Logo
image

সদ্যহতে জোঁটলৈ নাযায় লালডুহোমা, বাট চাব ’২৪লৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰঃ মিজোৰাম বিধানসভাৰ সদ্য সমাপ্ত নিৰ্বাচনত ৪০ খন আসনৰ ভিতৰত ২৭ খন আসনত জয়লাভ কৰা জোৰাম পিপুলছ মুভমেণ্টে (জেডপিএম) সৰ্বভাৰতীয় পৰ্যায়ত কোনো দলৰ সৈতে মিত্ৰতা নকৰে৷ বিজেপি নেতৃত্বাধীন এন ডি এ বা বিৰোধীৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ত চামিল নহয় আঞ্চলিক দলটো৷ ইয়াৰ পৰিৱৰ্তে নিজস্বতা অক্ষুণ্ণ ৰাখি কেন্দ্ৰত যি দলৰে চৰকাৰ থাকে সেই দলৰ চৰকাৰৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰিচলিব দলটোৱে৷ বিধানসভাৰ নিৰ্বাচনত নিৰংকুষ সংখ্যাগৰিষ্ঠতা লাভ কৰা জেডপিএমৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই সংবাদ প্ৰতিষ্ঠানৰে হোৱা বাৰ্তালাপৰ সময়ত এই স্থিতি স্পষ্ট কৰি দিয়ে৷ ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰাক্তন বিষয়াজনৰ ঘোষণা–আমি এটা আঞ্চলিক দল৷ আঞ্চলিক দল হ’লেও আমাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগ আছে৷ আমি আমাৰ নিজৰ পৰিচয়, নিজস্বতা আৰু আঞ্চলিকতাবাদ অক্ষুণ্ণ ৰাখিব বিচাৰো৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আমি কোনো ৰাজনৈতিক গোটত যোগদান কৰিব বিচৰা নাই৷ লাগিলে সেয়া এনডিএ হওঁক বা ইউপিএ হওঁক৷ আমি আমাৰ সিদ্ধান্ত নিজে ল’ব বিচাৰো৷ ইয়াৰ সমান্তৰালভাৱে কেন্দ্ৰত যি দলৰে চৰকাৰ নাথাকক কিয় আমি সেই চৰকাৰৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলিব বিচাৰো৷’ উল্লেখ্য যে মিজোৰামত জেডপিএমে চৰকাৰ গঠনৰ দিশে আগবঢ়াৰ পিছতে দলটোক এনডিএত চামিল হ’বলৈ যথেষ্ট হেচা দি থকা হৈছে৷ এই হেচাত সেও মানি দলটো যদি এনডিএত চামিল হয় তেন্তে ৰাজনৈতিক দিশৰ পৰা বিজেপি দল যথেষ্ট লাভবান হ’ব৷ এনডিএত চামিল হোৱাৰ লগে লগে বিজেপি দলো চৰকাৰৰ অংশীদাৰ হৈ পৰিব৷ পূৰ্বৰ জোৰাম থাংগা চৰকাৰৰ ক্ষেত্ৰতো বিজেপি দলে একে পন্থা অবলম্বন কৰিছিল৷ উল্লেখ্য, মিজোৰামৰ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে ২৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ২ খন আসনত জয়ী হয়৷ অৱশ্যে এনডিএৰ অংশীদাৰ হোৱাৰ পিছতো বিধানসভাৰ নিৰ্বাচনত জোৰাম থাংগাৰ মিজো নেচনেল ফ্ৰণ্টৰে নিৰ্বাচনী বুজাবুজি হোৱা নাছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে একেখন মঞ্চত বহি নিৰ্বাচনী প্ৰচাৰত অংশ ল’বলৈও অস্বীকাৰ কৰিছিল পূৰ্বৰ মুখ্যমন্ত্ৰীজনে৷ যাৰ ফলত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ মিজোৰাম ভ্ৰমণ বাতিল পৰ্যন্ত কৰিবলগীয়া হয়৷ শেহতীয়াভাৱে জেডপিএমৰ এই সিদ্ধান্তই সমগ্ৰ দেশৰ বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য আঞ্চলিক দল বিলাকৰ বাবে এক বাৰ্তা হিচাপে বিবেচিত হৈছে৷ শাসনাধিস্থ দল বিজেপিৰ হেচাৰ ওচৰত নতি স্বীকাৰ কৰাৰ পৰিৱৰ্তে নিজস্ব পৰিচয় আৰু স্বকীয়তা বজাই ৰাখি আঞ্চলিকতাবাদী চৰিত্ৰ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত লালডুহোমাই গ্ৰহণ কৰা কঠোৰ স্থিতি লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বাবে মোক্ষম আঘাট হিচাপে চিহ্নিত হৈছে৷