Logo
image

মহুৱাৰ বক্তৃতাই কঁপাইছে দেশ

আমাৰ অসম, ১০ ফেব্ৰুৱাৰীঃ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই সোমবাৰে লোকসভাত প্ৰদান কৰা ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক বক্তব্যৰ অগ্নিবৰ্ষী ভাষণে তীব্ৰ চাঞ্চল্য আৰু চৰম বিতৰ্কৰ সৃষ্টি কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰক প্ৰতিটো বিষয়তে শানিত শব্দৰ আক্ৰমণেৰে বিদ্ধ কৰা মহুৱা মৈত্ৰই দেশৰ প্ৰাক্তন মুখ ন্যায়াধীশ ৰঞ্জন গগৈক কৰা আক্ৰমণে অধিক বিতৰ্কৰ সৃষ্টি কৰিছে৷ প্ৰাক্তন ন্যায়াধীশ আৰু ন্যায়াপালিকাক কৰা আক্ৰমণৰ বাবে শাসক পক্ষই সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগৰ অভিযোগ উত্থাপন কৰিবলৈ গুণা গথা কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰক কাপুৰুষ আৰু চৰকাৰী কাম-কাজক কাপুৰুষালি বুলি লোকসভাত উদাত্ত কণ্ঠে ভাষণ দিয়া তৃণমূল সাংসদগৰাকীয়ে তেওঁৰ বিৰুদ্ধে শাসকপক্ষই ল’ব খোজা পদক্ষেপক আদৰণি জনাইছে৷ 

মহুৱা মৈত্ৰই সোমবাৰে লোকসভাত প্ৰদান কৰা ২১ মিনিটৰ ভাষণে মোদী চৰকাৰক শানিত অস্ত্ৰই বিন্ধাৰ দৰে সৰ্বদিশৰ পৰা বিদ্ধ কৰে৷ নৰেন্দ্ৰ মোদী চৰকাৰক তিনিখন কৃষক আইন, ‘কা’, প্ৰব্ৰজিত শ্ৰমিকৰ মৃত্যু, চৰকাৰে ঘৃণা আৰু অসহিষ্ণুতা বিয়পোৱা, দেশত অঘোষিত জৰুৰী অৱস্থা জাৰি কৰা বুলি সৰ্বদিশতে আক্ৰমণ কৰি মহুৱা মৈত্ৰই থকা সৰকা কৰে৷ মহুৱা মৈত্ৰৰ ভাষণত তীব্ৰ বিতৰ্কৰ উদ্ভব হয় প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগ আৰু তেওঁ নিজেই তাৰ বিচাৰৰ দায়িত্ব লোৱাৰ প্ৰসংগত৷ মহুৱা মৈত্ৰই অৱশ্যে ৰঞ্জন গগৈৰ নাম উচ্ছাৰণ কৰা নাছিল৷ 

দেশৰ ন্যায়পালিকা গুৰুত্বহীন আৰু অকাৰ্যকৰী হৈ পৰা বুলি সমালোচনা কৰিবলৈ আৰম্ভ কৰি মহুৱা মৈত্ৰই ন্যায়পালিকা এতিয়া আৰু ‘পৱিত্ৰ গাই’ [Secred cow] হৈ থকা নাই বুলি কয়৷ তেওঁ কয়–‘ন্যয়ালয়ৰ পৱিত্ৰতা সেইদিনাই শেষ হৈছিল, যিদিনা মুখ্য ন্যায়ধীশৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ গোচৰৰ বিচাৰ তেওঁ নিজেই কৰিবলৈ বিচাৰকৰ আসনত বহিছিল আৰু নিজকে নিৰ্দোষী ঘোষণা কৰিছিল, অৱসৰৰ তিনিমাহৰ ভিতৰত তেওঁ উচ্ছ সদনৰ সদস্যপদ চৰকাৰৰ পৰা গ্ৰহণ কৰিছিল আৰু নিজৰ সুৰক্ষা জেড প্লাছ ছিকিউৰিটি ব্যৱস্থাৰে আবৰি লৈছিল৷’ মহুৱা মৈত্ৰই প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে নাম নোলোৱাকৈ এই মন্তব্য কৰাৰ লগে লগে শাসক পক্ষৰ সাংসদ-মন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰে আৰু ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়া মুখ্য ন্যায়াধীশক সংসদত সমালোচনা কৰাৰ অধিকাৰ নাই বুলি আপত্তি উত্থাপন কৰে৷ তৃণমূল কংগ্ৰেছৰ বৰ্ষীয়ান সাংসদ সৌগত ৰায়ে শাসকপক্ষৰ সাংসদৰ বিৰোধিতা কৰি কয় যে, মহুৱা মৈত্ৰই কাৰো নাম উচ্ছাৰণ কৰা নাই আৰু তেওঁ প্ৰাক্তন মুখ ন্যায়াধীশকহে সমালোচনা কৰিছে, সাম্প্ৰতিক মুখ্য ন্যায়াধীশক নহয়৷  বক্তব্যত যতি পৰিলেও মহুৱা মৈত্ৰই পুনৰ ন্যায়পালিকাক সমালোচনা কৰি কয়–‘ন্যায়পালিকাৰ পৱিত্ৰতা সেইদিনাই শেষ হৈছিল, যেতিয়া প্ৰব্ৰজিত শ্ৰমিকৰ মাইল-মাইল পথ অতিক্ৰম আৰু তাৰ ফলত মৃত্যু হোৱাৰ ঘটনা নেদেখাৰ ভাও জুৰিছিল, সমাজসেৱী জে’লত পচি থাকোতেও নেদেখাৰ ভাও ধৰিছিল আৰু আজি যুৱক-যুৱতীয়ে ছ’চিয়েল মিডিয়াত কৌতুক কৰি বিচাৰৰ সন্মুখীন হওতেই ন্যায়পালিকাই নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আছে৷’ মহুৱা মৈত্ৰই দ্বৰ্থহীন ভাষাৰে মোদী চৰকাৰক কাপুৰুষ বুলি অভিহিত কৰে৷ কাপুৰুষ আৰু কাপুৰুষালিৰ মাজত মৌলিক পাৰ্থক্য থকা বুলি কৈ মহুৱা মৈত্ৰই তেওঁৰ অগ্নিবৰ্ষী ভাষণ আৰম্ভ কৰে৷ পৰৱৰ্তী ২১ মিনিটত তেওঁ যি ভাষা আৰু শব্দৰে মোদী চৰকাৰক সমালোচনা কৰি থকা সৰকা কৰিছিল, সেই ২১ মিনিটত কেৱল মুখ্য ন্যায়াধীশক সমালোচনা কৰা সময়খিনিৰ বাহিৰে শাসক-বিৰোধী সকলো সাংসদেই মহুৱা মৈত্ৰৰ বক্তব্য মন দি শুনি আছিল৷ তেওঁ কয় যে, চৰকাৰখনৰ সাহস কাপুৰুষৰ সাহস৷ তেওঁলোকে ক্ষমতাত থাকি, হাতত অস্ত্ৰ লৈ, সুৰক্ষিত স্থানত থাকি দেখুওৱাৰ সাহস প্ৰকৃততে কাপুৰুষালি৷ ‘কা’ সন্দৰ্ভত তেওঁ কয় যে, যদি মোদী চৰকাৰৰ নিৰ্যাতিত বিদেশী হিন্দুক দেশত নাগৰিকত্ব প্ৰদান কৰিবলৈ ইমানেই আগ্ৰহ, তেন্তে তেওঁলোকে বাৰে বাৰে কিয় ‘কা’ বলৱৎকৰণ পিছুৱাই আছে? কৃষক আইন সন্দৰ্ভত তেওঁ কয়, দিল্লীৰ সীমাত বহি থকা আন্দোলনকাৰীৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ সময় নাই কিন্তু বিয়াগোম কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰণালয়ৰ পপ গায়িকা ৰিহানা আৰু ১৮ বছৰীয়া পৰিৱেশকৰ্মীয়ে টুইটাৰত  দিয়া কৃষক আন্দোলন সম্পৰ্কীয় মন্তব্যৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সময় আছে৷ সুভাষ বসুক চৰকাৰে নিজৰ উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ তেওঁৰ উত্তৰাধিকাৰ ‘হাইজেক’ কৰা আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ‘জন গণ মন অধিনায়ক’ত প্ৰথমে মছুলমান, শিখ সকলো ধৰ্মাৱলম্বীকে একেলগে ৰখাৰ বাবে লিখিছিল বুলি মহুৱা মৈত্ৰই সোঁৱৰাই দিয়ে৷ তেওঁ কয়–কংগ্ৰেছে জৰুৰী অৱস্থা ঘোষণা কৰিছিল৷ এইখন চৰকাৰে দেশত অঘোষিত জৰুৰী অৱস্থা জাৰি কৰি ৰাখিছে৷ তাৰ পৰা কাকো নিস্তাৰ পাবলৈ নিদিয়ে৷

ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ তোলাটো কাপুৰুষৰ আচৰণঃ উপমন্যু হাজৰিকা

উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে লোকসভাৰ মজিয়াত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই কৰা বিতৰ্কিত মন্তব্যক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাম মন্দিৰৰ গোচৰৰ বিবাদ মীমাংসা আৰু প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ সম্পৰ্কত কৰা অশোভনীয় মন্তব্যক গুৰুতৰ অপৰাধ বুলিও অভিহিত কৰিছে৷ ইপিনে, সাংসদ মহুৱা মৈত্ৰৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয়–মহুৱা মৈত্ৰই উচ্ছতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে লোকসভাৰ সদনত অভিযোগ তোলাটো কাপুৰুষৰ আচৰণ৷ সংসদৰ মজিয়াত অভিযোগ কৰিলে সেই অভিযোগৰ বিৰুদ্ধে কোনো আইনে কাৰ্যকৰী ব্যৱস্থা ল’ব নোৱাৰে৷ কিয়নো সংসদত কৰা বক্তব্য সদায় সুৰক্ষিত৷ মহুৱা মৈত্ৰই উল্লেখ নকৰিলে যে গগৈৰ বিৰুদ্ধে পূৰ্বতে উঠা  অভিযোগ সমূহ উচ্ছতম ন্যায়ালয়ৰ তিনিগৰাকী ন্যায়াধীশৰ কমিটীয়ে তদন্ত কৰিছিল৷ আৰু সেই অভিযোগ ভিত্তিহীন বুলি প্ৰতিবেদন দাখিল কৰিছে৷ প্ৰাক্তন মুখ্য ন্যায়াধীশ গগৈৰ কাৰ্যকালত তেওঁ ভাৰতবৰ্ষৰ বহুদিনীয়া আৰু বিচাৰাধীন হৈ থকা আটাইতকৈ ডাঙৰ বিবদমান অযোধ্যা ৰামমন্দিৰ বিবাদ সাহস কৰি পাঁচজনীয়া বিচাৰপীঠ গঠন কৰি সৰ্বসন্মতিক্ৰমে বিষয়টোৰ সমাধান কৰে৷ যি ৰায়দানে দেশত শান্তি আনিলে৷ সাংসদ মৈত্ৰৰ দৰে নতুনচাম ৰাজনীতিক এই লৈ অসন্তুষ্ট৷ কিয়নো তেওঁলোকৰ ৰাজনীতি হৈছে সাম্প্ৰদায়িক বিবাদ জীয়াই ৰখাহে, সমাধান কৰাৰ নহয়৷ প্ৰাক্তন ন্যায়াধীশ গগৈয়ে তেওঁৰ কাৰ্যকালত উচ্ছতম ন্যায়ালয়ৰ ১৪ জনকৈ ন্যায়াধীশ নিযুক্তি দিলে আৰু বিভিন্ন উচ্ছ ন্যায়ালয়ত ২৮ জনকৈ মুখ্য ন্যায়াধীশক নিযুক্তি দিলে, যিটো তেওঁতকৈ দীৰ্ঘ সময়ৰ বাবে মুখ্য ন্যায়াধীশে হিচাপে কাৰ্যনিৰ্বাহ কৰা কোনো এজনে কৰিব পৰা নাছিল৷