Logo
image

কেন্দ্ৰীয় মন্ত্ৰীসহ ১০জনে এৰিলে সাংসদ পদ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনত বিজয়ী হোৱা কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি সাংসদৰ মুঠ ১২জনৰ ভিতৰত ১০ জনে আজি সাংসদ আৰু মন্ত্ৰীৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে আৰু দিল্লীৰ ক্ষমতাৰ অলিন্দৰ খবৰ অনুসৰি তেওঁলোকৰ মাজতে সদ্যসমাপ্ত নিৰ্বাচনত জয়লাভ কৰা তিনিখন ৰাজ্যৰ বিজেপিৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী আছে৷ দিল্লীৰ এই খবৰ যদি সত্যত পৰিণত হয় তেন্তে শিৱৰাজ সিং চৌহানক বিজেপিয়ে একেৰাহে পঞ্চমটো (মাজতে দুবছৰতকৈ কম সময় অনুপস্থিত) কাৰ্যকালৰ বাবে মধ্যপ্ৰদেশৰ দায়িত্ব নিদিয়াটো খাটাং৷ একেদৰে ৰাজস্থানত প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াক তৃতীয়বাৰৰ বাবে আৰু ৰমন সিঙক ছত্তীশগড়ত চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব নিদিব বিজেপিয়ে৷ অৱশ্যে এই দ্বিতীয় আশংকা সত্যত পৰিণত হ’বলৈ হ’লে প্ৰথমটো, অৰ্থাৎ দিল্লীৰ ক্ষমতাৰ অনিন্দৰ খবৰটো সঁচা হ’ব লাগিব৷ এই সকলোবোৰ এতিয়াও অনুমানহে, কিয়নো দেশবাসী আৰু ৰাজনৈতিক মহলক জল্পনা-কল্পনাত মজি থাকিবলৈ দি বিজেপিয়ে দেওবাৰেই ফলাফল প্ৰকাশ পোৱা মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ নাম আজি বুধবাৰেও ঘোষণা কৰা নাই৷ কিন্তু ৰাজধানী দিল্লীৰ খবৰ মতে অতি সোনকালে বিজেপিয়ে এই তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব, সম্ভৱ হ’লে আজিয়েই নিশা৷ কিন্তু বিজেপিৰ সূত্ৰ অনুসৰি ঘোষণা কাইলৈ বৃহস্পতিবাৰেহে ঘোষণা হোৱাৰ অধিক সম্ভাৱনা৷ কিয়নো বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই কালিৰ দীঘলীয়া বৈঠকৰ পাছত আজিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত ৪ ঘণ্টা ধৰি বৈঠক কৰে, য’ত ঘাইকৈ সম্ভাৱ্য মুখ্যমন্ত্ৰীৰ বিষয়েই আলোচনা হয়৷ কোৱা হৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে ‘ক্লাছ’ বিছাৰিছে, ‘কাষ্ট’ নহয়৷ তেওঁক এনে মুখ্যমন্ত্ৰী লাগে, যি অনাহক বিবৃতি দি বক্তব্য ৰাখি চৰ্চা বা বিতৰ্কিত থকাৰ পৰিৱৰ্তে নীৰৱে কাম কৰে আৰু সাধাৰণ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভোটাৰ আৰু দল তথা চৰকাৰক প্ৰস্তুত কৰিব পাৰে৷ শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু ৰমন সিঙৰ পৰা তেনে প্ৰত্যাশা কৰা কঠিন৷ সেয়ে উঠি আহিছে নতুন মুখৰ নাম৷ সামগ্ৰিক বিচাৰত ৩ ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব নতুন মুখ, য’ত ৰাজস্থানত ৰাজপুত হ’লেও মধ্য প্ৰদেশত অ’বিচি আৰু ছত্তীশগড়ত হ’ব জনজাতি মুখ্যমন্ত্ৰী৷ লোকসভা ভোটৰ বাবেই বিজেপিৰ এই চিন্তা৷ তিনিখন ৰাজ্যত ৬৫খন লোকসভাৰ আসন আছে৷ সেয়ে মুখ্যমন্ত্ৰী নিৰ্বাচনত ভুল কৰি বিজেপিয়ে সেই ৬৫খন আসন হেৰুৱাবলৈ বিচৰা নাই৷

আজি বুধবাৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰ, খাদ্য সংশাধন মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী প্ৰহ্লাদ সিং পেটেল, সাংসদত্ৰয় ৰাকেশ সিং, উদয় প্ৰতাপ আৰু ঋতি পাঠকে পদত্যাগ কৰে৷ এওঁলোক প্ৰত্যেকেই মধ্যপ্ৰদেশ বিধানসভালৈ নিৰ্বাচিত হৈছে৷ তদুপৰি ৰাজস্থানৰ সাংসদ ৰাজ্যৱৰ্ধন সিং ৰাথোড়, দিয়া কুমাৰী আৰু ৰাজ্যসভাৰ সাংসদ কিৰোৰিলাল মীনাই পদত্যাগ কৰে৷ ছত্তীশগড়ৰ সাংসদ অৰুণ ছাও আৰু গোমতি ছাইয়েও পদত্যাগ কৰে৷ এওঁলোক প্ৰত্যেকেই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে৷ ৰাজস্থানৰ সাংসদ বাবা বালকনাথ আৰু ৰেণুকা সিঙে আজি পদত্যাগ কৰা নাই৷ ইয়াৰে বালকনাথৰ নাম ৰাজস্থানৰ সম্ভাৱ্য মুখ্যমন্ত্ৰী হিচাপে চৰ্চা হৈছে৷ পিছে অধিক প্ৰচাৰৰ আলোকত থকাৰ বাবে তেওঁ মোদীৰ পচন্দৰ শাৰীত নাই৷ ৰাজস্থানত মোদীয়েও যিহেতু এগৰাকী ৰাজপুতকে বিচাৰিছে, যি উদীয়মান দক্ষ আৰু নতুন মুখ৷ সেই দিশৰ ৰাজকুমাৰী দিয়া কুমাৰীৰ সম্ভাৱনা প্ৰবল৷