Logo
image

কাগজ কল কেন্দ্ৰই নচলায়, চন্দ্ৰই চলাব

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কথাই দোচোৰা৷ সৰু বা ডাঙৰ– যি কামেই নহওক কিয়, পাটোৱাৰীয়ে সেই কাম কৰিব নোৱৰাৰ প্ৰশ্নই নুঠে৷ একপ্ৰকাৰে ক’বলৈ গ’লে অসাধ্য সাধন কৰাত পাটোৱাৰী সিদ্ধহস্ত৷ অৱশ্যে হাতে-কামে নহয়, মুখেৰেহে৷ নগাঁও আৰু কাছাৰ কাগজ কলৰ ক্ষেত্ৰত অসম চৰকাৰৰ মুখপাত্ৰ চন্দ্ৰমোহন পাটোৱাৰীয়ে শেহতীয়াকৈ দিয়া ভাষ্যই এই ইংগিত বহন কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কৰিব নোৱৰা কামো চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰিব পাৰে৷ কোৱা বাহুল্য যে নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত প্ৰকৃততে ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ আন্তৰিকতা নাই৷ কেন্দ্ৰীয় চৰকাৰেও দীৰ্ঘদিন ধৰি এই ক্ষেত্ৰত অসমৰ ৰাইজক আভুৱা ভাৰি আহিছে৷ শেহতীয়াকৈ উক্ত  কাগজ কল দুটাক লৈ ৰাজ্য চৰকাৰে ৰাইজক পুনৰ মুনাফা লুটাৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কৌশল অৱলম্বন কৰিছে৷ সেই কথা স্পষ্ট হৈ পৰিছে ৰাজ্যৰ উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভাষ্যত৷ বৃহস্পতিবাৰে অসম বিধান সভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কাগজ কল দুটা সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি উদ্যোগমন্ত্ৰী পাটোৱাৰীয়ে কয়– ‘নগাঁও আৰু কাছাৰ কাগজ কল দুটা হৈছে ভাৰত চৰকাৰৰ অধীনৰ৷ ভাৰত চৰকাৰে কাগজ কল দুটা নচলায়৷ এই কথা সত্য৷ ৰাজ্য চৰকাৰেহে কাগজ কল দুটা চলোৱাৰ চিন্তা-চৰ্চা কৰি আছে৷ বিষয়টো সন্দৰ্ভত এন চি এল টিৰ সৈতে ৰাজ্য চৰকাৰৰ আলোচনা চলি আছে৷ এন চি এল টিয়ে বিচৰা ধৰণে আমি যাৱতীয় তথ্যপাতি দাখিল কৰিছো৷ এন চি এল টিৰ বিষয়া আৰু কৰ্মচাৰীৰ সৈতে সময়ে সময়ে আমি কথাও পাতিছো৷ কাগজ কল দুটা কেনেকৈ চালু কৰিব পাৰি সেই সন্দৰ্ভত তেওঁলোকৰ সৈতে আলোচনা অব্যাহত আছে৷’ গুৰুত্বপূৰ্ণ কথা হ’ল– নগাঁও আৰু কাছাৰ কাগজ কল দুটা পুনৰুজ্জীৱিত সন্দৰ্ভত বিগত দিনত ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছিল৷ বিভিন্ন দল-সংগঠনে এই সন্দৰ্ভত প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল৷ সমান্তৰালকৈ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী চলাই আহিছে কাগজ কল দুটাত কৰ্মৰত বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে৷ ইতিমধ্যে  কল দুটাত নিয়োজিত বিষয়া-কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈছে৷ শাসনাধিষ্ঠিত বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰকে ধৰি সময়ে সময়ে কাগজ কল দুটা চালু কৰাৰো প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ আজি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া ভাষ্যই ৰাইজৰ আশাত চেঁচাপানী ঢালিলে৷ কেন্দ্ৰীয় চৰকাৰৰ দোহাই দি মন্ত্ৰী পাটোৱাৰীয়ে এন চি এল টিৰ সৈতে আলোচনা চলি থকা বুলি কৈ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পুনৰ ৰাইজক আভুৱা ভাৰাৰ কৌশল অৱলম্বন কৰিছে বুলি সৰ্বত্ৰ আলোচনা চলিছে৷ সচেতন মহলৰ মতে– প্ৰকৃতাৰ্থত মিল দুটা চালু কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অলপো সদিচ্ছা নাই৷ এনে এক পৰিস্থিতিত কাগজ কল দুটাত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত কি হ’ব তাক লৈও ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ মাজত সৰৱ চৰ্চা চলিছে৷