Logo
image

পুনৰ বিহু-গছপুলি ৰোপণত বিশ্ব অভিলেখৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ নৱেম্বৰঃ ২০২৫ চনৰ ৭ এপ্ৰিলত ২৫ হাজাৰ বিহুৱা-বিহুৱতীয়ে নতুন দিল্লীত বিহু প্ৰদৰ্শন কৰিব৷ অসমত ১১ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু প্ৰদৰ্শন কৰিছিল৷ বিহুক লৈ আমাৰ বিশ্ব অভিলেখ আমিয়েই ভংগ কৰিম৷ –এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বিহু আৰু গছপুলি ৰোপণৰ নতুন অভিলেখ গঢ়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্পৰ কথা সদৰী কৰি তেওঁ আৰু কয়– ২০২৫ চনৰ এপ্ৰিলত বিহুক লৈ নতুন বিশ্ব অভিলেখ গঢ়াৰ বাবে সম্পূৰ্ণ এটা বছৰ প্ৰচেষ্টা চলাম৷ অমৃত বৃক্ষ আন্দোলনৰ জৰিয়তে গছপুলি ৰোপণৰ ক্ষেত্ৰত ৯টা বিভিন্ন শিতানত বিশ্ব অভিলেখ গঢ়াৰ প্ৰমাণ-পত্ৰ গ্ৰহণ কৰি এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০২৪ চনত তিনি কোটি আৰু ২০২৫ চনত পাঁচ কোটি গছপুলি ৰোপণ কৰিও আন দুটা বিশ্ব অভিলেখ গঢ়িব বুলি সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷ উল্লেখ্য, গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই গীনিজ ৱল্ডৰ্ ৰেকৰ্ড  এডজুডিকেটৰ স্বপ্নীল ডাংগাৰিকৰৰ পৰা ইয়াৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই শুভাৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ অংশ হিচাপে সমগ্ৰ ৰাজ্যজুৰি   যোৱা ১৭ ছেপ্টেম্বৰত একেটা দিনতে সৰ্বমুঠ ১,১১,১৭,৭৮১ টা বাণিজ্যিকভাৱে মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়৷ আত্মসহায়ক গোটৰ সদস্য, আশাকৰ্মী, অংগনবাড়ী কৰ্মী, শিক্ষানুষ্ঠান, ভিডিপিকে ধৰি আৰক্ষী, চাহ বাগিচাৰ কৰ্মী আৰু অন্যান্য নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণেৰে জনভাগীদাৰীৰ আৰ্হিত সমগ্ৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হয়৷ ৰাজ্যৰ পৰিৱেশ আৰু বন বিভাগে আৰম্ভ কৰা ঐতিহাসিক বৃহৎ বৃক্ষ ৰোপণ অভিযানেৰে গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল৷ সেই অনুসৰি ৯ টা শিতানত অমৃত বৃক্ষ আন্দোলনে ৯ টা অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ প্ৰথমটো শাখাত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২২.২২ কিলোমিটাৰ দীঘল শাৰীত অগৰু আৰু মেহগনি প্ৰজাতিৰ ৩,২২,৪৪৪ টা পলি-পটেড গছপুলি কুণ্ডলী আকৃতিত সজাই গছপুলিৰ দীৰ্ঘতম শাৰী হিচাপে গীনিজ বিশ্ব অভিলেখ গঢ়িছিল৷ দ্বিতীয় শাখাত ২৪ ঘণ্টাৰ ভিতৰত খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৩,২২,৪৪৪ টা পুলি বিতৰণেৰে একেটা স্থানতে সৰ্বোচ্ছ সংখ্যক গছপুলি বিতৰণ কৰি উত্তৰ প্ৰদেশ বন বিভাগে  প্ৰয়াগৰাজত ২০১৮ চনত ৭৬,৮২৫ টা গছপুলি বিতৰণৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অসমে নতুন গীনিজ অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ তৃতীয় শাখাত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড সংৰক্ষিত বনাঞ্চলত ধনশিৰি বন বিভাগৰ দ্বাৰা ২৪ ঘণ্টাত ১০০ হেক্টৰ ভূমিত ৯,২১,৭৩০ টা গছপুলি ৰোপণেৰে ২০১৩ চনত পাকিস্তানে খাৰোচনত স্থাপন কৰা  ৮,৪৭,২৭৫ টা গছপুলি ৰোপণৰ পূৰ্বৰ অভিলেখ ভংগ কৰি অসমে নতুন গীনিজ বিশ্ব অভিলেখ গঢ়ে৷ চতুৰ্থ শাখাত ডিব্ৰুগড় জিলাৰ অভয়পুৰত ডিব্ৰুগড় বন সংমণ্ডলৰ ৮,৯০০ গৰাকী লোকে  ৩,৩১,৯২৯ টা গছপুলি ৰোপণেৰে ৰ ঘণ্টাত এটা দলৰ দ্বাৰা সৰ্বাধিক গছপুলি ৰোপণৰ গীনিজ বিশ্ব অভিলেখ গঢ়ে৷  পঞ্চম শাখাত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ৮,৫৬৩.০১ বৰ্গমিটাৰ ঠাইৰ ওপৰত পটেড গছপুলিৰ মোজাইক সৃষ্টি কৰা হয়, য’ত কেন্দ্ৰত এটা এশিঙীয়া গঁড়ৰ সৈতে অসমৰ মানচিত্ৰ প্ৰদৰ্শনেৰে গছপুলিৰ সৰ্ববৃহৎ মোজাইক সৃষ্টিৰ নতুন গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ এই মোজাইক সৃষ্টিত মুঠ ৬,৩২,০০০ গছপুলি ব্যৱহাৰ কৰা হৈছিল৷ ষষ্ঠ শাখাত শিৱসাগৰ জিলাৰ গেলেকীত ১,২২৯ গৰাকী ছাত্ৰীয়ে মাত্ৰ ৫৮ ছেকেণ্ডত ১,২২৯ টা অগৰু গছৰ পুলি ৰোপণেৰে সৰ্বাধিক অংশগ্ৰহণকাৰীৰ দ্বাৰা একেলগে গছপুলি ৰোপণৰ গীনিজ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়৷ সপ্তম শাখাত ৭০,৪৯০ গৰাকী লোকে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতা সন্দৰ্ভত পি চি চি এফ আৰু এইচ অ’ এফ এফ, অসমে প্ৰদান কৰা অনলাইন ইউনিটৰ পাঠদৰ্শনৰ যোগেদি পৰিৱেশ বহনক্ষমতা সন্দৰ্ভত সৰ্বাধিক দৰ্শকৰ দ্বাৰা ইউটিউবট পোনপটীয়া সম্প্ৰচাৰ দৰ্শনৰ গীনিজ বিশ্ব অভিলেখ গঢ়ে৷  ১১ ছেপ্টেম্বৰত প্ৰধান মুখ্য বন সংৰক্ষক তথা অসমৰ বন বাহিনীৰ মুৰব্বীজনে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষমতাৰ ওপৰত এই পাঠ অনলাইনত প্ৰদান কৰিছিল৷ গছপুলি ৰোপণ কৰা লোকসকলৰ সৰ্ববৃহৎ ফটো এলবামৰ সৃষ্টি কৰা হৈছিল৷ অমৃত বৃক্ষ আন্দোলন পৰ্টেলত গছপুলি ৰোপণ কৰা লোকৰ ৭১,৮২,৩৫৮ খন ফটোৰ অনলাইন এলবাম আপলোড কৰি অষ্টম অভিলেখ স্থাপন কৰা হৈছিল৷ পৰিৱেশ বহনক্ষমতা অভিযানৰ বাবে ৯ পৰা ১৭ ছেপ্টেম্বৰলৈ  এটা মাহত সৰ্বাধিক লোকে শপত গ্ৰহণ কৰে৷ গছপুলি ৰোপণ আৰু সুৰক্ষাৰ বাবে অমৃত বৃক্ষ আন্দোলনত ২০২৩ সময়ত অনলাইনযোগে ৰাইজৰ ৪৭,২৮,৮৯৮ টা শপত গ্ৰহণৰে নৱমটো গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলা হৈছিল৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বনাঞ্চলৰ জৰিয়তে  অসমৰ অৰ্থনীতি শক্তিশালীকৰণৰ উদ্দেশ্যৰে অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰা হৈছিল৷ পৰিৱেশ বিজ্ঞানৰ সৈতে খাপখোৱা অৰ্থনীতি গঢ়ি তোলাৰ দিশত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ দি  সেউজ অৰ্থনীতি গঢ়ি তোলাৰ বাবে কাম কৰি আহিছে৷ ৰাজ্য চৰকাৰে জনভাগীদাৰিত্বৰে আন্দোলনৰ সূচনা কৰি আহিছে৷ অমৃত বৃক্ষ আন্দোলন এই পদক্ষেপৰে অংশ৷ জনসাধাৰণে ৰাজ্যখনৰ সেউজ আভৰণ সম্প্ৰসাৰণৰ দিশত সক্ৰিয়ভাবে অংশ গ্ৰহণ কৰা বাবেই বিশ্ব অভিলেখ স্থাপন কৰাটো সম্ভৱ হৈছে৷ ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণে অমৃত বৃক্ষ আন্দোলনত ব্যাপকভাবে অংশ গ্ৰহণ কৰি অনলাইনত আপলোড কৰাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে৷ জনসাধাৰণে এই আন্দোলনত সহযোগিতা আগবঢ়োৱাটোৱে নতুন অসম নিৰ্মাণৰ প্ৰমাণ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ অসম আৰু ৰাজ্যখনৰ জনসাধাৰণক সকলো প্ৰকাৰে সহায় কৰি বিভিন্ন ক্ষেত্ৰত অভিলেখ গঢ়াৰ দিশত উদাৰমনে সহযোগিতা আগবঢ়াই আহিছে৷ আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ, পিচিচি এফ এম কে যাদৱে ভাষণ প্ৰদান কৰে৷ অনুষ্ঠানত বিধায়ক সুৰেন ফুকন, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷