Logo
image

কাৰাবন্দী অখিল গগৈক হত্যাৰ চেষ্টা!

অভিযোগ ৰাইজৰ দলৰ

আমাৰ অসম, ১৩ ফেব্ৰুৱাৰীঃ কৃষক নেতা অখিল গগৈক কাৰাগাৰতে হত্যাৰ পৰিকল্পনা কৰিছে চৰকাৰে৷ আপোচ নকৰাৰ বাবেই কৃষক নেতা অখিল গগৈক পোতাশালৰ পৰা মুকলি কৰি দিয়া নাই চৰকাৰে৷ এই চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো-ডি শইকীয়াই৷ সৰ্বোচ্ছ ন্যায়ালয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন নাকচ কৰাৰ পাছতে ন্যায়ালয়ৰ প্ৰতি আস্থা নোহোৱা হৈ পৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ নেতৃত্বই৷ শুকুৰবাৰে গুৱাহাটীত এখন সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো-ডি শইকীয়াই কয়– সৰ্বোচ্ছ ন্যায়ালয়ে মাত্ৰ দুটা বাক্য কৈ অখিল গগৈৰ জামিন আবেদন নাকচ কৰি পৰৱৰ্তী সময়তহে ন্যায়ালয়ৰ কাষ চাপিবলৈ কৈছে৷ আমি এই ৰায়ত সমূলি আচৰিত হোৱা নাই৷ বৰ্তমান সময়ত ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত কাৰ্যপালিকাৰ পোনপটীয়া হস্তক্ষেপ চলিছে আৰু চৰকাৰে কোনোপধ্যে নিৰ্বাচনৰ পূৰ্বে অখিল গগৈক মুক্তি নিদিয়াৰ স্থিতি গ্ৰহণ কৰিছে৷ একমাত্ৰ ‘ভয়’ৰ বাবেই অখিল গগৈক চৰকাৰে মুকলি কৰি দিব বিচৰা নাই৷ বিজেপি-আৰএছএছৰ চৰকাৰে গণতন্ত্ৰক সমাধিস্থ কৰি সাম্প্ৰদায়িক ৰাজনীতিৰে সম্পদ তথা বজাৰ কৰ্প’ৰেট পুঁজিপতিৰ হাতত তুলি দিছে৷ চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে কেৱল অখিল গগৈয়েহে প্ৰত্যাহ্বান জনাব পাৰে৷  অখিল গগৈয়ে একমাত্ৰ নেতা যি অসমৰ জনগণক লগত লৈ বিজেপি-আৰ এছএছৰ ২০২১ নিৰ্বাচনত ওফৰাই পেলাব পাৰে৷ অখিল গগৈক পোতাশাললৈ নিক্ষেপ কৰি বহু জনবিৰোধী কাৰ্য আৰম্ভ কৰিলে কেন্দ্ৰৰ মোদী আৰু ৰাজ্যৰ সোণোৱাল চৰকাৰে৷ অখিল গগৈক জে’লত ভৰাই ‘কা’ আন্দোলনক মষিমূৰ কৰিলে৷ কৃষক মুক্তিয়ে ইমান দিনে বন্ধ কৰি ৰখা টোলগেটসমূহ এখন এখনকৈ খুলি দিলে৷ অখিল গগৈৰ নেতৃত্বত অসমবাসীয়ে বন্ধ কৰি ৰখা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম পূৰ্ণগতিত চলাই নিছে৷ অসমৰ ২৩ লাখ থলুৱা লোকে ভূমি পট্টা লাভ কৰিব লাগে যদিও কেইজনমান মানুহক পট্টা বিতৰণ কৰি জাতি-মাটি-ভেটি ৰক্ষা কৰা বুলি প্ৰচাৰ চলাইছে সোণোৱাল চৰকাৰে৷ অখিল গগৈক কাৰাগাৰতে হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল৷ সেয়া আমি বিশেষ কাৰণত খুলি ক’ব নোৱাৰো যদিও পুনৰ অখিল গগৈক হত্যাৰ ষড়যন্ত্ৰৰ বলি হ’ব পাৰে৷ তেওঁক সৰ্বোচ্ছ  প্ৰলোভন দিয়া হৈছিল যদিও গগৈয়ে চৰকাৰৰ সেই প্ৰলোভন গ্ৰহণ নকৰিলে৷ চৰকাৰৰ ওচৰত বিক্ৰী নোযোৱাৰ বাবেই সুদীৰ্ঘ ১৫ মাহ ধৰি কাৰাগাৰতে বন্দী কৰি ৰাখিছে আমাৰ নেতা অখিল গগৈক৷ ন্যায়ালয়ৰ প্ৰতি এতিয়া আমাৰ আস্থা হেৰাই গৈছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত জামিন সন্দৰ্ভত এটা গোচৰ চলি আছে যদিও নিৰ্বাচনৰ পূৰ্বে অখিল গগৈয়ে জামিন পাব বুলি আমি বিশ্বাস নকৰো৷ এইবাৰ সোণোৱাল চৰকাৰক গাদীচ্যুত কৰাৰ বাবে সৰ্বাত্মক আন্দোলনৰ বাবে অসমবাসী সাজু হওক৷ ‘কা’ আন্দোলনত সকলো চামিল হৈছিল কিন্তু অখিল গগৈকহে কেৱল বন্দী কৰি ৰখা হৈছে৷ সকলো দল-সংগঠনলৈ আমাৰ আহ্বান ‘কা’ বিৰোধী আন্দোলন পুনৰ আৰম্ভ কৰক৷ বিজেপি-আৰএছএছক গাদীচ্যুত কৰিবলৈ সকলোৱে অখিল গগৈ অবিহনে কৰ্মযজ্ঞত নামি পৰক৷ অৱশ্যে দলে সিদ্ধান্ত ল’লে কাৰাগাৰৰ পৰাই অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব৷’