Logo
image

অবিশ্বাস্য তৎপৰতাৰে চৰকাৰী বনধবংস

‘আমাৰ অসম’ৰ কৃষ্ণাইৰ প্ৰতিবেদক, ১৯ নৱেম্বৰঃ চৰকাৰী কাম লেহেম গতিত হয় বুলি এক প্ৰচলিত বদনাম আছে৷ কিন্তু শেহতীয়াভাৱে এই বদনামৰ পৰা হাত সৰাৰ বাবে যেন তৎপৰ হৈ পৰিছে চৰকাৰ৷ গোৱালপাৰা-ধূপধৰাৰ মাজৰ ১৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা পূৰঠ শালগছ কটাৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসনে যি তৎপৰতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰিলে, সেয়া যেন অভূতপূৰ্ব৷ কোনোধৰণৰ সময়ৰ অপচয় নকৰাকৈ চৰকাৰৰ উদ্যোগত এফালৰ পৰা কাটি খাস্তাং কৰা হ’ল বিশাল শালনিবাৰী৷গোলকীয় উষ্ণতা আৰু প্ৰদূষণক কেন্দ্ৰ কৰি যি সময়ত সমগ্ৰ বিশ্ব সচেতন হৈ পৰিছে, সেই সময়তে অসমৰ চৰকাৰ আৰু প্ৰশাসনে অতি তৎপৰতাৰে হাজাৰ হাজাৰ শালগছ কাটি নিজৰ কৰ্ম তৎপৰতা প্ৰদৰ্শন কৰিলে৷ মাত্ৰ দুই-তিনি মাহৰ ভিতৰত চৰকাৰী উদ্যোগত প্ৰায় ১৮ হাজাৰ পূৰঠ শালগছ কটাৰ যি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, আগন্তুক দুদিনৰ পাছত সেয়া সম্পূৰ্ণ হ’ব৷ ইতিমধ্যে উকা হৈ পৰা গোৱালপাৰাৰ ৰাষ্ট্ৰীয় পথৰ এই দুয়োপাৰ দুদিন পাছত সম্পূৰ্ণৰূপে বৃক্ষহীন হৈ পৰিব৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে ইমান দিনে দেখি অহা অপৰূপ সৌন্দৰ্য আপুনি আৰু কাহানিও দেখিবলৈ নাপাম৷  অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে ৰাজ্য চৰকাৰে আমাৰ ৰাজ্যখনত চৰকাৰী, বেচৰকাৰী সংস্থা তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ জৰিয়তে লাখ লাখ গছপুলি ৰোপণেৰে যি চমক সৃষ্টি কৰি বাহ! বাহ! ল’ব বিচাৰিছিল তাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাৰ দুধনৈ, ৰংজুলি আৰু কৃষ্ণাইত৷ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণৰ নামত জিলাখনৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত লাঙ্কি সংৰক্ষিত বনাঞ্চলৰ দুধনৈৰ ফফল আৰু কৃষ্ণাই মধ্য বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰঝাৰ আৰু বৰমাটিয়া সংৰক্ষিত বনাঞ্চলত প্ৰায় তিনি মাহত হাজাৰ হাজাৰ মূল্যবান শাল গছ কাটিবলৈ তহিলং কৰা হ’ল৷ বন বিভাগৰ পৰা জানিব পৰা মতে, প্ৰথম পৰ্যায়ত  জুলাইৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে পথৰ দুয়ো কাষে থকা শাল গছসমূহ কাটিবলৈ আৰম্ভ কৰা হৈছিল, কিন্তু সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকৃতিপ্ৰেমী লোকসকলে ইয়াৰ প্ৰতিবাদ কৰাত মুখ্যমন্ত্ৰীয়ে গছ কটা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সাময়িকভাৱে গছ কটা বন্ধ কৰে৷ তাৰ পাছতে কিছু দিনৰ বাবে পথৰ দুয়ো কাষে থকা সৰু সৰু গছ পুলিবোৰ উঠাই ৰংজুলি গাঠিয়াপাৰা আৰু কৃষ্ণাইৰ বৰঝাৰ অঞ্চলৰ সংৰক্ষিত বনাঞ্চলত ৰোপণৰ ব্যৱস্থা কৰা বুলি জনিবলৈ দিয়ে৷ ইপিনে, পুনৰ তিনি মাহৰ পিছত আকৌ গছ কাটিবলৈ নিৰ্দেশ পোৱাত বিগত পোন্ধৰ দিনৰ পৰা গছ কাটিব প্ৰায় শেষ বুলি ক’ব পাৰি৷ অহা দুটা দিনত সম্পূৰ্ণ গছ কটা শেষ হ’ব বুলি কৃষ্ণাইৰ বন বিষয়াই জানিবলৈ দিয়ে৷ উকা হৈ পৰিল গোৱালপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথ৷ জানিব পৰা মতে, ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত দুধনৈৰ পৰা ধূপধৰালৈ প্ৰায় ২৮ কিলোমিটাৰ পথৰ দুয়ো কাষে থকা ৮৭২৬ জোপা শাল গছ কটা যাব বুলি জানিব পৰা গৈছে৷ একেইদৰে কৃষ্ণাই মধ্য আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত ৮৮২১ জোপা আৰু গোৱালপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বনাঞ্চলত ৪৪৪ জোপা গছ কটা যাব বুলি জানিব পৰা গৈছে৷ তদুপৰি পাইকানৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মেঘালয়লৈ যোৱা ২১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুকুৰকাটালৈ পথছোৱাৰ দুয়ো কাষে থকা শাল গছসমূহো কটা মুঠতে জিলাখনত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত প্ৰায় ১৮ হাজাৰ গছ কটা যাব৷