Logo
image

কলম্বোত উজলিল অসমৰ ৪ শিক্ষাৰ্থী

ডিজিটেল সংবাদ, গুৱাহাটীঃ শ্রীলংকাৰ কলম্বোত অনুষ্ঠিত ছিপ এবকাছ এণ্ড মেণ্টেল এৰিথমেথিক আন্তর্জাতিক প্রতিযোগিতাত গণেশগুৰি ছিপ এবকাছৰ ৪ শিক্ষাৰ্থীয়ে চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে৷ যোৱা ২২ অক্টোবৰত কলম্বোত অনুষ্ঠিত হৈছিল ছিপ একাডেমীৰ দ্বাৰা আয়োজিত এই প্রতিযোগিতা৷ চেম্পিয়নৰ খিতাপ দখল কৰা শিক্ষাৰ্থীকেইগৰাকী হৈছে গুৱাহাটী ছাই বিকাশ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ চন্দ্ৰিল কলিতা, নাৰেংগীৰ এছএফএছ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মাদ্রিদ বৈৰাগী আৰু এনপিএছ ইণ্টাৰনেছনেল স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ হৃয়ান কৌশিক। তিনিওজন ছাত্রই বিভিন্ন শাখাত চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ১০ খন ৰাষ্ট্ৰৰ প্ৰায় এহেজাৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই প্রতিযোগিতাত। ইয়াৰ উপৰি ষষ্ঠ শ্ৰেণীৰ ছাত্র বিভাষ ৰয়ে নিজৰ শাখাত বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হয়।