Logo
image

ই-ৰিক্সাৰ মূল্য বেছি! তদন্তৰ নিৰ্দেশ মন্ত্ৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ নৱেম্বৰঃ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ ১৩.৬০ কোটি টকাৰ ই-ৰিক্সাৰ নিবিদা কেলেংকাৰিক লৈ অৱশেষত সাৰ পালে বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ দিছপুৰৰ ঘনিষ্ঠ বিতৰ্কিত ঠিকাদাৰ মধুসূদন শ্বাহীৰ মালিকানাধীন প্ৰতিষ্ঠান ‘ট্ৰেড ছাপ্লাই’ক ১ লাখ টকীয়া ই-ৰিক্সা ২.৩৫ লাখ টকাত যোগানৰ নিবিদা মঞ্জুৰ কৰি লুণ্ঠনৰ ফান্দি পতাৰ সন্দৰ্ভত ‘আমাৰ অসম’ কাকতত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই তদন্ত ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ অভিযোগ অনুসৰি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে শেহতীয়াকৈ ৫৮০খন  ই-ৰিক্সা যোগানৰ নিবিদা আহ্বান কৰি বজাৰ মূলতকৈ ডেৰ গুণ অধিক দামত ই-ৰিক্সা যোগানৰ বাবে ‘ট্ৰেড ছাপ্লাই’ নামৰ প্ৰতিষ্ঠানটোক বাচনি কৰিছিল৷ ভাৰত চৰকাৰৰ সামগ্ৰী দাম নিৰ্ধাৰণকাৰী জেম প’ৰ্টেলত Yatri100 মডেলৰ একোখন ই-ৰিক্সাৰ মূল্য ১ লাখ ১৮ হাজাৰ টকা নিৰ্ধাৰণ কৰা আছে যদিও ৰাজনৈতিকভাৱে প্ৰভাৱশালী ঠিকাদাৰ মধুসূদন শ্বাহীৰ ট্ৰেড ছাপ্লাইৰ নামৰ ফাৰ্মখনে প্ৰতিখন ই-ৰিক্সা ২.৩৫ লাখ টকাকৈ যোগানৰ বাবে নিবিদা দাখিল কৰিছিল৷ আশ্বৰ্যজনকভাৱে বজাৰ মূল্যতকৈ অধিক দামত যোগানৰ বাবে শ্বাহী এণ্ড কোম্পানীয়ে দিয়া নিবিদাকে অনুমোদন জনাইছিল ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে৷ এই লুণ্ঠনৰ ফন্দিৰ সন্দৰ্ভত দেওবাৰৰ সংখ্যা ‘আমাৰ অসম’ কাকতত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছতেই নিবিদা প্ৰক্ৰিয়াৰ তদন্ত ঘোষণা কৰিছে বিভাগীয় মন্ত্ৰী ৰণোজ পেগুৱে৷ এই সন্দৰ্ভত দেওবাৰে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পেগুৱে কয় এইদৰে–অসম চৰকাৰে সিদ্ধান্ত লৈছে যে ঠিকা আবণ্টনৰ ক্ষেত্ৰত যিবিলাক ক্ৰয়-বিক্ৰয় হয়, সকলো জেম প’ৰ্টেলৰ জৰিয়তে হ’ব৷ জেম প’ৰ্টেল হৈছে অপেন ই-মাৰ্কেটিং প’ৰ্টেল৷ অপেন ই-মাৰ্কেটিং প’ৰ্টেলত যেতিয়া নিবিদা হয়, সেয়া প্ৰতিযোগিতামূলক হয়৷ ই-ৰিক্সা ক্ৰয়ৰ বাতৰিটো মোৰ দৃষ্টি গোচৰ হৈছে আৰু এই সন্দৰ্ভত কতৃৰ্পক্ষক বিষয়টো জনাইছো৷ জেমত যে তেওঁলোকে বিধি সন্মতভাৱে নিবিদা কৰিছে, তাক সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছো৷ কাৰণ জেম প’ৰ্টেলত কোনে কি দাম নিৰ্ধাৰণ কৰে সেয়া সম্পূৰ্ণ বিত্ত বিভাগৰ নিৰীক্ষণত থাকে৷ ই-ৰিক্সাৰ বজাৰ মূল্য কিমান আৰু যোগানৰ বাবে নিৰ্ধাৰণ কৰা মূল্য কিমান তাকো পৰীক্ষা কৰিবলৈ দিছো৷ জেম প’ৰ্টেলত এনে হ’ব নালাগে৷ আগতে অফলাইন নিবিদা হ’লে সীমিত কিছু মানুহক নিবিদাত অংশ লোৱাৰ সুযোগ দিয়ে৷ জেমত এই বিলাক নহয়৷ নিশ্চয় এই অভিযোগৰ তদন্ত কৰিম৷