Logo
image

যুদ্ধই জোকাৰিছে বিশ্ব

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৪ নৱেম্বৰঃ ইজৰাইলৰ পেলেষ্টাইন আক্ৰমণ আৰু পেলেষ্টাইনীৰ অসহায় মৃত্যুৰ ঘটনাই এতিয়া বিশ্বৰ বিভিন্ন দেশৰ আভ্যন্তৰীণ ৰাজনীতিতো জোকাৰণি তুলিছে৷ ইজৰাইলৰ অমানুষিক হত্যালীলাক সমৰ্থন আৰু পেলেষ্টাইনীৰ দুৰ্দশাক কৰ্ণপাত নকৰি ৰাজহুৱাকৈ অমানৱীয় আৰু পক্ষপাতমূলক বিবৃতি দি মন্ত্ৰিত্ব হেৰুৱাবলগীয়া হৈছে ব্ৰিটিছ গৃহমন্ত্ৰীয়ে৷ আভ্যন্তৰীণ ৰাজনীতিৰ এই জটিল পৰিস্থিতি চম্ভালিবলৈ প্ৰধানমন্ত্ৰী ঋষি ছুনকে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰনক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিবলগীয়া হৈছে৷ যুদ্ধকালীন পৰিস্থিতিত এনেদৰে মন্ত্ৰীসভাৰ সালসলনি দ্বিতীয় মহাসমৰতহে হৈছিল, যেতিয়া শলঠেকত পৰা নেভিল চেম্বাৰলেইনক অপসাৰণ কৰি উইনষ্টন চাৰ্চিলক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব অৰ্পণ  কৰা হৈছিল৷ ইপিনে, প্ৰখ্যাত পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গে আমষ্টাৰডামত এখন পৰিৱেশ বিষয়ক সভাক ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ বিষয়লৈ ৰূপান্তৰিত কৰি পেলোৱাৰ অভিযোগ উঠিছে, য’ত এজন ব্যক্তিয়ে ছুইডিছ পৰিৱেশকৰ্মী থুনবাৰ্গৰ হাতৰ পৰা মাইক কাঢ়ি লয়৷ উল্লেখ্য, পৰিৱেশ বিষয়ক সভাখনত গ্ৰেটা থুনবাৰ্গে নিজৰ ভাষণত পৰিৱেশৰ সলনি পেলেষ্টাইনৰ সমৰ্থনত ভাষণ দিবলৈ আৰম্ভ কৰে আৰু ইজৰাইলে কিদৰে মানৱাধিকাৰ খৰ্ব কৰিছে তাৰ বিশদ বৰ্ণনা দিয়ে৷ তেওঁ নিজৰ ভাষণৰ মাজতে এজন পেলেষ্টাইনী আৰু এগৰাকী আফগান মহিলাক ভাষণ দিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনায়৷ তেতিয়াই এজন অংশগ্ৰহণকাৰী জাঁপ মাৰি আসনৰ পৰা উঠি আহে আৰু ২০ বছৰীয়া প্ৰখ্যাত পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গে পৰিৱেশ বিষয়ক সভাখন ৰাজনৈতিক সভালৈ ৰূপান্তৰিত কৰাৰ অভিযোগ তোলে৷ সভাত অংশগ্ৰহণকাৰী ব্যক্তিজনে গ্ৰেট থুনবাৰ্গৰ হাতৰ পৰা মাইকটো থপিয়াই কাঢ়ি লয় আৰু কয়– ‘ইয়ালৈ পৰিৱেশ বিষয়ক বক্তৃতা শুনিবলৈ আৰু অংশগ্ৰহণ কৰিবলৈ আহিছোঁ, কাৰো ৰাজনৈতিক মন্তব্য আৰু মতবাদ শুনিবলৈ নহয়৷’ সেই পৰিস্থিতিত গ্ৰেটা থুনবাৰ্গে মাইকটো দলিয়াই দি মঞ্চৰ পৰা নামি আহে৷ অৱশ্যে ইয়াৰ পাছত উপস্থিত সকলোৰে সৈতে গ্ৰেটা থুনবাৰ্গে পেলেষ্টাইনৰ সমৰ্থনত শ্ল’গান দিয়ে আৰু পেলেষ্টাইন এদিন স্বাধীন আৰু মুক্ত হ’ব বুলি সমস্বৰে ঘোষণা কৰে৷ সভাত উপস্থিত আন এগৰাকী পৰিৱেশকৰ্মীয়েও নিজৰ পৰিৱেশ সম্পৰ্কীয় ভাষণ আধাতে সামৰি পেলেষ্টাইন সৰ্বদিশতে মুক্ত হ’ব বুলি শ্ল’গান দিয়ে৷ অৱশেষত সামগ্ৰিকভাৱে পৰিৱেশ বিষয়ক সভাখন পেলেষ্টাইনৰ সমৰ্থনৰ সভালৈ ৰূপান্তৰিত হয়৷

আনহাতে, পেলেষ্টাইনত ইজৰাইলৰ আক্ৰমণক লৈ ব্ৰিটেইনৰ আভ্যন্তৰীণ পৰিস্থিতি উত্তাল হৈ পৰিছে৷ পেলেষ্টাইনীৰ বিৰুদ্ধে আৰু পেলেষ্টাইনৰ সমৰ্থকৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি মন্ত্ৰিত্ব হেৰুৱাবলগীয়া হৈছে ঋষি ছুনক মন্ত্ৰীসভাৰ ভাৰত বংশোদ্ভৱ গৃহমন্ত্ৰী ছুৱেলা ব্ৰেভাৰমেনে৷ ব্ৰিটিছ মহিলা গৃহমন্ত্ৰীগৰাকীয়ে লণ্ডন আৰক্ষীয়ে পেলেষ্টাইন সমৰ্থিত সমদলৰ প্ৰতি নৰম মনোভাৱ প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰিছিল৷ ছুৱেলা ব্ৰেভাৰমেনে পেলেষ্টাইনীক সন্ত্ৰাসবাদী আৰু সমদলকাৰীক সন্ত্ৰাসবাদীৰ সমৰ্থক বুলি মন্তব্য কৰিছিল৷ উল্লেখ্য, গাজাৰ ইজৰাইলী আক্ৰমণৰ প্ৰতিবাদত লণ্ডনৰ ৰাজপথত অলপতে এটা প্ৰতিবাদী সমদল হৈছিল৷ সেই সন্দৰ্ভত বুধবাৰে ছুৱেলা ব্ৰেভাৰমেনে ‘দ্য টাইম্‌ছ’ সংবাদপত্ৰত লিখে– ‘মই নাভাবো যে কেৱল গাজাৰ সাহায্যৰ বাবে এনে সমদল হৈছে৷ এইবোৰ প্ৰকৃততে কিছুমান গোষ্ঠীৰ দাবী, বিশেষকৈ ইছলামিকসকলৰ৷ এনেধৰণৰ কাৰ্যকলাপ উত্তৰ আয়াৰলেণ্ডত প্ৰায়ে দেখা যায়৷’ ছুৱেলাই সেই প্ৰতিবাদকাৰীৰ প্ৰতি লণ্ডন আৰক্ষীয়ে অতিৰিক্ত নৰম মনোভাৱ প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে৷ গৃহমন্ত্ৰী ছুৱেলাৰ এই বক্তব্যক লৈ দেশত বিতৰ্ক আৰম্ভ হয় আৰু লাহে লাহে সেই বিতৰ্ক ঋষি ছুনক চৰকাৰৰ প্ৰতি পোনপটীয়া আক্ৰমণত পৰিণত হয়৷ প্ৰথমে গৃহমন্ত্ৰী ছুৱেলাক সমৰ্থন জনোৱা প্ৰধানমন্ত্ৰী ঋষি ছুনকে পৰিৱৰ্তিত পৰিস্থিতিত ছুৱেলাক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে৷ প্ৰধানমন্ত্ৰী ছুনকে ছুৱেলাৰ স্থানত বৈদেশিক মন্ত্ৰী জেম্‌ছ ক্লেভাৰলিক নিয়োগ কৰে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ডেভিদ কেমেৰনক বৈদেশিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে৷ কেমেৰন ২০১০-২০১৬ চনলৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল আৰু ‘ব্ৰেক্সিট’ৰ পাছত নৈতিক কাৰণত পদত্যাগ কৰিছিল৷ আনহাতে, ছুৱেলা ব্ৰেভাৰমেন লিজ ট্ৰাছ মন্ত্ৰীসভাৰো গৃহমন্ত্ৰী আছিল৷ তেওঁ গুৰুত্বপূৰ্ণ ই-মেইল এজন সাংসদৰ ব্যক্তিগত মেইললৈ প্ৰেৰণ কৰাৰ বাবে বিতৰ্কত পৰি সেইবাৰ পদত্যাগ কৰিবলগীয়া হৈছিল৷ অৱশ্যে এইবাৰ ছুৱেলাৰ বক্তব্যই দেশৰ সাম্প্ৰতিক স্থিতি ক্ষুন্ন কৰিছে৷ কিয়নো ইজৰাইলৰ সমৰ্থক হোৱা সত্ত্বেও ছুনক মন্ত্ৰীসভাই পেলেষ্টাইনত নিৰপৰাধীক নিৰ্বিচাৰ হত্যাৰ বিৰোধিতা কৰি আছে৷ আশাকৰা হৈছে, ডেভিড কেমেৰনৰ অন্তৰ্ভুক্তিয়ে ব্ৰিটেইনৰ বৈদেশিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিত ভাৰসাম্য আনিব৷