Logo
image

আৰক্ষী, দিছপুৰৰ নাম কৈ এজেণ্টৰ ধন সংগ্ৰহ

কয়লা ছিণ্ডিকেট ৰহস্য [৪]

আমাৰ অসম, ১৩ ফেব্ৰুৱাৰীঃ ৰাজ্যত নিৰ্বাচনৰ এই ধামখুমিয়াৰ মাজত মুকলিকৈয়ে চলি আছে কয়লা ছিণ্ডিকেট৷ শাসক দলৰ কথাতো বাদেই, অগপ-কংগ্ৰেছৰ দৰে দলেও এই সন্দৰ্ভত ৰহস্যজনকভাৱে মাত মতা নাই৷ আৰক্ষীয়েও মাজে-সময়ে ছিণ্ডিকেট চক্ৰৰ লগত জড়িত দুই-এটা পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰিয়েই ৰহস্যজনক ভূমিকা পালন কৰে৷ শেহতীয়াকৈ যোৱা কিছুদিন বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ যোগীঘোপাৰে বহিঃৰাজ্যলৈ কয়লাৰ অবৈধ বেহা অব্যাহত থকা বিষয়টো ‘আমাৰ অসম’ৰ অনুসন্ধানত পোহৰলৈ অহাত দিছপুৰ আৰু আৰক্ষী অস্বস্তিত পৰিছে৷ কিন্তু অবৈধ কয়লা পৰিবহণৰ সুযোগ দি ধন সংগ্ৰহ কৰাত যতি পৰা নাই৷ উত্থাপিত অভিযোগ অনুসৰি, বৰাক উপত্যকাৰ কৰিমগঞ্জৰ মালিধৰ চেক্‌গেট পাৰ কৰোৱাৰ বাবে প্ৰতিখন অবৈধ কয়লাৰ ট্ৰাকৰ পৰা এই ছিণ্ডিকেট চক্ৰটোৱে ৬৮-৭০ হাজাৰ টকাকৈ সংগ্ৰহ কৰে৷ এই ছিণ্ডিকেট চক্ৰটোৰ যোগেদি পাৰ হোৱা ট্ৰাকসমূহে গুৱাহাটীৰ এজন ব্যৱসায়ীৰ পৰা নিৰ্দিষ্ট ‘শ্লিপ’ লৈ মালিধৰ চেকগেটত প্ৰদৰ্শন কৰাৰ পাছত এই ট্ৰাকসমূহ পাৰ কৰাবলৈ অনুমতি প্ৰদান কৰা হয়৷ ইয়াৰ উপৰি এই ছিণ্ডিকেট চক্ৰটোক গুৱাহাটীস্থ উক্ত ব্যৱসায়ীজনৰ ঘনিষ্ঠ জনৈক কলিতাই এই ‘শ্লিপ’সমূহ প্ৰদান কৰে৷ তদুপৰি মেঘালয়ৰ পৰা শৰাইঘাট দলং হৈ যোগীঘোপালৈ যোৱা  ছিণ্ডিকেট চক্ৰটো পৰিচালনা কৰে জনৈক প্ৰীতম ওৰফে গুড্ডু নামৰ এজন বিহাৰৰ যুৱকে৷ এই এজেণ্টসমূহে দিছপুৰ আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নাম লৈ ভয়-ভাবুকিৰে প্ৰতিনিশাই লাখ লাখ টকা সংগ্ৰহ কৰিছে৷ এই দুই ছিণ্ডিকেট চক্ৰই ৰাজ্যৰ এজন শীৰ্ষ আৰক্ষী বিষয়াক বৃহৎ অংকৰ ধন দৈনিক প্ৰদান কৰি এই অবৈধ ছিণ্ডিকেট অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ কিন্তু নিৰ্বাচনৰ এই সংবেদনশীল সময়ত কয়লা পৰিবহণৰ আঁৰ লৈ ড্ৰাগ্‌ছ আৰু অস্ত্ৰ সৰবৰাহকাৰীৰ এটা চক্ৰও সক্ৰিয় হৈ উঠাৰ তথ্য পোৱা গৈছে৷