Logo
image

আৰক্ষী, এজেণ্টৰ ‘বাৰ্তা’ৰে যাত্ৰা সুগম অবৈধ কয়লাৰ

কয়লা ছিণ্ডিকেট ৰহস্য [৩]

আমাৰ অসম, ১১ ফেব্ৰুৱাৰীঃ দুৰ্নীতি-ভ্ৰষ্টাচাৰমুক্ত, স্বচ্ছ আৰু নিকা প্ৰশাসনৰ জয়গান আওৰোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনতো অব্যাহত আছে ছিণ্ডিকেট৷ আৰক্ষী আৰু এজেণ্টৰ মোবাইল বাৰ্তাৰে সুগম হৈ আছে অবৈধ কয়লাৰ সৰবৰাহ৷ বিভিন্ন সামগ্ৰীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰা কাৰ্য এতিয়াও চলি আছে অবাধ গতিত৷ উজনি অসমত কয়লা ছিণ্ডিকেট-চক্ৰ দীৰ্ঘদিনে সক্ৰিয় হৈ থকাৰ বাতৰি তথ্যসহ প্ৰকাশ পোৱাৰ পাছতো ছিণ্ডিকেট-চক্ৰটোক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ, আৰক্ষী-প্ৰশাসনে আজিকোপতি কোনো পদক্ষেপ লোৱা নাই৷ দিছপুৰৰ আশিস লৈ একাংশ অসাধু ব্যৱসায়ীয়ে মাৰ্ঘেৰিটা, তিনিচুকীয়া, গুৱাহাটী, যোগীঘোপা আদি অঞ্চলত কয়লাৰ বাহনৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাৰ তথ্য সদৰী কৰিছে একাংশ ভুক্তভোগী ট্ৰাকচালকে৷ প্ৰাপ্ত তথ্য মতে, অসমৰ উল্লিখিত ঠাইসমূহৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা প্ৰতিখন কয়লাভৰ্তি ট্ৰাকৰ পৰা ৪০ হাজাৰ টকাকৈ গুণ্ডাকৰ সংগ্ৰহ কৰি আছে এটা দুষ্টচক্ৰই৷ মাৰ্ঘেৰিটাকে ধৰি উজনি অসমৰ বিভিন্ন ঠাইৰ কয়লাভৰ্তি ট্ৰাকৰ পৰা তিনিচুকীয়াত, মেঘালয়ৰ কয়লা কঢ়িওৱা ট্ৰাকৰ পৰা গুৱাহাটী আৰু বৰাকত, যোগীঘোপাৰ কয়লা পৰিবাহী ট্ৰাকৰ পৰা বঙাইগাঁৱত নিৰ্দিষ্ট পৰিমাণৰ ধন আদায় কৰে ছিণ্ডিকেট-চক্ৰই৷ প্ৰতিনিশাই কোটিৰ ঘৰত ধন সংগ্ৰহ কৰে ছিণ্ডিকেট-চক্ৰই৷ আন ঠাইত সংগৃহীত ধন গুৱাহাটীলৈ লৈ আহে এজেণ্টে৷ পৰিবহণ কোম্পানীৰ হতুৱাই ছিণ্ডিকেট-চক্ৰটোৱে প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা ৪০ হাজাৰ টকাকৈ আদায় কৰে৷ ‘ধন’ আদায়ৰ তথ্য মোবাইলৰ মেছেজযোগে সংশ্লিষ্ট পথত থকা ছিণ্ডিকেট-চক্ৰৰ আন লোকসকললৈ প্ৰেৰণ কৰে৷ সেইমৰ্মেই কয়লাৰ ট্ৰাকসমূহক ‘সুকলমে’ অসমৰ বাহিৰলৈ যাবলৈ দিয়া হয়৷ পৰিবহণ কোম্পানীক ধন আদায় নিদিয়া ট্ৰাকৰ নম্বৰ ছিণ্ডিকেট বাহিনীক মোবাইলযোগে মেছেজ কৰি দিয়া হয়৷ সেইমৰ্মে যাত্ৰাপথত বাহৰ পাতি থকা ছিণ্ডিকেট বাহিনীয়ে আৰক্ষীৰ সহযোগত ধন আদায় নিদিয়া কয়লাভৰ্তি বাহনসমূহক আবদ্ধ কৰে আৰু নিৰ্ধাৰিত ধনৰ দুগুণ ধন [জৰিমনাসহ] আদায় কৰাৰ উপৰি ট্ৰাকচালকসকলক হাৰাশাস্তি কৰে৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ট্ৰাকচালকে৷ অভিযোগ মতে, বেলতলাৰ একাংশ পৰিবহণ সংস্থাৰ লগত ছিণ্ডিকেট বাহিনীৰ গোপন বুজাবুজি থকা বাবেই আৰক্ষী-প্ৰশাসনে সকলো দেখিও নেদেখাৰ ভাও জুৰিছে৷ এনেদৰেই প্ৰতিদিনে শ শ অবৈধ কয়লা পৰিবাহী ট্ৰাকে অবাধে অহা-যোৱা কৰি আছে৷ আনহাতে, অসমৰ পৰা যোৱা প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ পৰা পশ্চিমবংগত সক্ৰিয় ছিণ্ডিকেট-চক্ৰই ২৫ হাজাৰ টকাকৈ আদায় কৰে৷ উক্ত গুণ্ডাকৰ সংগ্ৰহ প্ৰক্ৰিয়াতো অসমৰ একাংশ ৰাজনৈতিক ব্যক্তি তথা আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকা বুলি জানিব পৰা গৈছে৷ অসমৰ টোলগেটসমূহত কয়লাৰ গাড়ী ৰখাই মোবাইলৰ মেছেজ নিৰীক্ষণ কৰে ছিণ্ডিকেট বাহিনীৰ দ্বাৰা নিযুক্ত লোকে৷ বিজনীত থকা টোলগেটতো ছিণ্ডিকেট-চক্ৰটোৱে আৰক্ষীৰ সহযোগত ট্ৰাকচালকক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ঝাৰখণ্ডৰ এজন ট্ৰাকচালকে৷ গুৱাহাটীৰ বেলতলা আৰু তিনিচুকীয়াত অধিক সক্ৰিয় এই ছিণ্ডিকেট-চক্ৰৰ লগত আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ একাংশ শীৰ্ষ বিষয়া জড়িত থকাৰ বাবেই অসমজুৰি এই ছিণ্ডিকেট-চক্ৰৰ দৌৰাত্ম্য অব্যাহত আছে৷ প্ৰশ্ন উঠিছে, এই অবৈধ কয়লা সৰবৰাহ-কাণ্ডত আৰক্ষীয়ে ধৃতৰাষ্ট্ৰৰ ভূমিকা গ্ৰহণ কৰাৰ ৰহস্য কি? কয়লা ছিণ্ডিকেট-চক্ৰৰ নেপথ্য কাহিনী ক্ৰমাৎ ৰাজহুৱা হৈছে৷ সমান্তৰালভাৱে ৰহস্যাবৃত হৈ পৰিছে একাংশ ৰাজনীতিক আৰু আমোলা-বিষয়াৰ ভূমিকা৷ অতি শক্তিশালী আৰু সক্ৰিয় ছিণ্ডিকেট-চক্ৰক নাকী লগাবৰ বাবে স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক দাবী জনাইছে৷