্যোক্তাৰ এই স্বভাৱ-চৰিত্ৰ অহা ১৩ বছৰত সংশোধন হোৱা সম্ভৱ নহয়৷

প্ৰসংগতঃ দিল্লীৰ বায়ুৰ গুণগত মান বা ‘এয়াৰ কোৱালিটী ইনডেক্স’ (একিউ আই) বুধবাৰে পুৱা ৫১২৷ বিশ্বকাপ অনুষ্ঠিত হোৱা সকলো চহৰৰ ভিতৰত সৰ্বাধিক প্ৰদূষিত হৈছে দিল্লী৷ দ্বিতীয় স্থানত আছে লক্ষ্ণৌ, যাৰ একিউ আই ২৭৪, দ্বিতীয় স্থানৰ কলকাতাৰ ২০৫ আৰু অলিম্পিক আয়োজনৰ সপোন দেখা আহমেদাবাদ আছে ১৮৬ একিউআইৰে চতুৰ্থ স্থানত৷ তাৎপৰ্যপূৰ্ণ যে বিশ্বকাপ অনুষ্ঠিত হোৱা ১০খন চহৰৰ ভিতৰত একিউ আই ৫০১ তলত থকা একমাত্ৰ চহৰ হৈছে বেংগালুৰু, য’ৰ ৩৫ একিউআইত ব্ৰিটিছ ক্ৰিকেটাৰ বেন ষ্টোক্‌ছে অনুশীলনত ইনহেলাৰ ল’বলগীয়া হৈছে৷ বিশ্বকাপ হোৱা মুম্বাইত একিউআই ১৫১, পুনেত ৭৮, হায়দৰাবাদত ৬০, ধৰ্মশালা ৬৩ আৰু চেন্নাইত ৫৪৷ পৰিৱেশবিদৰ মতে বায়ুৰ গুণগত মান ৫০১ তলত থাকিলে তাক সাধাৰণ বুলি ধৰা হয়৷ সেই দিশৰ পৰা বিশ্বকাপ আয়োজিত ১০খন চহৰৰ ভিতৰত ৯ খনেই প্ৰদূষিত৷