Logo
image

চিচি টিভিত ধৰা পৰিল বিধায়কৰ কনভয়ৰ দুৰ্ঘটনাৰ আচল কাহিনী

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ নৱেম্বৰঃ সঁচাকৈয়ে দুলীয়াজানত বিধায়ক তেৰছ গোৱালাৰ কনভয়ত সুৰাপায়ী চালকৰ বাহনে খুন্দা মাৰিছিল নেকি? শুকুৰবাৰে নিশা দুলীয়াজানৰ জয়ানগৰত বিধায়ক তেৰছ গোৱালাৰ কনভয়ৰ বাহনত এখন হোণ্ডা বাহনে খুন্দা মৰা বুলি বিধায়ক গোৱালাই দাবী কৰিছিল যদিও চিচিটিভি ফুটেজত ইয়াৰ ওলোটাহে দৃশ্যহে দেখা পোৱা গৈছে৷ অৰ্থাৎ দুৰ্ঘটনাস্থলীৰ চিচিটিভি ফুটেজত স্পষ্ট হৈছে যে প্ৰথমে বিধায়কৰ কনভয়ৰ এখন বাহনেহে ডিম্ব গগৈ নামৰ লোকজনে চলাই অহা এ এছ ০৬ ৱাই ৭৪৮৮ নম্বৰৰ হোণ্ডা বাহনখনক খুন্দা মাৰিছিল৷ হয়টো দুৰ্ঘটনাটোৰ পাছতেই আৰক্ষীৰ বৃহৎ কনভয় দেখি ভয় খাই লোকজনে ওলোটো দিশে আঁতৰি যোৱাৰ চেষ্টা কৰি কনভয়টোৰ আন বাহনত খুন্দা মাৰিছিল৷ উল্লেখ্য শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত অসম বিধানসভাৰ বিধায়িনী দলৰ এটা কনভয় শিৱসাগৰৰ আমগুৰিৰ পৰা দুলীয়াজানৰ জয়ানগৰ অঞ্চল পাওঁতেই এই দুৰ্ঘটনাটো সংঘটিত হৈছিল৷ কনভয়টোত মহিলা প্ৰতিনিধিৰ লগতে সন্মুখতে আছিল দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ বাহনখন৷ কিন্তু তীব্ৰ বেগত যোৱা কনভয়টোৰ প্ৰথমখন বাহনে একেদিশে গৈ থকা ডিম্ব গগৈ নামৰ লোকজনে চলোৱা হোণ্ডা বাহনত খুন্দা মাৰে৷ ইয়াৰ পাছতেই হোণ্ডা বাহনখনে বিপৰীত দিশে আগবাঢ়ি যাবলৈ চেষ্টা কৰি কনভয়টোৰ আন বাহনত খুন্দা মাৰে৷ এই দুৰ্ঘটনাত বিধায়ক গোৱালাৰ এজন পিএছঅ’ আহত হয়৷ দুৰ্ঘটনাৰ পাছতেই তেৰছ গোৱালাই সংবাদ মাধ্যমৰ আগত দাবী কৰে যে হোণ্ডা বাহনখনৰ চালকজনে সুৰাৰ নিচাত এই দুৰ্ঘটনাটো সংঘটিত কৰে৷ আনকি মুখ্যমন্ত্ৰীয়ে সুৰাপান কৰি গাড়ী নচলাবলৈ আহ৩ান জনাই অহাৰ পাছতো গুৰুত্ব নিদিয়াৰ বাবেই এনে দুৰ্ঘটনা হয় বুলিও নীতিবচন আওৰোৱাই বিধায়ক গোৱালাই৷ ইমানতে ক্ষান্ত নাথাকি তেৰছ গোৱালাই চালকজনক ৰাজহুৱা স্থানতে দাবী ধমকি দি আৰক্ষীক গতাই দিয়ে৷ লক্ষণীয়ভাৱে বিধায়কজনৰ সন্মুখতে তেওঁৰ ভেৰোণীয়া গুণ্ডাই চালকজনক অপদস্থও কৰে৷ বিধায়ক গোৱালাই ডিম্ব গগৈ নামৰ লোকজনে টেটুলৈকে সুৰাপান কৰি দুৰ্ঘটনাটো সংঘটিত কৰা বুলি সাংবাদিকক প্ৰতীয়ন নিয়াৰ চেষ্টা চলাই যদিও চিচিটিভি ফুটেজত বিধায়কৰ কনভয়ৰ এখন বাহনেহে প্ৰথমে ডিম্ব গগৈৰ বাহনখন খুন্দা মৰাটো স্পষ্ট হৈ পৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, বিধায়কৰ কনভয়ৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰাৰ চিচিটিভি ফুটেজ সাংবাদিকে ৰাজহুৱা কৰাত তেৰছ গোৱালাই সংশ্লিষ্ট সাংবাদিককো ভয় ভাবুকি দিয়াৰ অভিযোগ উঠিছে৷ স্বাভাৱিকতেই এতিয়া দুলীয়াজানবাসীৰ দাবী–দুৰ্ঘটনা সংঘটিত কৰা কনভয়ৰ বাহনখনৰ চালক আৰু সাংবাদিকক ভাবুকি দিয়া বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে৷