Logo
image

ক্ৰমাৎ সুস্থ হৈ উঠিছে জুবিন গাৰ্গ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ৰমাৎ সুস্থ হৈ উঠিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। বৃহস্পতিবাৰে আই চি ইউতে চলচ্চিত্ৰৰ সংলাপ লিখিলে জুবিন গাৰ্গে। শিল্পীজনে লঘু আহাৰো গ্ৰহণ কৰিছে৷ সকলো ঠিকে ঠাকে থাকিলে শুকুৰবাৰে জুবিন গাৰ্গক ঘৰলৈ যোৱাৰ অনুমতি দিয়া হ'ব। এতিয়া জুবিন গাৰ্গক কিছুদিন বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছে নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে। সেয়েহে জুবিন গাৰ্গৰ সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাৰ লগতে চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আদিৰ কামো কিছুদিনৰ বাবে স্থগিত ৰখা হৈছে। 

জুবিন গাৰ্গে শেহতীয়াকৈ 'চিকাৰ' চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত থকাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানত ব্যস্ত আছিল। উল্লেখ‍্য, বুধবাৰে ষ্টুডিঅ'ত কাম কৰি থাকোতে হঠাত্‍ অসুস্থ হৈ পৰিছিল জনপ্ৰিয় শিল্পীজন। তেওঁক ততাতৈয়াকৈ গুৱাহাটীৰ ভঙাগড়স্থিত নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। সকলো পৰীক্ষাৰ অন্তত শিল্পীজনৰ মাইল্ড চিজাৰ এটেক হোৱা বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

নেমকেয়াৰ হাস্পতালৰ চাৰিজনীয়া নিউৰ’ বিশেষজ্ঞৰ এটা দলৰ তৎপৰতাত যুৱ প্ৰজন্মৰ জনপ্ৰিয় শিল্পীজন ক্ৰমাৎ সুস্থ হৈ উঠিছে। যুৱ প্রজন্মৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ক্ৰমাৎ সুস্থ হৈ অহাৰ খবৰ লাভ কৰি তেওঁক অনুৰাগী, গুণমুগ্ধ সকল উৎফুল্ল হৈ উঠিছে।