Logo
image

সাৱধান! নিশা নামিব ঠেঁটুৱৈ লগা জাৰ

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ  মকৰ সংক্ৰান্তি অৰ্থাৎ ১৩ জানুৱাৰীত সূৰ্য দক্ষিণ গোলাদ্ধৰ্ৰ পৰা উত্তৰ গোলাদ্ধৰ্ত প্ৰৱেশ কৰাৰ পাছত সাধাৰণতে শীতৰ প্ৰকোপ কমি আহে যদিও এইবেলি বতৰৰ কেতবোৰ অস্বাভাৱিক পৰিৱৰ্তন আৰু প্ৰাকৃতিক পৰিঘটনাৰ বাবে এই পৰ্যন্ত শীতৰ প্ৰকোপ অব্যাহত আছে৷ অৱশ্যে শেহতীয়াকৈ বিগত চাৰি-পাঁচদিন ধৰি দিনৰ ভাগত শীতৰ প্ৰকোপ কমিলেও সন্ধিয়াৰ পৰা পুৱালৈ অব্যাহত আছে শীতৰ প্ৰকোপ৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা অনুসৰি আগন্তুক এটা সপ্তাহত দিনৰ ভাগত গৰমৰ প্ৰকোপ বৃদ্ধি পাব যদিও সন্ধিয়াৰ পাছত পুনৰ শীতৰ প্ৰকোপ বৃদ্ধি পাব৷ আনকি সৰ্বাধিক তাপমাত্ৰা আৰু সৰ্বনিম্ন তাপমাত্ৰাৰ ব্যৱধান বহুখিনি বৃদ্ধি পাব৷ সৰ্বাধিক তাপমাত্ৰা দিনৰ ভাগত প্ৰায় স্বাভাৱিক হৈ থাকিলেও সৰ্বনিম্ন তাপমাত্ৰা স্বাভাৱিকতকৈ কম হোৱাৰ বাবে নিশাৰ ভাগত ঘৰৰ বাহিৰলৈ ওলোৱা লোকসকলে শীত অনুভৱ কৰিব৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক এটা সপ্তাহ অসমকে ধৰি উত্তৰ-পূবৰ সাতোখন ৰাজ্যতে বতৰ শুকান হৈ থাকিব৷ তেনেদৰে আটাইকেইখন ৰাজ্যত বেছিভাগ ঠাইতে দিনত গৰম আৰু নিশা শীতৰ প্ৰকোপ বৃদ্ধি পাব৷ মঙলবাৰৰ দিনটোত গুৱাহাটীত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা আছিল ২৯.২০ ছেলছিয়াচ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.০০ ছেলছিয়াচ৷ তেনেদৰে মঙলবাৰে সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ভিতৰত উত্তৰ লখিমপুৰত সৰ্বনিম্ন তাপমাত্ৰা আছিল ৯.১ ডিগ্ৰী ছেলছিয়াচ৷ আন কেবাখনো নগৰ-চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল এনেধৰণৰ– যোৰহাটত ৯.৩ ডিগ্ৰী, ডিব্ৰুগড়ত ১১.৮ ডিগ্ৰী, তেজপুৰত ১৩.৬ ডিগ্ৰী, শিলচৰত ১৩.৯ ডিগ্ৰী, ধুবুৰীত ১৪.২ ডিগ্ৰী ছেলছিয়াচ৷ লক্ষণীয়ভাৱে উত্তৰ-পূবৰ গাতে লগা বাংলাদেশতো এই পৰ্যন্ত শীত অব্যাহত আছে৷ স্বাভাৱিকতকৈ সৰ্বাধিক তাপমাত্ৰা কমি যোৱাত বাংলাদেশৰ নাগৰিকে এতিয়াও গৰম অনুভৱ কৰা নাই৷ আনকি চুবুৰীয়া পশ্চিম বংগৰ ৰাজধানী কলকাতাতো অব্যাহত আছে পূৰ্বৰ তুলনাত কিছু শীতৰ প্ৰকোপ৷ অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই চুবুৰীয়া বাংলাদেশ বা পশ্চিম বংগৰ শীতৰ সৈতে অসম বা উত্তৰ-পূবৰ শীতৰ প্ৰকোপৰ সম্পৰ্ক নাই বুলি সদৰী কৰিছে৷