Logo
image

ঢৌ থাকোঁতেই মাৰ্চত লোকসভা ভোট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ এতিয়া নিশ্চিন্ত মনেৰে সাধাৰণ নিৰ্বাচনৰ বাবে ভোটৰ ময়দানত নামিব পাৰে বিজেপি৷ পৰিৱেশ গেৰুৱা দলৰ বাবে ইমানেই অনুকূল যে আৰু পলম কৰিবলৈ সামান্য ইচ্ছাও নাই৷ সেয়ে এইবাৰ নিৰ্দিষ্ট সময়তকৈ এমাহ আগতেই অনুষ্ঠিত হ’ব পাৰে লোকসভাৰ নিৰ্বাচন৷ শেহতীয়া লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল এমাহ ধৰি ১৯ এপ্ৰিলৰ পৰা ১৯ মে’লৈ৷ ফলাফল প্ৰকাশ হৈছিল ২৩ মে’ত আৰু অভূতপূৰ্বভাৱে ৩০৩খন আসন লাভ কৰি ক্ষমতা অক্ষুন্ন ৰাখিছিল নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপিয়ে৷ ৫ বছৰৰ পূৰ্বৰ তুলনাত বিজেপিয়ে ২১খনঅধিক আসন লাভ কৰিছিল, য’ত এনডিএৰ জোঁটসংগী প্ৰকৃততে গুৰুত্বহীন হৈ পৰিছিল৷ ৭ টা পৰ্যায়ত হোৱা লোকসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰা হৈছিল ১০ মাৰ্চত৷ পিছে এইবাৰ মাৰ্চতে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে৷ মোদী-কেবিনেটৰ এজন শীৰ্ষস্থানীয় মন্ত্ৰীয়ে একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে চৰকাৰৰ পৰিকল্পনা৷ তেওঁ জনোৱা তথ্য যদি সত্য হয়, তেন্তে মাৰ্চৰ প্ৰথমভাগতে লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, যি বিস্তৃত হ’ব পাৰে এপ্ৰিলৰ প্ৰথম সপ্তাহপৰ্যন্ত৷ কাৰণ? ঢৌ নিজৰ পক্ষে থাকোঁতেই ভোট৷

অনস্বীকাৰ্য যে সম্প্ৰতি দেশৰ ৰাজনীতিৰ ঢৌ সম্পূৰ্ণৰূপে বিজেপিৰ পক্ষত৷ দেশৰ ৰাজনৈতিক পৰিস্থিতি যে বিজেপিৰ পক্ষে এতিয়া অনুকূল, সেয়া দলটোৰ ঘোৰবিৰোধী ৰাজনৈতিক দল-সংগঠনেও স্বীকাৰ কৰিবলৈ বাধ্য৷ শেহতীয়া ৫ ৰাজ্যৰ নিৰ্বাচনৰ আগলৈকে বিজেপিৰ ৰাজনৈতিক স্থিতি প্ৰকৃততে কেনে, সেই লৈ স্বয়ং গেৰুৱা দলটোও নিশ্চিত নাছিল৷ অন্ততঃ কৰ্ণাটকৰ নিৰ্বাচনত তুমুল প্ৰচাৰ চলাই, স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুত ঘাটি পাতি নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব দি, কেইবাকিলোমিটাৰ ৰোড শ্ব’ কৰি আৰু সৰ্বশেষত মোদীয়ে হনুমান চালিচা পাঠ কৰি প্ৰতিটো ৰোড শ্ব’ৰ আৰম্ভণি কৰিও যেতিয়া বিজেপি কংগ্ৰেছৰ হাতত পৰাস্ত হ’ল, তেতিয়া গভীৰ উদ্বিগ্নতাত পৰিছিল গেৰুৱা দলটো৷ মোদীৰ মেজিক শেষ হ’ল বুলি এটা তত্ব দেশজুৰি প্ৰচাৰ হ’ল, কিয়নো কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ চলিছিল মূলতঃ মোদীৰ নেতৃত্বত৷ দেশৰ ৰাজনৈতিক সোঁত ওলোটা দিশে ঘূৰিছে বুলি বিজেপিৰ অভ্যন্তৰতো শংকা আৰম্ভ হৈছিল৷ ২০১৪ চনৰ পৰা প্ৰায় প্ৰতিটো নিৰ্বাচনতে জয়লাভ কৰা বিজেপিয়ে দেশৰ ভোটাৰৰ নাড়ী-স্পন্দন বুজাত ভুল কৰিছে নেকি বুলি সৰ্বত্ৰ চৰ্চা হ’ল৷ কিন্তু সদ্যসমাপ্ত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত নিৰংকুশ ক্ষমতা অৰ্জনৰ পাছত বিজেপিৰ আৰু সেই দুঃচিন্তা নাই৷ এতিয়া নিশ্চিত মনেৰে সাধাৰণ নিৰ্বাচনত নামিব পাৰে গেৰুৱা দল৷

২০১৯ চনত বিজেপিয়ে দেশৰ ৰাজনৈতিক পৰিৱেশ নিজৰ দিশে ঘূৰাবলগীয়া হৈছিল৷ কিয়নো বিমুদ্ৰাকৰণ, জিএছটি বলৱৎকৰণকে ধৰি কেইটামান জটিল সিদ্ধান্ত লৈ বিজেপি, ঘাইকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব প্ৰবলভাৱে সমালোচিত হৈছিল৷ তদুপৰি ছুইছ বেংকৰ পৰা ক’লা ধন ঘূৰাই আনিব নোৱৰা, দেশৰ জনতাৰ বেংক একাউণ্টত ১২ লাখকৈ টকা দিয়াৰ প্ৰতিশ্ৰুতি ভুৱা প্ৰমাণিত হোৱা, ললিত মোদী-নীৰৱ মোদী-মেহুল ছ’কছিয়ে বৃহৎ বেংক জালিয়াতি কৰি দেশৰ পৰা পলাই যোৱা আৰু সৰ্বোপৰি নিৰ্বাচনৰ পূৰ্বে দিয়া ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱৰাৰ বাবে নিৰ্বাচনৰ কেইমাহমান আগলৈকে ‘বেকফুট’ত আছিল মোদীৰ নেতৃত্বত বিজেপি দল৷ আশংকা কৰা হৈছিল, অটল বিহাৰী বাজপেয়ী চৰকাৰৰ যিদৰে ‘ইণ্ডিয়া ছাইনিং’ আৰু ‘ফিল গুড’ শ্ল’গান দিও নিৰ্বাচনত পতন ঘটিছিল, তাৰ পুনৰাবৃত্তি সন্নিকট নেকি? কিন্তু তেনে সময়তে সংঘটিত হ’ল পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ, যি ঘটনা বিজেপিৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ণয় আৰু লোকসভাৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাত সৌভাগ্যসূচক হৈ পৰিল৷ ঘটনাটোৰ আঁৰত কোন– সেই লৈ দেশত প্ৰচুৰ চৰ্চা হৈছে, বিতৰ্ক হৈছে৷ আনকি এসময়ৰ মোদীৰ ঘনিষ্ঠ ৰাজনীতিক, জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে পুলৱামা আক্ৰমণৰ বাবে মোদী চৰকাৰকে ৰাজহুৱাকৈ জগৰীয়া কৰিছে৷ সেই বিষয় তৰ্কাতীত৷ পিছে পুলৱামা হত্যাকাণ্ডৰ পাছত মোদী চৰকাৰে প্ৰতিটো পদক্ষেপ ইমান বিচক্ষণতাৰে পৰিচালনা কৰিলে, নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ ৰৈ থকা ভোটাৰো বিজেপিৰ অন্ধ সমৰ্থক হৈ পৰিল৷ পাকিস্তানৰ বালাকোটত মোদী চৰকাৰৰ এয়াৰ ষ্ট্ৰাইক, ভাৰতৰ আকাশত পাকিস্তানৰ যুদ্ধ বিমান এফ-১৬১ সৈতে ভাৰতৰ মিগ বিমানৰ কেইমিনিটমানৰ ‘ডগ ফাইট’, পাকিস্তানত ভাৰতৰ মিগ যুদ্ধবিমান ভাগি পৰিলেও পাকিস্তানত বন্দী হোৱা ‘স্কোৱাড্ৰন লীডাৰ’ অভিনন্দন বৰ্তমানক দেশলৈ ঘূৰাই অনা– প্ৰতিটো ঘটনাতে প্ৰকাশ পালে মোদী চৰকাৰৰ বীৰত্ব৷ বালাকোটত মিৰাজ-২০০০য়ে বৰ্ষণ কৰা ১০০০ কেজি বোমাৰ আঘাতত কেইটা সন্ত্ৰাসবাদী মৰিল, নে নমৰিল তাৰ হিচাপ নল’লে দেশবাসীয়ে৷ এফ-১৬১ ক্ষেপণাস্ত্ৰৰ আঘাতত ভাৰতৰ মিগ-২১ বিমান যে ভাগি পৰিল, সেয়া ভাৰতৰ দুৰ্বলতা নে শক্তি তাৰো বিচাৰ নকৰিলে দেশৰ ভোটাৰে৷ বন্দী অভিনন্দন বৰ্তমানক ‘ভিয়েনা কনভেনচন’ চুক্তিৰ আধাৰত ঘূৰাই পালেও সেয়া মোদী চৰকাৰৰে শক্তি হিচাপে প্ৰচাৰ চলিল৷ সকলো ঘটনা এনেদৰে ঘটিল যেন এখন ব্যৱসায়িক সফল বলীউডী ছবিৰ চিত্ৰনাট্যহে৷ ইয়াৰ নিট ফলাফল আছিল ৩০৩খন লোকসভাৰ আসন৷

এইবাৰ বিজেপিৰ সন্মুখত তেনে আশংকাৰ লেশমানো চিহ্ন নাই৷ অচ্ছে দিন, ক’লা ধন, বিমুদ্ৰাকৰণ, ক’ভিডত অক্সিজেনৰ অভাৱত হোৱা মৃত্যুৰ মিছিল, গংগাত শ উটুৱাই দিয়াৰ ঘটনা সকলো বিস্মৃতিৰ গৰ্ভত নিমজ্জিত হ’ল৷ এতিয়া কোনেও নোসোধে ললিত মোদী, নীৰৱ মোদীৰ প্ৰত্যাৱৰ্তনৰ কথা৷ গালৱানত ২০২০ চনত বিষয়াসহ ২০জন সেনাক চীনৰ সেনাই কৰা হত্যা আৰু গালৱানৰ ভূমি চীনে দখল কৰাৰ কথাও এতিয়া পাহৰণিৰ গৰ্ভত৷ কিয়নো এনে শত-সহস্ৰ প্ৰশ্নতকৈ দেশৰ মেৰুবিভাজিত জনতাৰ বাবে জম্মু-কাশ্মীৰৰ বিশেষাধিকাৰ কৰ্তন, ৩৭০ ধাৰাৰ বিলুপ্তি বৃহৎ প্ৰাপ্তি৷ দেশৰ ভোটাৰে চৰকাৰৰ ৫ বছৰীয়া কাৰ্যকালত কি হ’ল সেয়া বিচাৰ কৰি ভোট নিদিয়ে৷ বিচাৰ কৰে এদিনীয়া ক্ৰিকেটৰ ‘শ্লগ অ’ভাৰ’ৰ দৰে শেষৰ ১০ অভাৰৰ প্ৰদৰ্শন৷ শ্ল’গ অভাৰত মোদী চৰকাৰৰ প্ৰদৰ্শন চমৎকাৰ৷ চৌদিশে সফলতাৰ বাহাৰ৷ চন্দ্ৰযানৰ চন্দ্ৰপৃষ্ঠত সফল অৱতৰণ৷ জি-২০ত ভাৰত অধ্যক্ষৰ আসনত আৰু সফলভাৱে শীৰ্ষ সন্মিলনৰ আয়োজন৷ কানাডাক নগণ্য দেশ হিচাপে গণ্য কৰি কূটনৈতিক বহিষ্কাৰেৰে শক্তি প্ৰদৰ্শন৷ বিদেশত খালিস্তানী নেতাৰ মৃত্যুত হোৱা বদনামকো শক্তিলৈ ৰূপান্তৰ৷ আৰু অৱশেষত দেশৰ হিন্দী বলয়ৰ তিনিখন ৰাজ্যত নিৰংকুশ বিজয়৷ পাক অধিকৃত কাশ্মীৰ ভাৰতৰ বুলি সদনত ঘোষণা কৰি গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনৰ পূৰ্বে পাক-বিৰোধী বতাহৰ কাৰক আজি বোৱাবলৈ আৰম্ভ কৰিছে৷ ইয়াতকৈ অধিক অনুকূল পৰিৱেশ আৰু শাসনাধিষ্ঠিত ৰাজনৈতিক দলে আশা কৰিব পাৰেনে? সেয়ে বিজেপিৰ পৰিকল্পনা ২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোধন কৰিয়েই ভোটৰ ময়দানত নামিব নৰেন্দ্ৰ মোদী৷ ৰাম মন্দিৰৰ উদ্বোধনে সৃষ্টি কৰা চৰম ধৰ্মীয় উত্তাল ঢৌ পাৰলৈ আহি ভাগি যোৱাৰ পূৰ্বেই মোদীৰ নেতৃত্বত বিজেপি পাৰ হ’ব নিৰ্বাচনী বৈতৰণী৷ সৰ্বদিশতে থকা অনুকূল পৰিৱেশক ভোটলৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্যৰেই বিজেপিয়ে অহা মাৰ্চতে নিৰ্বাচনত নমাৰ সিদ্ধান্ত লৈছে, সেয়ে ঢৌ থাকোঁতেই ভোট৷