Logo
image

১১ কোটিৰো অধিক পানকাৰ্ড নিষ্ক্ৰিয় ৰাজহ সংগ্ৰহৰ বৃহৎ সুযোগ চৰকাৰৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ নৱেম্বৰঃ  আধাৰ কাৰ্ডৰ পাছত এইবাৰ ১১.৫ কোটি পান কাৰ্ড বাতিল কৰি দিছে কেন্দ্ৰীয় আয়কৰ বিভাগে৷ সময়সীমা মানি আধাৰৰ সৈতে সংযোগ নকৰাৰ বাবেই বাতিল কৰা হৈছে দেশৰ নাগৰিকৰ এই বিশাল সংখ্যক পান কাৰ্ড৷ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে আয়কৰ বিভাগে৷ পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ সংযোগ কৰাৰ অন্তিম সীমা চলিত বছৰৰ ৩০জুন পৰ্যন্ত আছিল৷ তেতিয়াই জনোৱা হৈছিল চূড়ান্ত সময়সীমাৰ ভিতৰত আধাৰৰ সৈতে পান সংযোগ নকৰিলে পান কাৰ্ড বাতিল কৰা হ’ব৷ চূড়ান্ত সময়সীমা উকলি যোৱাৰ পাছত চন্দ্ৰশেখৰ গৌড় নামৰ এজন আৰটিআই কৰ্মীয়ে এই সন্দৰ্ভত আয়কৰ বিভাগে কি সিদ্ধান্ত ল’লে সেই প্ৰশ্ন কৰিছিল৷ গৌড়ৰ প্ৰশ্নৰ উত্তৰত আয়কৰ বিভাগে জনায় যে, তেওঁলোকে আধাৰৰ সৈতে সংযোগ নকৰা মুঠ চাৰে ১১ কোটি পান কাৰ্ড বাতিল কৰি দিছে৷ দেশত মুঠ ৭০ কোটি ২৪ লাখ নাগৰিকৰ পান কাৰ্ড আছিল৷ তাৰে ৫৭ কোটি ২৫ লাখ লোকৰ পান আৰু আধাৰৰ সংযোগ কৰা হৈছে অথবা পূৰ্বৰে পৰা সংযোগ আছে৷ আনহাতে প্ৰায় ১২ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হোৱা নাছিল৷ তাৰে চাৰে ১১ কোটি পান কাৰ্ড আয়কৰ বিভাগে বাতিল কৰি দিছে৷ আয়কৰ বিভাগে জনোৱা মতে ২০১৭ চনৰ ১ জুলাইৰ পাছত যিমান পান কাৰ্ড প্ৰদান কৰা হৈছে, তাৰ সৈতে প্ৰথমৰ পৰাই আধাৰ সংযোগ আছে৷ সেয়ে ২০১৭ চনৰ ৰ জুলাইৰ পূৰ্বৰ আৰু আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰা পান কাৰ্ড সমূহহে বাতিল  কৰা হৈছে৷ 

এই ঠাইতে আৰম্ভ হৈছে মোদী চৰকাৰৰ ৰাজহ সংগ্ৰহৰ আন এক ফন্দি৷ কিয়নো বাতিল কৰা কাৰ্ড পুনৰ কাৰ্যকৰী কৰিবলৈ হ’লে ১,০০০ টকা জৰিমণা ভৰিব লাগিব দেশৰ নাগৰিকে৷ মোদী চৰকাৰে জৰিমনাৰ জৰিয়তে বিশাল অংকৰ ধন সংগ্ৰহ কৰাৰ ফন্দি কৰি নতুন নিয়ম সৃষ্টি কৰি জৰিমনাৰ ধন অস্বাভাৱিকভাৱে অধিক কৰিছে৷ কিয়নো, নতুনকৈ এখন পান কাৰ্ডৰ বাবে আবেদন জনালে মাছুল হিচাপে কেৱল ৯১ টকাহে জমা দিব লাগে৷ জিএছটি সহ ১০০টকাৰ মাছুল আদায় দিলে এখন নতুন পান কাৰ্ড তৈয়াৰ কৰিব পাৰি৷ তেনে ক্ষেত্ৰত চৰকাৰে আধাৰৰ সৈতে পান কাৰ্ড সংযোগ নকৰিলে কি যুক্তিত ১০০০ টকা জৰিমনা ল’ব বুলিও তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু মোদী চৰকাৰৰ উদ্দেশ্য কি  বুলি উত্থাপন হৈছে৷ কিয়নো, চৰকাৰে বাতিল কৰি দিয়া চাৰে ১১ কোটি পান কাৰ্ডৰ জৰিমণা হিচাপেই সংগ্ৰহ হ’ব ১১,৫০০,০০০০০০০ কোটি টকা৷ সেয়ে মোদী চৰকাৰে পান কাৰ্ড তৈয়াৰ কৰাৰ ১০ গুণ অধিক জৰিমণা লোৱাৰ অধিকাৰ কত পালে বুলি প্ৰতিবাদ আৰু সমালোচনা আৰম্ভ হৈছে৷ ধাৰণা কৰা হৈছে, কেৱল জৰিমনাৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ বাবেই মোদী চৰকাৰে এনে অন্যায় পদক্ষেপ হাতত লৈছে৷ বিভিন্ন কৰ, প্ৰতিকৰ, জৰিমনা ইত্যাদিৰ জৰিয়তে কেৱল দেশৰ নাগৰিকক শুহি থকা মোদী চৰকাৰৰ এই সিদ্ধান্তত বাতিল পান কাৰ্ডৰ গৰাকী সকলোৱেই বিপদত পৰিব৷ কিয়নো আয়কৰ জমা দিবলৈ হ’লেই পান কাৰ্ডৰ প্ৰয়োজন হ’ব আৰু তেতিয়া ১০০০ টকা জৰিমনা ভৰিহে  বাতিল পান কাৰ্ড সক্ৰিয় কৰিব পাৰিব৷ তদুপৰি বেংকৰ একাউণ্ট খোলা, ৫০হাজাৰতকৈ অধিক টকা জমা থোৱা, যিকোনো মুল্যবান সামগ্ৰী ক্ৰয় কৰাকে ধৰি বিভিন্ন বিত্তীয় কাম পান কাৰ্ড অবিহনে নহয়৷ তেনে পৰিস্থিতিতো বাতিল হৈ থকা পান কাৰ্ড সক্ৰিয় কৰাটো অপৰিহাৰ্য্য৷ তেতিয়া যিকোনো ব্যক্তিয়েই ১০০০ টকা জৰিমনা ভৰি নিজৰ পান কাৰ্ড সক্ৰিয় কৰিবলৈ বাধ্য হ’ব আৰু চৰকাৰে লাভ কৰিব জৰিমনাৰ জৰিয়তে বিশাল অংকৰধন৷ এনে পৰিস্থিতিত চৰকাৰে আধাৰ আৰু পান কাৰ্ডৰ সংযোগৰ সময়সীমা আৰু এবছৰ বৃদ্ধি কৰিব লাগে বুলি দাবী উঠিছে৷ কিয়নো হাতত সময় পালে ইমান দিনে আধাৰৰ সৈতে পান কাৰ্ড সংযোগ নকৰা সকলে আন এক সুবিধা লাভ কৰিব আৰু জৰিমনা অবিহনে সেই কাম কৰিবলৈ সক্ষম হ’ব৷