Logo
image

ডাঃ ধনীৰামক আন্ধাৰত ৰাখি ভুৱা তথ্য দিছিল দুই প্ৰাক্তন সহযোগীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ নৱেম্বৰঃ বিতৰ্কিত চিকিৎসক ডাঃ ধনীৰাম বৰুৱাৰ চিকিৎসা কীৰ্তি আৰু সাফল্যক লৈ মঙলবাৰে মহানগৰীৰ এখন হোটেলত যিখন সংবাদমেলৰ আয়োজন কৰা হৈছিল, সেই সংবাদমেলক লৈ নতুন ৰহস্যৰ সৃষ্টি হৈছে৷ কিয়নো বুধবাৰে ডাঃ ধনীৰাম বৰুৱাই স্বাক্ষৰ কৰা আৰু মোহৰ মৰা এখন স্পষ্টীকৰণত জনোৱা হৈছে, সেই সংবাদ মেল স্বয়ং ধনীৰাম বৰুৱাক আন্ধৰত ৰাখি অনুষ্ঠিত কৰা হৈছিল৷ ডাঃ ধনীৰাম বৰুৱাৰ সৈতে যোগাযোগ কৰাত তেওঁৰ সহযোগী ডালিমী বৰুৱায়ো সেই কথা জনাইছে৷ স্পষ্টীকৰণত জনোৱা অনুসৰি উক্ত সংবাদ মেল সন্দৰ্ভত ডাঃ ধনীৰাম বৰুৱা অজ্ঞাত৷ আনকি তেওঁৰ চিকিৎসা প্ৰতিষ্ঠানৰ কোনো স্বীকৃতিপ্ৰাপ্ত কৰ্মচাৰীক ডাঃ বৰুৱাই তেনে কোনো সংবাদমেল অনুষ্ঠিত কৰিবলৈ অনুমতি দিয়া নাছিল৷ যি অকতৃৰ্ত্বশীল ব্যক্তিয়ে এই সংবাদমেলখন আয়োজন কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে শীঘ্ৰে আইনী ব্যৱস্থা ল’ব বুলিও তেওঁ স্পষ্টীকৰণত জনাইছে৷ 

আনহাতে ডাঃ ধনীৰাম বৰুৱাৰ সহযোগী ডালিমী বৰুৱাৰ মতে মানস প্ৰতীম বৰা নামৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে এই কাণ্ড সংঘটিত কৰিছে৷ তেওঁক ইতিপূৰ্বে চিকিৎসা প্ৰতিষ্ঠানৰ পৰা অপসাৰণ কৰা হৈছে৷ তথাপি তেওঁ আন এগৰাকী অপসাৰিত কৰ্মচাৰী ড॰ ছাই গীতাৰ সৈতে লগলাগি এনে কাণ্ড সংঘটিত কৰি আছে৷ ডালিমী বৰুৱাৰ দাবী, ড॰ ছাই গীতা চিকিৎসক নহয়, পিএইছডিহে৷ তেওঁ এসময়ত ডাঃ ধনীৰাম বৰুৱাৰ চিকিৎসা প্ৰতিষ্ঠানৰ কৰ্মচাৰী আছিল যদিও এতিয়া তেওঁ অপসাৰিত৷ ড॰ ছাই গীতা ডাঃ ধনীৰাম বৰুৱাৰ প্ৰতিষ্ঠানৰ চৌহদৰ ভিতৰতে থাকে আৰু মানস প্ৰতীম বৰাই এনেদৰে ৰোগী ধৰি-বান্ধি নি ড॰ ছাই গীতাৰ দ্বাৰা চিকিৎসা কৰোৱায়৷ এনে কাণ্ডৰ বাবে ডাঃ ধনীৰাম বৰুৱাৰ গোচৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে দুবাৰো মানস প্ৰতীম বৰাক গ্ৰেপ্তাৰ কৰা বুলি ডালিমী বৰুৱাই দাবী কৰে৷ তাৎপৰ্যপূৰ্ণ এয়াই যে, স্পষ্টীকৰণত আজি ডাঃ ধনীৰাম বৰুৱাই যিখন পেড ব্যৱহাৰ কৰিছে, ঠিক অনুৰূপ এখন পেডতে মঙলবাৰৰ সংবাদমেললৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছিল৷ তাত অৱশ্যে ধনীৰাম বৰুৱাৰ স্বাক্ষৰ আৰু মোহৰ নাছিল, আছিল ‘এছ এ আহমেদ’ বুলি এটা স্বাক্ষৰ৷ সেই সংবাদ মেলত ড॰ ছাই গীতাও উপস্থিত আছিল৷