Logo
image

আসন বণ্টনক লৈ মুখ্যমন্ত্ৰীয়ে সময় দিব পৰা নাই অগপক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ নৱেম্বৰঃ আসন ভাগ বতৰোৱাক কেন্দ্ৰ কৰি অগপ, বিজেপি আৰু ইউ পি পি এলৰ মাজত কেতিয়া আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হ’ব? এই বহু চৰ্চিত বৈঠকখনৰ দিন বাৰ এতিয়াও চূড়ান্ত হোৱা নাই৷ বাজপেয়ী ভৱনৰ সূত্ৰৰ মতে প্ৰথম অৱস্থাত ১২ নৱেম্বৰত এই বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া দিপাৱলীৰ পিছতহে এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ মূলতঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যস্ত সূচীৰ বাবে পিছুৱাবলগীয়া হৈছে এই বৈঠকখন৷ মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যস্তসূচীৰ মাজত সময় উলিয়াব পাৰিলেই অনুষ্ঠিত হ’ব তিনি মিত্ৰদলৰ আসন ভাগ বতৰোৱাৰ বৈঠকখন৷ আৰু যদি সকলো ঠিকে থাকে তেন্তে পূৰ্ব পূৰ্ণ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰিয়ে অনুষ্ঠিত হ’ব বৈঠকখন৷ এই বৈঠকখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত যিমানে অনিশ্চয়তাই দেখা দিছে সিমানে বৃদ্ধি পাইছে বিজেপিৰ দুই মিত্ৰদলৰ অস্থিৰতা৷ উল্লেখ্য যে বিগ ব্ৰাডাৰ বিজেপিয়ে ইয়াৰ দুই মিত্ৰদল অগপ আৰু ইউ পি পি এ ক লোকসভাৰ আগন্তুক নিৰ্বাচনত কেইখন আসন এৰি দিব সেই সন্দৰ্ভত আলোচনা কৰিবলৈ বাজপেয়ী ভৱনত অনুষ্ঠিত হ’ব এই গুৰুত্বপূৰ্ণ বৈঠকখন৷ এই বৈঠকখনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও তিনিওটা দলৰ সভাপতি ক্ৰমে ভৱেশ কলিতা, মন্ত্ৰী অতুল বৰা আৰু প্ৰমোদ বড়ো উপস্থিত থাকিব৷ আসনক কেন্দ্ৰ কৰি দুই মিত্ৰদল অগপ আৰু বিজেপিৰ মাজত বৰ্তমানো অব্যাহত আছে টনা আজোৰা৷ এই টনা আজোৰাত শেষ পৰ্যন্ত কোন জয়ী হয় সেইটো অনুষ্ঠিত হ’বলগীয়া বৈঠকত সেয়া স্পষ্ট হ’ব৷ দিনচেৰেক পূৰ্বে অসম বিধানসভা চৌহদত অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যদিও এই বৈঠকত লোকসভাৰ আসনক লৈ এটা শব্দও আলোচনা নহ’ল৷ যাৰ ফলত অগপ আৰু ইউ পি পি এল দলৰ নেতা-কৰ্মীৰ বাবে আগন্তুক বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এক কথাত ক’বলৈ গ’লে অগপ আৰু ইউ পি পি এলৰ আগন্তুক ৰাজনৈতিক ভাগ্য নিৰ্ধাৰণ হ’ব এই বৈঠকখনতে৷ অগপ দলৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই বাৰম্বাৰ দাবী কৰি আছে যে এই পৰ্যন্ত বিজেপি আৰু অগপৰ মাজত আসনক লৈ কোনো ধৰণৰ আলোচনাই হোৱা নাই৷ কিন্তু সভাপতি বৰাৰ এই দাবীৰ বিপৰীতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য সম্পূৰ্ণ বিপৰীত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ মতে আসনৰ ভাগ বতৰোৱা এক প্ৰকাৰে হৈ গৈছে৷ এইক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই দল দুটাৰ মাজত৷ চূড়ান্ত তালিকা নতুন দিল্লীৰ পৰা ঘোষণা হ’ব৷ এই বিষয়ত বিশেষ একো কথা নাই৷ আসনক লৈ এইবাৰ কোনো সমস্যাই নাই৷ আমি ভাই বন্ধুৰ দৰে নিৰ্বাচন খেলিম৷ উল্লেখ্য যে কিছুদিন পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত মাৰাথন বৈঠকতে চূড়ান্ত হৈছিল বিজেপি দলে ইয়াৰ দুই মিত্ৰদল অগপ আৰু ইউ পি পি এলক এৰি দিবলগীয়া আসনৰ বিষয়ে৷ এই গুৰুত্বপূৰ্ণ বৈঠকখনত মুখ্যমন্ত্ৰী ড॰ শৰ্মা আৰু প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাও উপস্থিত আছিল৷ এই বৈঠকৰ পিছতে সভাপতি কলিতাই অগপ দলক এখন আসন এৰি দিয়াৰ কথা ঘোষণা কৰে যদিও এই ঘোষণাক লৈ বিস্ফোৰক ৰূপ ধাৰণ অগপৰ বিধায়ক তথা দলৰ জ্যেষ্ঠ নেতা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ মিত্ৰদল বিজেপিক হুংকাৰ দি বিধায়ক কলিতাই কয়–আমি ৬/৭ টা সমষ্টিত পূৰ্ণ যে নিৰ্বাচনী প্ৰস্তুতি চলাই আছো৷ আমাক অতি কমেও চাৰিখন আসন দিব লাগিব৷ ইয়াৰ পিছত আমাক এখন আসন এৰি দিয়াৰ কথা ক’ব আৰু আমি ক্ষান্ত থাকিম সেইটো হ’ব নোৱাৰে৷ বিধায়ক কলিতাৰ এই ক্ষোভৰ পিছতে নিজৰ পূৰ্বৰ স্থিতি সলনি কৰিবলৈ বাধ্য হয় সভাপতি ভৱেশ কলিতা৷ মিত্ৰদল বিজেপিৰ পৰা সন্মানজনক বন্ধুত্ব বিচাৰিছে অগপদলৰ নেতা-কৰ্মীয়ে৷ ইয়াৰ পিছতো বিজেপিৰ মিত্ৰতা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ প্ৰতিহে ক্ষোভ উজাৰি কয়–‘অসম গণ পৰিষদ দলে কাৰো লগত কম্প্ৰমাইজ কৰা নাই৷ আমি এডজাষ্টমেণ্ট কৰিছো৷ পৰিয়ালতো মানুহে এডভাষ্টমেণ্ট কৰি চলিব লাগে৷ বিজেপিৰ লগত আসন সন্দৰ্ভত এতিয়ালৈ আমাৰ কোনো আলোচনা হোৱা নাই৷ আমি সমষ্টিয়ে সমষ্টিয়ে ছাৰ্ভে কৰাই আছো৷ কোনোবাই আমাক কম্প্ৰমাইজ কৰা, অপমান কৰা বুলি কলেও আমি কেতিয়াও এইবিলাক কথাত বিচলিত নহয়৷ আমাক কোনেও বিচলিত কৰিব নোৱাৰে৷ আমি যিদৰে গৈ আছো সেইদৰে গৈ থাকিম৷ এতিয়া সময় ক’ব অগপই মিত্ৰদল বিজেপিৰ সৈতে আসনক লৈ আপোচ, বুজাপৰা নে আত্ম সমৰ্থন কৰে৷