Logo
image

‘সংগ্ৰামী সত্তা’ অখিল গগৈক মুক্তিৰ দাবী জুবিনৰ

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ কৃষক নেতা অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে চৰকাৰে কাৰাবন্দী কৰি থৈছে৷ তেওঁক শীঘ্ৰে মুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ অখিল গগৈ হৈছে অসমীয়াৰ এক প্ৰতিবাদকাৰী সত্ত্বা৷ এই প্ৰতিবাদী সত্ত্বাক চৰকাৰে এইদৰে বন্দী কৰি থোৱাটো উচিত হোৱা নাই বুলি স্পষ্টভাৱে প্ৰকাশ কৰে৷ তেওঁক মুক্তি কৰি দিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি পুনৰ আহ্বান জনালে জুবিন গাৰ্গে৷ তেজপুৰৰ বিভিন্ন লোকেচনত জুবিনৰ নতুন এলবাম এটাৰ শ্বুটিঙত ব্যস্ত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱজন৷ তেজপুৰ তেওঁৰ প্ৰিয় ঠাই আৰু সেইবাবেই ইয়াত তেওঁৰ এলবামৰ শ্বুটিং চলি আছে৷ ডাঃ বেজবৰুৱাৰ পাছত এই এলবামৰ কাম তাৰ পাছতেই আৰম্ভ হ’ব জুবিনৰ আন এখন ছবি ডাষ্টবিনৰ কামৰ কথা প্ৰকাশ কৰে জুবিন গাৰ্গে৷  যোৱা কালিৰ পৰা তেজপুৰত বাহৰ পাতি থকা জুবিনে অব্যাহত ৰাখিছে ‘কা’ বিৰোধী আন্দোলন৷ ক’ভিডৰ বাবেই ৰাজপথত আন্দোলন নহ’ব৷ এই প্ৰতিবাদ হ’ব আন্যধৰণে৷ ইফালে আছুৰ সাধাৰণ সম্পাদক থকাৰ কালত লুৰীণজ্যোতি গগৈৰ লগত একেলগে ‘কা’ আন্দোলনত অংশ লোৱা জুবিনে স্বভাৱসুলভভাৱেই লুৰীণৰ ৰাজনৈতিক জীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জনালে৷ যদিও লুৰীণজ্যোতিয়ে শনিবাৰে এক ৰাজনৈতিক আদৰ্শৰে আগবাঢ়িছে তথাপিও তেওঁক পৰামৰ্শ দিয়াৰ পৰা বিৰত থাকি জুবিনে জনালে শুভেচ্ছা৷ ২০২১ বৰ্ষত জুবিনে হাতত লোৱা ডাষ্টবিন নামৰ ছবিখনে দৰ্শকক আন এক স্বাদ দিব৷ অৱশ্যে ৰাজনীতি ছবিখনত তেওঁ অভিনয় কৰা বুলিও সদৰি কৰে৷