Logo
image

ইণ্টাৰনেট খোলোঁতেই ধৰা পৰিল সন্ত্ৰাসৰ মুখ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ডিচেম্বৰঃ পুনৰ অশান্ত হৈ পৰিছে মণিপুৰ৷ ৰাজ্যখনৰ তেংগালৌপালত গুলীয়াগুলীৰ বাতৰি পোৱাৰ পাছতেই আসাম ৰাইফলচৰ জোৱানে চলোৱা অভিযানৰ সময়ত ১৩টা মৃতদেহ উদ্ধাৰ হয়৷ অৱশ্যে মৃত লোককেইজনৰ পৰিচয় বাতৰি লিখা পৰলৈ উদ্ধাৰ হোৱা নাই৷ আসাম ৰাইফলচৰ সূত্ৰৰ মতে ঘটনাস্থলীৰ পৰা তালাচীৰ সময়ত কোনো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা নাই৷ কাৰ কাৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছে সেয়াও স্পষ্ট নহয়৷ উল্লেখ্য যে দীৰ্ঘ বিৰতিৰ মূৰত এদিন  পূৰ্বেহে একাংশ অঞ্চলক বাদ  দি ৰাজ্যখনত পুনৰ ইণ্টাৰনেট সেৱা আৰম্ভ হয়৷ ইয়াৰ পাছতে পোহৰলৈ আহে এই গুলীয়াগুলীৰ ঘটনা৷ তেংগালৌপাল জিলাৰ লেইথুতত এই ১৩টা মৃতদেহ উদ্ধাৰ হয়৷ অৱশ্যে এই অঞ্চলটোত ইয়াৰ পূৰ্বে কোনো ধৰণৰ সংৰ্ঘষ হোৱা নাছিল৷ যোৱা মে মাহৰ পৰাই মেইটেই আৰু কুকী জনগোষ্ঠীৰ সংঘাতৰ ফলত ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যখনত৷ ৩ ডিচেম্বৰত কেন্দ্ৰীয় চৰকাৰ আৰু মেইটেই জনগোষ্ঠীৰ উগ্ৰপন্থী সংগঠন ইউএলএলএফৰ মাজত শান্তি চুক্তিৰ আদৰণি জনাইছিল তেংগালৌপালৰ চুক্তি জনগোষ্ঠীৰ লোকে৷ দেওবাৰে পুনৰ আৰম্ভ হোৱা ইণ্টাৰনেট সেৱা যোৱা ৩মে’ৰ পৰাই ৰাজ্যখনত বন্ধ আছিল৷ মাজে মাজে অলপ সময়ৰ বাবে চৰকাৰে ইণ্টাৰনেট সেৱা খুলি দিছিল যদিও পিছত বন্ধ কৰি দিয়ে৷ ৩ মে’ৰ পৰা ৰাজ্যখনত আৰম্ভ হোৱা গোষ্ঠী সংঘৰ্ষৰ ফলত বহু লোক আহত আৰু নিহত হয়৷ উল্লেখ যে মণিপুৰৰ মুঠ জনসংখ্যাৰ ৫৩ শতাংশ মেইটেই জনগোষ্ঠীৰ আৰু ৪০ শতাংশ কুকী৷ মেইটেইসকল উপজাতিৰ স্বীকৃতি দিয়াক কেন্দ্ৰ কৰি আৰম্ভ হয় এই সংঘৰ্ষৰ৷