Logo
image

মহাৰাষ্ট্ৰ চৰকাৰৰ ঐতিহাসিক সিদ্ধান্তঃ বিনামূলীয়া হ'ব তৃতীয় লিংগৰ শৈক্ষিক মাচুল

তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলক উচ্চশিক্ষা আৰু কম্পিউটাৰ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে এক ঐতিহাসিক পদক্ষেপ হাতত লৈছে। মহাৰাষ্ট্ৰ চৰকাৰে চৰকাৰী বিশ্ববিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলৰ সম্পূৰ্ণ শৈক্ষিক মাচুল বিনামূলীয়া কৰাৰ সিদ্ধান্ত লৈছে । মঙলবাৰে ড৹ হোমি ভাভা ৰাজ্যিক বিশ্ববিদ্যালয়ত উপাচাৰ্য আৰু বিভাগীয় বিষয়াসকলৰ লগত অনুষ্ঠিত এক পৰ্যালোচনাত মহাৰাষ্ট্ৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে এই কথা প্ৰকাশ কৰে। 

চৰকাৰী বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহত অধ্যয়ন কৰি থকা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলৰ সমগ্ৰ শৈক্ষিক মাচুল সংশ্লিষ্ট বিশ্ববিদ্যালয়ে নিজৰ পুঁজিৰ পৰা পৰিশোধ কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সকলো উপাচাৰ্যই সংখ্যাগৰিষ্ঠতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

এতিয়াৰে পৰা তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় আৰু অনুমোদিত মহাবিদ্যালয়সমূহত বিনামূলীয়া উচ্চ শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব ।