Logo
image

অধিক অভিযুক্তক চমন, তদন্ত লৈ মুখ খুলিলে ডিজিপিয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত এইবাৰ জেৰাৰ বাবে চমন লাভ কৰিছে পাল সেনাৰ আন দুই অভিযুক্তই৷ এছআইটিৰ পৰা চমন লাভ কৰা এপিএছ বিষয়াদ্বয় হৈছে দক্ষিণ শালমৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদ আৰু কৰিমগঞ্জৰ ১৫ নং বেটেলিয়নৰ ছেকেণ্ড-ইন-কামাণ্ড অসীমা কলিতা৷ ৰাকেশ পালৰ আমোলত ২০১৩ বৰ্ষৰ এপিএছচি পৰীক্ষাত বক্ৰ পথেৰে বাছনি লাভ কৰা বিষয়াদ্বয়ক ইতিমধ্যে ন্যায়িক আয়োগে অভিযুক্ত কৰিছিল৷ দুয়োজন এপিএছ  বিষয়াকে ৭ডিচেম্বৰত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে এছআইটিয়ে৷ লক্ষণীয়ভাৱে জালিয়াতিৰে বাছনি লাভ কৰা এপিএছ বিষয়া ফাৰুক আহমেদক ইতিমধ্যে চাকৰিৰ পৰা গৃহ বিভাগে নিলম্বন কৰিছে যদিও অসীমা কলিতাৰ বিৰুদ্ধে কোনো  ব্যৱস্থা লোৱা নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷ ন্যায়িক আয়োগে অভিযুক্তৰ তালিকাত স্থান  দিয়া প্ৰাক্তন কংগ্ৰেছ বিধায়ক মদন কলিতাৰ কন্যা অসীমা কলিতাৰ ঐচ্ছিক বিষয় ‘শিক্ষা’ত ৩৬ নম্বৰ বৃদ্ধি কৰি এপিএছ বাছনি কৰিছিল কুখ্যাত ৰাকেশ পালে৷ অসীমা কলিতাই শিক্ষা বিষয়ৰ উত্তৰবহীত ৯৮ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীটত ইয়াক ১৩৪ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ একেদৰে এপিএছ ফাৰুক আহমেদ প্ৰকৃততে ‘ফেইল’ কৰা প্ৰাৰ্থী আছিল৷ ফাৰুক আহমেদৰ মুঠ ৩খন উত্তৰ বহীত নম্বৰ বৃদ্ধি কৰা হৈছিল৷এপিএছৰ সপ্তম স্থানত বাছনি লাভ কৰা ফাৰুকে ইংৰাজীৰ উত্তৰ বহীত ৯৯ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীটত এই নম্বৰ ১৯৯ লৈ বৃদ্ধি কৰা হৈছিল৷ একেদৰে ৰাজনীতি বিজ্ঞান বিষয়ৰ প্ৰথম প্ৰশ্ন কাকতৰ উত্তৰ বহীত মাত্ৰ ৫৫ নম্বৰ লাভ কৰিছিল ফাৰুকে৷ কিন্তু ইয়াক  ১০৫ নম্বৰলৈ বৃদ্ধি কৰিছিল টেবুলেশ্বন শ্বীটত৷ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় কাকতখনত উত্তৰ বহীতো ফাৰুক আহমেদে বাস্তৱত ৭১ নম্বৰ লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত ইয়াক ১০১ নম্বৰলৈ বৃদ্ধি কৰিছিল৷ তিনিখন উত্তৰবহীত নম্বৰ যোগ নিদিয়া হ’লে এপিএছচি পৰীক্ষাটোতে  বাছনি লাভ নকৰিলেহেঁতেন ফাৰুক আহমেদে৷ ইফালে এছআইটিয়ে ২০১৩ বৰ্ষৰ পৰীক্ষাৰ সমান্তৰালভাৱে এইবাৰ ২০১৪ বৰ্ষৰ পৰীক্ষাৰো ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে৷ অচিৰেই ২০১৪ বৰ্ষৰ পৰীক্ষাত ন্যায়িক আয়োগে অভিযুক্ত কৰা শীৰ্ষ আৰক্ষী আৰু ৰাজনৈতিক নেতাৰ আত্মীয়ক চমন জাৰি কৰিব বুলিও জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে এছআইটিৰ তদন্তক লৈ পুনৰ মুখ খুলিছে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে৷ ন্যায়িক আয়োগে অভিযুক্ত কৰা বিষয়াসকলক শ্ৰেণী বিভাজন কৰি তদন্ত কৰা হ’ব বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ সুৰতে এইবাৰ সুৰ মিলোৱা দেখা গ’ল আৰক্ষী সঞ্চালক প্ৰধানক৷ মঙলবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ডিজিপি জিপি সিঙে কয়– এছআইটি তদন্ত সঠিকভাৱে আগবাঢ়িছে৷ যিসকল বিষয়াৰ বিৰুদ্ধে অপৰাধযোগ্য তথ্য-প্ৰমাণ লাভ কৰা হ’ব তেওঁলোকৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত কৰা হ’ব৷ আৰু যিসকলৰ বিৰুদ্ধে অপৰাধজনিত তথ্য-প্ৰমাণ নাই তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰা হ’ব৷