Logo
image

এপিএছচিত অভিযুক্ত বিষয়াৰ বিৰুদ্ধে হ’ব বিভাগীয় তদন্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ নৱেম্বৰঃ বিভাগীয় তদন্তৰ জৰিয়তে ২০১৩ বৰ্ষৰ এপিএছচি পৰীক্ষাত উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতিৰে বাছনি লাভ কৰা পাল সেনাৰ ৩৪ অভিযুক্ত ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে৷ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা ৩৪ ৰাজপত্ৰিত বিষয়াক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিগত দুটা বছৰে ৰক্ষণাবেক্ষণ দি ৰখাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এইবাৰ অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে দিছপুৰ৷ এই সন্দৰ্ভতমুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে বৃহস্পতিবাৰে এটা প্ৰেছ বিবৃতিৰ জৰিয়তে এপিএছচিৰ অনিয়মৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ হাতত লোৱা বুলি সদৰী কৰিছে৷ বিবৃতিটোত মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে উল্লেখ কৰিছে এইদৰে–‘অসম চৰকাৰে এ পি এছ চিৰ ২০১৩ বৰ্ষৰ এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বাবে নিৰ্বাচিত ৩৪ জন বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লৈছে৷ ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদনৰ আধাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে চৰকাৰে এই উদ্যোগ গ্ৰহণ কৰিছে৷ সমগ্ৰ বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী শৰ্মাই কঠোৰ স্থিতি লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে৷ একেদৰে ২০১৫ বৰ্ষৰ ১২ মে’ত ফলাফল ঘোষণা কৰা এ পি এছ চিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ টেবুলেশ্বন শ্বীটত নম্বৰৰ বিসংগতিত নাম সাঙোৰ খোৱা বিষয়াৰ বিৰুদ্ধেও আয়োগৰ প্ৰতিবেদনমৰ্মে ব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা হৈছে৷ ২০১৩ আৰু ২০১৪ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ঘটা অনিয়ম সন্দৰ্ভত ইতিমধ্যে ৫৭ জন এ চি এছ, এ পি এছ আৰু অন্যান্য সেৱাৰ বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷’ অৱশ্যে বিবৃতি জৰিয়তে মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষে ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰিলেও বিভাগীয় কাৰ্যব্যৱস্থা কি ধৰণৰ হ’ব সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই৷ পূৰ্বে এপিএছচিৰ কেলেংকাৰি গোচৰটোত একে অপৰাধৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে ৩৯ জন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতেই সৰ্বানন্দ সোণোৱাল চৰকাৰে তাৎক্ষণিকভাৱে আটাইকেইজন অভিযুক্তকে চাকৰিৰ পৰা বহিষ্কাৰ কৰিছিল৷ কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰাৰ পাছতো ৩৪ ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে কেৱল বিভাগীয় তদন্তৰ জৰিয়তে  অনিয়মৰ পৰিসমাপ্তি ঘটাব বিচাৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী কোষৰ বিবৃতিটোত বক্ৰ পথেৰে চাকৰি লোৱা বিষয়াৰ ক্ষেত্ৰত আৰক্ষীৰ দ্বাৰা আইনী ব্যৱস্থা গ্ৰহণৰ কোনো কথা উল্লেখ নকৰাত স্বভাৱিকতেই সচেতন মহলৰ মনত প্ৰশ্নৰ উন্মেষ ঘটিছে৷  কিয়নো শেহতীয়াকৈ এপিএছচিৰ কেলেংকাৰিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ৰহস্যজনক স্থিতি গ্ৰহণ কৰি অহাই নহয়, সৌ সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ন্যায়িক আয়োগৰ পৰামৰ্শ মৰ্মে বিষয়াসকলক চাকৰিৰ পৰা খাৰিজ কৰাটো জটিল বুলিহে উল্লেখ কৰিছিল৷ আনকি মুখ্যমন্ত্ৰীয়ে বিষয়াসকলৰ পৰিয়াল আৰু সন্তান থকাৰ কথা অজুহাতেৰে মানবীয় দিশটোক চাব লাগিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল৷ তদুপৰি এপিএছচি কেলেংকাৰি গোচৰত ন্যায়ালয়তো আইনী যুঁজত চৰকাৰে কিছু দুৰ্বল স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছিল৷ পূৰ্বে এপিএছচিৰ গোচৰটোত অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ তথা প্ৰখ্যাত অধিবক্তা মনিন্দৰ সিঙক নিয়োগ কৰিছিল যদিও এতিয়া ৰাজ্য চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা নলীন কোহলীয়ে আইনী যুঁজত চলাই থকাক লৈ আইনী মহলতো চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ অৱশ্যে ইয়াৰ মাজতে গ্ৰেপ্তাৰ হোৱা কেইবাজনো বিষয়াই শ্ব’কজ তথা বিভাগীয় তদন্ত অবিহনে চাকৰিৰ পৰা বহিষ্কাৰ কাৰ্যক বেআইনী বুলি অভিযোগ তুলি পুনৰ চাকৰি ঘূৰাই বিচাৰি শেহতীয়াকৈ উচ্ছ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল৷ অৱশ্যে এই গোচৰটোৰ শুনানিত উচ্ছ ন্যায়ালয়ত অসম চৰকাৰে জালিয়াতিৰে বাছনি লাভ কৰাৰ বাবে বহিষ্কাৰ কৰা বিষয়া কেইজনৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ কোনো প্ৰয়োজন নাই বুলিও স্থিতি স্পষ্ট কৰিছিল৷ কিন্তু ন্যায়ালয়ক ৰাজ্য চৰকাৰে অভিযুক্তক গ্ৰেপ্তাৰ আৰু চাকৰিৰ পৰা বহিষ্কাৰৰ সন্দৰ্ভত এই যুক্তি দাঙি ধৰাৰ পাছত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা বাকী ৩৪ বিষয়াৰ ক্ষেত্ৰত কেৱল  বিভাগীয় তদন্তৰে কেলেংকাৰিৰ পৰিসমাপ্তি ঘটাব বিচৰা কাৰ্যত প্ৰতিক্ৰিয়া ব্যক্তি কৰিছে এপিএছচিৰ অনিয়মক লৈ প্ৰথমৰে পৰা মতে মাতি অহা ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংস্থাটোৱে৷ এই সন্দৰ্ভত সংস্থাটোৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই এটা বিবৃতিত কয়– ‘অসম চৰকাৰে ২০১৩ বৰ্ষৰ এপিএছচিত জালিয়াতিৰে চাকৰি লোৱা ৩৪ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে৷ অৰ্থাৎ সেই ৩৪ জন দোষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা অৰ্থাৎ ডিপাৰ্টমেণ্টল প্ৰচিডিঅ’ৰ গ্ৰহণ কৰাৰ কথা কৈছে৷  কিন্তু এই বিষয়টো আমাৰ বাবে হাস্যকৰ৷ কিয়নো বিভাগীয় কাৰ্যব্যৱস্থা সদায় চৰকাৰী বিষয়াৰ কৰ্মৰত অৱস্থাত অনিয়মৰ ক্ষেত্ৰতহে  প্ৰযোজ্য হয়৷ যিসকলে জালিয়াতিৰে বা প্ৰৱঞ্চনাৰে পৰীক্ষাত ৬খনৰ ঠাইত ৮ খন উত্তৰ বহীৰে বাছনি লাভ কৰে, তেওঁলোকৰ বাবে বিভাগীয় তদন্তৰ কোনো প্ৰয়োজন নাই৷ আমি আগতেই কৈছিলো যে চৰকাৰে ৩৪ বিষয়াৰ ক্ষেত্ৰত এনে চতুৰালি কৰিব৷  এনে বিভাগীয় তদন্ত মীন বিভাগ, এছটিচিৰ ৭০০ যুৱক-যুৱতীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সময়ত কিয় কৰা নহ’ল? অথচ মীন বিভাগ বা এ এছ টি চিৰ উক্ত চাকৰিৰ পৰীক্ষাত ৰাকেশ পালৰ দৰে ধন দি কোনো বিষয়া গ্ৰেপ্তাৰো হোৱা নাছিল৷ তাৰ পাছতো এনে পৰীক্ষাৰ ক্ষেত্ৰত বিভাগীয় তদন্তৰ প্ৰয়োজন নাই আৰু ইয়াৰ বিপৰীতে জালিয়াতিৰে চাকৰি লোৱা ৩৪ বিষয়াৰ ক্ষেত্ৰতে  বিভাগীয় তদন্তৰ প্ৰয়োজন কিয়? তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে৷ একে দোষত ২০১৩ বৰ্ষৰ ৩৯জনক যদি গ্ৰেপ্তাৰ কৰিব পাৰে বাকী ৩৪ জনক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ কাৰণ কি? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ স্বৰূপ এতিয়া নিলজ্জভাৱে স্পষ্ট হৈ পৰিছে৷ সাহস আছে যদি চৰকাৰে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনখন ৰাজহুৱা কৰক আৰু প্ৰতিবেদনখন কাৰ্যকৰী কৰি দেখুৱাওক৷’ লক্ষণীয়ভাৱে ৰাজ্যৰ কেবিনেটে এপিএছচি কেলেংকাৰিৰ সন্দৰ্ভত তদন্ত কৰিবলৈ শেহতীয়াকৈ ৬ জনীয়া এছআইটি গঠন কৰিছিল৷ চলিত বৰ্ষৰ জুলাইত জ্যেষ্ঠ আইপিএছ  বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত এই এছআইটি গঠন কৰিছিল৷  কিন্তু এছআইটিয়ে ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা ৩৪ বিষয়াক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ২০১৩ বৰ্ষৰ এপিএছচি পৰীক্ষাত বাছনি লাভ কৰা সকলো প্ৰাৰ্থীৰে উত্তৰ বহী পৰীক্ষা কৰি প্ৰক্ৰিয়াটো দীঘলীয়া কৰা বুলিহে অভিযোগ উঠিছিল৷ অৱশ্যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ে ৩৪ বিষয়াৰ বিৰুদ্ধে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ পাছতেই সন্ধিয়া চিআইডিৰ মুখ্য কাৰ্যালয়ত এছআইটিয়ে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ এই বৈঠকত অভিযুক্তসকলক গ্ৰেপ্তাৰৰ কিবা সিদ্ধান্ত লৈছে নেকি সেই বিষয়টো জানিব পৰা হোৱা নাই৷