Logo
image

আপৰ শূন্য! ‘নোটা’তকৈও কম ভোট পালে বহুতে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ডিচেম্বৰঃ দেওবাৰে ঘোষিত চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলত অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগৰত ২০৫টা বিধানসভা সমষ্টিত ‘আপে’ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও আটাইকেইটা সমষ্টিতে চৰমভাৱে পৰাজিত হ’বলগীয়া হয়৷ আনকি দলটোৱে ১ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম নহ’ল৷ ২০২৪চনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে দলটোৰ এই শোচনীয় পৰাজয় ৰাজনৈতিক দৃষ্টি কোণৰ পৰা বিশেষ তাৎপৰ্য বহন কৰিছে৷ বৰ্তমান দিল্লী আৰু পঞ্জাবত চৰকাৰ চলাই থকা আপে মধ্যপ্ৰদেশৰ ৬৬টা, ৰাজস্থানৰ ৮৫টা আৰু ছত্তীশগড়ৰ ৫৪টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ মধ্য প্ৰদেশত দলটোৱে ০.৫৩ শতাংশ ভোট লাভ কৰে যিটো ‘নোটা’ত পৰা ভোটৰ শতাংশতকৈও বহু কম৷ ৰাজ্যখনত ‘নোটা’ত ০.৯৮শতাংশ ভোট পৰিছে৷ ঠিক তেনেদৰে ছত্তীশগড়ত ০.৯৩ শতাংশ আৰু ৰাজস্থানত ০.৩৮শতাংশ ভোটহে লাভ কৰে দলটোৱে৷ ২৮দলীয় বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ৰ অংশীদাৰ আপৰ দাবী-চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ২০২৪চনৰ সাধাৰণ নিৰ্বাচনত প্ৰভাৱিত নকৰে৷ ২০১৮চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত জয়ী হৈছিল যদিও ২০১৯চনৰ লোকসভাৰ নিৰ্বাচনত বিজেপি দল জয়ী হৈছিল৷ কৰ্ণাটকৰ নিৰ্বাচনত বিজেপি দলে ৩১টা সমষ্টিত আমানত ধন পৰ্যন্ত হেৰুৱাইছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মাদীয়ে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতো বিজেপি দলে অন্ধ্ৰপ্ৰদেশত ১৭৩টা সমষ্টিত হাৰিছিল৷ ৰাজ্যখনত বিজেপিয়ে ‘নোটা’তকৈ কম ভোট লাভ কৰিছিল৷ কিন্তু বিজেপিৰ এই পৰাজয় গুজৰাটৰ নিৰ্বাচনত কোনো প্ৰভাৱ পেলোৱা নাছিল৷