Logo
image

পাক অধিকৃত কাশ্মীৰ ভাৰতৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ পাক অধিকৃত কাশ্মীৰ আমাৰ বুলি সংসদত ঘোষণা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ কেৱল ঘোষণাতে ক্ষান্ত নাথাকি সংসদত জনাই দিলে, পাক-অধিকৃত কাশ্মীৰৰ বিধানসভা এলেকা বিন্যাসৰ কামো সম্পন্ন কৰি পেলাইছে মোদী চৰকাৰে৷ বুধবাৰে গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত ক’লে–‘পাক অধিকৃত কাশ্মীৰ হামাৰা হ্যে৷ পাক-অধিকৃত কাশ্মীৰৰ বাবে জম্মু-কাশ্মীৰ বিধানসভাত আমি ২৪ খন আসন সংৰক্ষিত ৰাখিছো৷ কাৰণ সেয়া আমাৰ ভূমি৷’ তেওঁ পুনৰ কয়–‘মনোনীত সদস্যৰ তালিকাত পাক অধিকৃত কাশ্মীৰৰ এজন প্ৰতিনিধিও ৰখা হৈছে৷ অৰ্থাৎ পাক অধিকৃত কাশ্মীৰৰ বাবে বিধানসভাত মুঠ সদস্য আসনৰ সংখ্যাৰ ২৫ জন সংৰক্ষিত কৰি ৰখা হৈছে৷’

সন্দেহ নাই, অমিত শ্বাহে এই বৃহৎ আৰু সংবেদনশীল ঘোষণাৰে আগন্তুক সাধাৰণ নিৰ্বাচনৰ বতাহৰ সৈতে পাকিস্তানৰ নাম আৰু পাক বিৰোধিতা মিহলাই দিলে৷ সংসদৰ চলিত অধিৱেশনত দাখিল হৈছে ২০২৩ ৰ জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক আৰু ২০২৩ চনৰ জম্মু-কাশ্মীৰ পুনৰ্বিন্যাম বিধেয়ক৷ বুধবাৰে সেই বিধেয়কক লৈ হোৱা আলোচনাত অমিত শ্বাহে সেই ঘোষণা কৰে আৰু ২০১৯ চনৰ ৫ আগষ্টত জম্মু-কাশ্মীৰ সন্দৰ্ভত যি সিদ্ধান্ত লোৱা হৈছিল তাৰ সুফল পোৱা বুলি তেওঁ দাবী কৰে৷ তেওঁ ৩৭০ ধাৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত সঠিক বুলিও মন্তব্য কৰে৷ জম্মু-কাশ্মীৰৰ বিধানসভা এলেকা কেনে হ’ব সেই বিষয়েও অমিত শ্বাহে সদনত ব্যাখ্যা কৰে৷ তেওঁ কয়–‘পূৰ্বে জম্মুত ৩৭ খন আসন আছিল৷ এতিয়া ৪৩ খন হৈছে৷ কাশ্মীৰত পূৰ্বৰ ৪৬ খন আসনৰ ঠাইত ৪৭ খন কৰা হৈছে৷ পাকিস্তান অধিকৃত কাশ্মীৰৰ বাবে আমি ২৪ খন আসন সংৰক্ষণ কৰিছো৷ জম্মু-কাশ্মীৰ বিধানসভাৰ পূৰ্বৰ ১০৭ খন আসনৰ ঠাইত এতিয়া ১১৪ খন কৰিছো৷ জম্মু-কাশ্মীৰ বিধানসভাৰ মনোনীত সদস্যৰ সংখ্যা ২ ৰ পৰা ৫ লৈ বৃদ্ধি কৰা হৈছে৷’

অমিত শ্বাহে অৱশ্যে ৰাষ্ট্ৰপতি শাসিত জম্মু-কাশ্মীৰত মোদী চৰকাৰে কিয় নিৰ্বাচন অনুষ্ঠিত কৰা নাই আৰু কেতিয়া নিৰ্বাচন অনুষ্ঠিত কৰিব সেই বিষয়ে কোনো মন্তব্য নকৰিলে৷ তেওঁ সদনত দাবী কৰে, জৱাহৰলাল নেহৰুৰ ঐতিহাসিক ভুলৰ বাবেই ভাৰতে পাক অধিকৃত কাশ্মীৰ হেৰুৱাবলগীয়া হ’ল৷ এতিয়া মোদী চৰকাৰে উত্থাপন কৰা বিধেয়ক আইনত পৰিণত কৰি সেই অঞ্চলৰ বাসিন্দাৰ অধিকাৰ ঘূৰাই আনিব৷