Logo
image

ৰাজ্যত দাৰিদ্ৰ্য, কৰ্মহীনতাৰ বাবে আত্মঘাতী ৩ শতাধিক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৭ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত অপৰাধজনিত ঘটনা ৫০ শতাংশ হ্ৰাস পোৱা বুলি দাবী কৰাৰ সময়তে অসমত আত্মহত্যাৰ ঘটনাই আন এক অবাঞ্ছিত অভিলেখ ৰচনা কৰিছে৷ অতি উদ্বেগজনকভাৱে অসমত ২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে৷ এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত৷ যি সময়ত অসম আৰক্ষীয়ে হত্যা-ধৰ্ষণৰ ঘটনা সামান্য হ্ৰাস পোৱাৰ পৰিসংখ্যাক ঢাক-ঢোল বজাই প্ৰচাৰ কৰিছে, ঠিক সেহসময়তে অতি সংগোপনে আত্মহননৰ ব্যাধিয়ে ছানি ধৰিছে সমগ্ৰ অসমক৷ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিগত ২০২২ বৰ্ষত অসমত ৩,৩২০টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ অৱশ্যে ২০২২ বৰ্ষৰ বিপৰীতে ২০২১ চনত অসমত আত্মহননৰ পথ বাছি লৈছিল ৩,২৬২জন পুৰুষ-মহিলাই৷ অৰ্থাৎ এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি এবছৰৰ অসমত আত্মহত্যাৰ ঘটনা বৃদ্ধিৰ হাৰ আছিল ১.৮ শতাংশ৷ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমক আৰ্থিকভাৱে সবল বিকশিত ৰাজ্য গঢ়া বুলি প্ৰচাৰ চলাই অহাৰ সময়তে দৰিদ্ৰতা, ৰোগগ্ৰস্ততা তথা কৰ্মসংস্থাপনহীনতাৰ বাবে শ শ লোকে চৰম পথ বাছি লৈছে৷ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে বিগত ২০২২ বৰ্ষত একমাত্ৰ দৰিদ্ৰতাৰ বাবে আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য হ’ল ১৫১জন লোকে৷ আৰ্থিক সংকটত ভুগি জীৱনৰ পৰা মুক্তি পোৱাৰ শেষ পথ হিচাপে বাছি লোৱাসকলৰ ভিতৰত ১০৭জন পুৰুষ আৰু ৪৪গৰাকী মহিলা৷ প্ৰতিবেদন অনুসৰি আৰ্থিক দুৰৱস্থাৰ বাবে মৃত্যুক সাৱটি লোৱা ২১৯২জন লোকৰে বাৰ্ষিক আয় ১ লাখ টকাতকৈ কম৷ চৰম সিদ্ধান্ত লোৱা বাকী ৯৫২জন লোকৰ বছৰি আয় ১-৫ লাখ টকাৰ ভিতৰত৷ দুৰ্ভাগ্যজনকভাৱে ধাৰ-ঋণত পোত গৈ বিগত বৰ্ষত ৫২জন লোকে আত্মহনন কৰিছে৷ একেদৰে আত্মহত্যা কৰা ৬২৩জন লোক দৈনিক হাজিৰা কৰা শ্ৰমিক৷ দৈনিক হাজিৰা কৰা এই ৬২৩জন লোকৰ ভিতৰত ৪৮জ্জ্বজন পুৰুষ আৰু ১৩৫গৰাকী মহিলা বুলিও এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ বিগত বৰ্ষটোত কৃষিকৰ্মত জড়িত ১২৩জন লোকে আত্মহনন কৰাৰ লগতে কৰ্মসংস্থাপনহীনতাৰ বাবেও ডেৰ শতাধিক লোকে চৰম পথ বাছি লয়৷ বিগত বৰ্ষটোত আত্মহত্যা কৰা ৩,৩২০জন লোকৰ ভিতৰত ১,০১১গৰাকী মহিলা যদিও ইয়াৰে ৪২৯গৰাকীয়েই গৃহিনী৷ একেদৰে বিগত বৰ্ষটোত অসমত ৬৯জন চৰকাৰী কৰ্মচাৰী আৰু ৫৬৫জন বৃত্তিমুখী কৰ্মৰে জড়িত ব্যক্তিয়েও আত্মহত্যাৰ পথ বাছি লয়৷ আনহাতে, এই সময়ছোৱাত প্ৰেমজনিত কাৰণত ৩৫৯জন লোক আৰু বিবাহজনিত কাৰণতো আন ৩৫৭জন লোকে চৰম সিদ্ধান্ত গ্ৰহণ কৰে৷ ড্ৰাগৰ বাবেও অসমত আত্মহত্যা কৰে ৬৪জন যুৱক-যুৱতীয়ে৷ দুৰ্ভাগ্যজনকভাৱে বিগত বৰ্ষটোত ১৫জন কৰ্কট ৰোগীয়ে জীৱনৰ পৰা মুক্তি পোৱাৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে৷ পক্ষাঘাতজনিত ৰোগৰ বাবেও স্ব-মৃত্যুক সাৱতি ল’লে ১৬জন লোকে৷ উক্ত বৰ্ষটোত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা সৰ্বমুঠ ৩৪৪জন লোকে আত্মহনন কৰে৷ আনহাতে, আত্মহত্যা কৰা ১৪৩জন লোকেই স্নাতক উত্তীৰ্ণ৷ পৰীক্ষা তথা শৈক্ষিক কাৰণতো ৪১২জন ছাত্ৰ-ছাত্ৰীয়ে আত্মহননৰ পথ বাছি লয়৷