ন্যায়ালয়ৰ প্ৰতি অনাস্থা ঘোষণা ৰঞ্জন গগৈৰ
আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ভাৰতীয় আইন-আদালত আৰু ন্যায়পালিকাৰ ওপৰত সামান্যতমো আস্থা নাই৷ কোনো ন্যায় বিচাৰৰ বাবে আনকি তেওঁ নিজেও দেশৰ আদালতলৈ যাবলৈ আগ্ৰহী নহয়৷ তেওঁ আনকো আদালতকৈ যাবলৈ পৰোক্ষভাৱে নিৰুৎসাহ কৰিছে৷ মূলতঃ ভাৰতীয় ন্যায়পালিকাৰ সোলোক-ঢোলোক ব্যৱস্থাৰ বাবেই ৰঞ্জন গগৈয়ে দেশৰ আদালতৰ পৰা কোনো ৰায়দান লাভ নকৰিব বুলি মন্তব্য কৰিছে৷ এতিয়াৰ পৰা ডেৰ বছৰৰ আগলৈকে দেশৰ ন্যায়পালিকাৰ শীৰ্ষত অৱস্থান কৰা অৰ্থাৎ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি এই চৰম অনাস্থাই স্বাভাৱিকতে অতি তাৎপৰ্য বহন কৰিছে৷ তদুপৰি দেশৰ ন্যায়পালিকাৰ জৰিয়তে কোটিপতি ব্যৱসায়ী গোষ্ঠীহে লাভান্বিত হয় বুলি ৰঞ্জন গগৈয়ে কৰা বিস্ফোৰক মন্তব্যত বহুতেই আশ্চৰ্য প্ৰকাশ কৰিছে৷
কলকাতাত ‘ইণ্ডিয়া টুডে’ই আয়োজন কৰা ‘ইষ্টাৰ্ন কনক্লেভ’ত ভাগ লৈ ৰামমন্দিৰ, ৰাফাল আদি বহুচৰ্চিত গোচৰত ক্ৰমে বৃহৎ জনগনৰ প্ৰত্যাশাৰ আৰু চৰকাৰৰ সপক্ষে ৰায়দান কৰা ৰঞ্জন গগৈৰ এই বক্তব্যৰ কাৰণ কি সেই লৈ তীব্ৰ চৰ্চা আৰম্ভ হৈছে৷ ২০১৯ চনৰ নৱেম্বৰত দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ লোৱাৰ তিনি মাহৰ পিছতে অৰ্থাৎ ২০২০ চনৰ মাৰ্চত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে ৰঞ্জন গগৈক ৰাজ্য সভাৰ সদস্য হিচাপে মনোনীত কৰিছিল৷ প্ৰাক্তন মুখ্য ন্যায়াধীশৰ পদমৰ্যাদা উপভোগ কৰাৰ পৰিৱৰ্তে তেওঁ কিয় ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰিলে সেইলৈয়ো তেতিয়া বিতৰ্কৰ উদ্ভৱ হৈছিল৷ কিয়নো মুখ্য ন্যায়াধীশৰ পদবী পদমৰ্যাদাৰ দিশৰ পৰা দেশত ষষ্ঠ স্থানত আৰু ৰাজ্যসভাৰ সাংসদৰ পদমৰ্যাদা হৈছে ২১ সংখ্যক স্থানত৷
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেশৰ ন্যায়পালিকাৰ প্ৰতি অনাস্থা প্ৰকট কৰে যোৱা সোমবাৰে লোকসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই সংসদৰ অধিৱেশনত তেওঁৰ সম্পৰ্কত কৰা মন্তব্যৰ সন্দৰ্ভত৷ মহুৱা মৈত্ৰই শাসক পক্ষক সমালোচনা কৰা ৰাষ্ট˜পতিৰ বাজেট অধিৱেশনৰ ভাষণৰ প্ৰত্যুত্তৰত কৈছিল– ‘সেইদিনাই দেশৰ ন্যায়পালিকাৰ পবিত্ৰতা নোহোৱা হৈছিল, যেতিয়া এজন প্ৰাক্তন মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে তেওঁৰ কনিষ্ঠ মহিলা সহকৰ্মীৰ পৰা যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল আৰু তেওঁ নিজেই সেই অভিযোগৰ বিচাৰ চলাই নিজকে নিৰ্দোষী ঘোষণা কৰিছিল৷ তাৰ তিনিমাহৰ ভিতৰত তেওঁ চৰকাৰৰ দ্বাৰা মনোনীত হৈ ৰাজ্যসভাৰ সাংসদ পদ গ্ৰহণ কৰিছিল৷’ মহুৱা মৈত্ৰৰ এই বক্তব্যৰ বিৰুদ্ধে তেওঁ আইনী পদক্ষেপ গ্ৰহণ কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত ৰঞ্জন গগৈয়ে উক্ত ‘কনক্লেভ’ত কয়– ‘আদালতলৈ গৈ কি লাভ আছে? আদালতলৈ কোন যায়? কোনোবা যদি আদালতলৈ বিচাৰৰ বাবে যায় তেন্তে তেওঁ নিৰুৎসাহ হ’ব৷ যদিহে চহকী বণিক গোষ্ঠী [কৰ্প’ৰেট] আদালতলৈ যায় আৰু তেওঁ যদি সফল হয় তেন্তে তেওঁলোকৰ কোটি কোটি টকা লাভ হ’ব৷ বিগ কৰ্পৰেটে, যাৰ বিপুল অংকৰ প্ৰাপ্তিৰ সম্ভাৱনা আছে, তেওঁলোকে সেই সুযোগ ল’ব পাৰে৷ সাধাৰণ মানুহ যদি ন্যায় লাভৰ বাবে আদালতলৈ তেন্তে তেওঁৰ অহা-যোৱা কৰি চেণ্ডেল ক্ষয় যাব৷ তেওঁ কোনো ৰায়দান নাপাব৷’ তেওঁ পুনৰ কয়– ‘কোনোবাই পাঁচ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ দেশ তৈয়াৰ কৰিবলৈ বিচাৰি আছে কিন্তু তেওঁৰ দেশৰ ন্যায়পালিকা তেনেই সোলোক ঢোলোক৷’
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বক্তব্যৰ বিৰুদ্ধে আদালতত প্ৰত্যাহ্বান নজনায় বুলিও মন্তব্য কৰে৷ ৰঞ্জন গগৈৰ দাবী, মহিলা সাংসদগৰাকীয়ে উত্থাপন কৰা অভিযোগ তথ্যগতভাৱে শুদ্ধ নহয় আৰু তেওঁৰ নামো উচ্ছাৰণ কৰা নাই৷ ইপিনে, ৰঞ্জন গগৈৰ এই বক্তব্যৰ পাছত মহুৱা মৈত্ৰই পুনৰ প্ৰাক্তন মুখ্য ন্যায়াধীশজনক টুইটাৰত কটাক্ষ কৰিছে৷ মহুৱাই কয়– ‘ভাৰতীয় বিচাৰ ব্যৱস্থাক লৈ কন্দা কটা কৰিছে এজন প্ৰাক্তন মুখ্য ন্যায়াধীশে, যি ৰাজ্যসভাৰো সদস্য নিৰ্বাচিত হৈছে৷ এয়া হাস্যকৰ৷’