Logo
image

মহাৰাজক বিচাৰি ‘ব্যক্তিগত’ ভ্ৰমণত আজি পুনৰ অসমত অমিত শ্বাহ

নিৰ্বাচনী ৰাজনীতিৰ বাবে বুধবাৰে পুনৰ অসমলৈ আহিব অমিত শ্বাহ৷ কিন্তু আপোনালোকে জানি আচৰিত হ’ব যে অসমৰ ৰাজনীতিৰ কাৰণে অসমলৈ নাহে অমিত শ্বাহ৷ বংগৰ ৰাজনীতিৰ কাৰণেহে অসমলৈ আহিব অমিত শ্বাহ৷ বিজেপিৰ এক নিৰ্ভৰযোগ্য সূত্ৰই জনোৱা মতে, ১০ফেব্ৰুৱাৰীত অমিত শ্বাহ বিশেষ বিমানযোগে গুৱাহাটীত নামি নিশাটো আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত কটাব৷ ১১ ফেব্ৰুৱাৰীৰ পুৱাই এক ব্যক্তিগত ভ্ৰমণত হেলিকপ্টাৰযোগে তেওঁ চিৰাঙলৈ যাত্ৰা কৰিব৷ চিৰাঙৰ ছাতিপুৰত তেওঁ এজন ব্যক্তিক লগ ধৰিব৷ ব্যক্তিজনৰ ঘৰত অমিত শ্বাহে এসাঁজ খাবও পাৰে৷ ব্যক্তিজনৰ লগত আলোচনা কৰাৰ পাছত গুৱাহাটীলৈ আহি তেওঁ পুনৰ দিল্লীলৈ উভতি যাব৷ অৰ্থাৎ চিৰাঙৰ অখ্যাত এজন ব্যক্তিক লগ ধৰিবলৈ দেশৰ গৃহমন্ত্ৰী আহিব অসমলৈ৷ দলৰ তৰফৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এই ভ্ৰমণ ব্যক্তিগত বুলি দাবী কৰিলেও আমাৰ হাতত আহি পৰিছে কিছু চাঞ্চল্যকৰ তথ্য৷ অমিত শ্বাহে চিৰাঙৰ ছাতিপুৰত সাক্ষাৎ কৰিব অনন্ত ৰায় ওৰফে অনন্ত মহাৰাজ নামৰ এজন ব্যক্তিক৷ অনন্ত মহাৰাজ গ্ৰেটাৰ কোচবিহাৰ পিপুল্‌ছ এছ’চিয়েশ্বনৰ প্ৰতিষ্ঠাপক৷ পঞ্চাছ ঊধবৰ্ৰ এই ব্যক্তিজনে নিজকে কোচবিহাৰৰ কোচ ৰজাৰ বংশধৰ বুলি দাবী কৰে৷ উত্তৰ বংগত ৰাজবংশী জনগোষ্ঠীৰ মাজত তেওঁৰ প্ৰভাৱ যথেষ্ট৷ বংশীবদন বৰ্মন আৰু অনন্ত মহাৰাজ দুয়োজনে একত্ৰিতভাৱে আৰম্ভ কৰিছিল গ্ৰেটাৰ কোচবিহাৰ পিপুল্‌ছ এছ’চিয়েশ্বন৷ কিন্তু পৰৱৰ্তী সময়ত দুয়োজনৰ মাজত মতানৈক্যৰ সৃষ্টি হয় আৰু সংগঠনটোৰ মাজত ফাঁট মেলে৷ ভোটবেংকৰ স্বাৰ্থত পশ্চিমবংগৰ তৃণমূল চৰকাৰে সুদীৰ্ঘ সময় ধৰি অনন্ত মহাৰাজক নিজৰ কৰি ল’বলৈ চেষ্টা অব্যাহত ৰাখিছিল৷ কিন্তু অনন্ত মহাৰাজে তৃণমূলৰ প্ৰস্তাৱ মানি নোলোৱাত তেওঁ মমতা বেনাৰ্জী চৰকাৰৰ ৰোষত পৰিবলগীয়া হয়৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিত্তীয় অনিময়ৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে পশ্চিমবংগ চৰকাৰে গোচৰো ৰুজু কৰে৷ ইয়াৰ পাছতে তেওঁ গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ অসমত আশ্ৰয় লয়৷ বিজেপি দলৰ সৈতে অনন্ত মহাৰাজৰ সম্পৰ্ক পুৰণি আৰু ঘনিষ্ঠ৷ ২০১৬ চনত কোচবিহাৰ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ সাংসদ ৰেণুকা সিংহৰ মৃত্যুৰ পাছত সমষ্টিটোত হোৱা উপ-নিৰ্বাচনত বিজেপিয়ে অনন্ত মহাৰাজক দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচাৰিছিল৷ কোচবিহাৰক এখন পৃথক ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণাৰ দাবীত দীৰ্ঘদিন ধৰি আন্দোলন অব্যাহত ৰাখিছে অনন্ত মহাৰাজ নেতৃত্বাধীন গ্ৰেটাৰ কোচবিহাৰ পিপুল্‌ছ এছ’চিয়েশ্বনে৷ অনন্ত মহাৰাজ নেতৃত্বাধীন ‘নাৰায়ণী সেনা’ক সীমান্ত সুৰক্ষা বাহিনীয়ে গোপনে প্ৰশিক্ষণ দি থকা বুলি তৃণমূল কংগ্ৰেছে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল৷ অৱশ্যে তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত অনন্ত মহাৰাজৰ পৃথক কোচবিহাৰৰ দাবীক মুকলি সমৰ্থন জনাইছিল৷ উত্তৰবংগৰ ৰাজবংশী জনগোষ্ঠীৰ ভোটবেংকত যথেষ্ট প্ৰভাৱ থকা অনন্ত মহাৰাজ অসমত বিজেপি চৰকাৰ গঠনৰ পাছতে কোচবিহাৰৰ পৰা চিৰাং জিলালৈ পলাই আহি দীৰ্ঘসময় ধৰি ছাতিপুৰত থকা নিজৰ ৰাজহাউলীসদৃশ অট্টালিকাত আত্মগোপন কৰে৷ ইয়াতে তেওঁৰ পুত্ৰ-পত্নী আৰু পৰিয়ালৰ আন সদস্যও থাকে৷ লক্ষণীয়ভাৱে কোচবিহাৰত ৰাজবংশী জনগোষ্ঠীৰ অবিসম্বাদী নেতা হ’লেও অসমৰ কোঁচ-ৰাজবংশী জনগোষ্ঠী বা জনগোষ্ঠীটোৰ নেতৃত্বৰে তেওঁৰ যোগাযোগ নাই৷ সাধাৰণতে কোনো লোকক সাক্ষাৎ নকৰা, ৰাজহুৱা স্থানত দেখা নোপোৱা অনন্ত মহাৰাজ চিৰাঙৰ ছাতিপুৰৰ ৰাজহাউলীসদৃশ বিশাল অট্টালিকাটোত আবদ্ধ হৈ থাকে৷ নিষিদ্ধঘোষিত কমতাপুৰ লিবাৰেশ্বন অৰ্গেনাইজেশ্বনৰ [কে এল অ’] অতি ঘনিষ্ঠ অনন্ত ৰায় ওৰফে অনন্ত মহাৰাজ অসমবাসীৰ বাবে এটা অচিনাকি নাম৷ কিন্তু আগন্তুক বংগ বিধানসভা নিৰ্বাচনত ক্ষমতা দখল কৰি গেৰুৱাৰাজ প্ৰতিষ্ঠা কৰাত বিজেপি দল কিমান আগ্ৰাসী তাক প্ৰমাণ কৰিবলৈ এই ৰাজনৈতিক তৎপৰতাই যথেষ্ট৷ বৃহত্তৰ কোচবিহাৰৰ ৰাজবংশী জনগোষ্ঠীৰ ভোটবেংক নিজৰ দখললৈ অনাৰ বাবেই দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ এই চিৰাং ভ্ৰমণ৷ উল্লেখ্য, দীৰ্ঘদিন আত্মগোপনৰ অন্তত ২০১৯ চনৰ এপ্ৰিল মাহত শিলিগুৰিৰ কাৱাখিনিত অনুষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী সভাৰ মঞ্চত দেখা গৈছিল অনন্ত মহাৰাজক৷ গ্ৰেটাৰ কোচবিহাৰ পিপুল্‌ছ এছ’চিয়েশ্বনৰ অনন্ত মহাৰাজ গোটে নিজকে বিজেপিৰ সহযোগী বুলি দাবী কৰে৷