Logo
image

১০০টকীয়া টিকট ৫০০ টকাত! ৮ অভিযুক্তক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ বৰপেটাৰোডৰ প্ৰতিবেদক, ১৯ নৱেম্বৰঃ হাউলী ৰাস মহোৎসৱৰ বিলাসী লটাৰী খেলৰ টিকট বিক্ৰীত ব্যাপক অনিয়মৰ বাবে অসমৰ জনপ্ৰিয় লটাৰী খেলখনৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ টিকটৰ কৃটিম নাটনিৰ সৃষ্টি কৰি একাংশই ব্লেকত লটাৰী টিকট বিক্ৰী কৰি থকা ঘটনাই সৰ্বসাধাৰণ ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা সময়তেই টিকট ব্লেকাৰ চক্ৰৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে অভিযান চলাই  ৮ জনকৈ ব্লেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এশ টকাত ২১খনকৈ বিলাসী গাড়ী প্ৰদান কৰা লটাৰী খেলখনৰ ক’লা বজাৰত ৫০০টকাকৈ বিক্ৰী হোৱা দেখা গৈছে৷ এই সন্দৰ্ভত ধৃত ৮ব্লেকাৰ হৈছে ক্ৰমে- ৰন্তু নাথ, ৰমুল দেউৰী, হৰ্ষজিৎ ৰামচিয়াৰী, নৱজিৎ নাথ, মৃণ্ময় নাথ, অমূল্য দাস, সীমান্ত নাথ আৰু চন্দন দাস৷ ধৃত ব্লেকাৰ ৮টাৰ পৰা ২৫টাকৈ টিকটযুক্ত ২৪টা বহীৰ মুঠ ৬০০টা টিকট আৰু অতিৰিক্ত ১৫টা টিকট আৰক্ষীয়ে জব্দ কৰিছে৷ কিন্তু যিসময়ত এশ টকীয়া এটা লটাৰী টিকট ক্ৰয় কৰিবলৈ শ শ লোকে বোন্দাপৰ দি কাউণ্টাৰৰ সন্মুখত পুৱা চাৰি-পাঁচ বজাৰ পৰা শাৰী পাতিবলগা হৈছে, সেইসময়তে কিন্তু টিকটৰ কৃটিম নাটনিৰ সৃষ্টি কৰি ব্লেকত বিক্ৰী কৰা হৈছে হাউলী ৰাস মহোৎসৱৰ লটাৰী টিকট৷ উজনি-নামনিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পুৱা চাৰি-পাঁচ বজাৰ পৰা শাৰী পাতি থকা এই শ শ লোকক কাউণ্টাৰত টিকট দিয়া হৈছে মাত্ৰ দুটাকৈ৷ কিন্তু সেই একে টিকট চৰা দামত ব্লেকত উলপব্ধ বৃহৎ মাত্ৰাত৷ ১০০ টকীয়া এটা লটাৰী টিকট বিক্ৰী হৈছে ৪০০-৫০০ টকাত৷ প্ৰশ্ন উঠিছে সাধাৰণ ৰাইজৰ বাবে অনুপলব্ধ হাউলী ৰাস মহোৎসৱৰ লটাৰী টিকট ব্লেকত বিক্ৰী হৈছে কেনেকৈ? টিকটৰ কৃটিম নাটনিৰ সৃষ্টি কৰি ব্লেকত লটাৰী টিকট বিক্ৰীৰ এই ঘটনাই এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মাজত৷ এই সন্দৰ্ভত বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) বিদ্যুৎ বিকাশ বৰা ভূঞাই এক সংবাদ মেলযোগে জনায়৷