Logo
image

পণবন্দীৰ আদান-প্ৰদান গাজাত সাময়িক শান্তি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৬ নৱেম্বৰঃ শনিবাৰে ১ মাহ ১৮ দিনত ভৰি দিয়া ইজৰাইল-পেলেষ্টাইন যুদ্ধৰ বহু প্ৰত্যাশিত ৪ দিনীয়া সাময়িক যুদ্ধ বিৰতিৰ প্ৰথমদিনাই শুকুৰবাৰে সশস্ত্ৰ পেলেষ্টাইনী গোষ্ঠী হামাছে ২৪ জন পণবন্দীক মুক্তি দিয়াৰ পাছত ইজৰাইলেও  তেওঁলোকৰ কাৰাগাৰত দীৰ্ঘদিন বন্দী কৰি ৰখা ৩৯ জন পেলেষ্টাইনী নাগৰিকক মুক্তি দিছে৷ নিৰপেক্ষ দেশ কাটাৰৰ মধ্যস্থতাত ২৪ নৱেম্বৰৰ পৰা এই বহু প্ৰত্যাশিত ৪ দিনীয়া যুদ্ধবিৰতিআৰম্ভ হৈছে৷ যুদ্ধবিৰতি আৰু দীৰ্ঘায়িত কৰাৰ আশাৰে কাটাৰৰ এটা কূটনীতিবিদৰ দল শনিবাৰে গৈ ইজৰাইলত উপস্থিত হৈছে৷ ৪ দিনীয়া যুদ্ধবিৰতিৰ মূল চুক্তি অনুসৰি ২৪-২৭ নৱেম্বৰত উভয়পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ বন্ধ থাকিব৷ এই সময়চোৱাত সশস্ত্ৰ গোষ্ঠী হামাছে যোৱা ৭ অক্টোবৰত ইজৰাইলৰ পৰা অপহৰণ কৰি অনা ৫০ জন পণবন্দীক মুক্তি দিব৷ ইয়াৰ বিপৰীতে ইজৰাইলে কাৰাগাৰত বন্দী কৰি ৰখা ১৫০ জন পেলেষ্টাইনীক মুক্তি দিব৷ শুকুৰবাৰে হামাছে মুক্ত কৰি দিয়া ২৪ জন পণবন্দীৰ ১৩ জন ইজৰাইলী নাগৰিক, ১০ জন থাইলেণ্ডৰ আৰু এজন ফিলিপাইন্সৰ নাগৰিক৷ ইজৰাইলৰ কাৰাগাৰত বন্দী কৰি ৰখা পেলেষ্টাইনী নাগৰিকৰ তালিকা হামাছে ইজৰাইললৈ প্ৰেৰণ কৰিছে আৰু ইজৰাইলে সেই তালিকা পৰীক্ষা কৰি আছে৷ আজি শনিবাৰে যুদ্ধবিৰতিৰ দ্বিতীয় দিনা উভয়পক্ষই পণবন্দী আৰু কাৰাবন্দীৰ দ্বিতীয়টো গোটক মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া অব্যাহত আছে৷ চাৰিদিনীয়া যুদ্ধবিৰতিৰ ফলত পেলেষ্টাইনী নাগৰিকে ইজৰাইলৰ মুহূৰ্মুহু আক্ৰমণৰ পৰা উশাহ ঘূৰাই পাইছে আৰু গাজালৈ সাময়িক হ’লেও শাস্তিৰ পৰিৱেশ উভতি আহিছে৷