Logo
image

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি খালিস্তানী পান্নুনৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ ডিচেম্বৰঃ ১৩ ডিচেম্বৰ বা তাৰ পূৰ্বে সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি দিছে খালিস্তানী সন্ত্ৰাসবাদী গুৰুপতৱণ্ট সিং পান্নুনে৷ আমেৰিকাস্থ খালিস্থানী সন্ত্ৰাসবাদী পান্নুনে ২০০১ চনৰ সংসদ ভৱন আক্ৰমণৰ বৰ্ষপূৰ্তি ১৩ ডিচেম্বৰ বা তাৰ পূৰ্বে সংসদ ভৱনটো ধবংস কৰাৰ ভাবুকি দিছে৷ পান্নুনে সম্প্ৰতি আমেৰিকা আৰু কানাডাৰ দ্বৈত নাগৰিকত্ব লৈ আছে৷পান্নুনে প্ৰকাশ কৰা ভিডিঅ’ ৰিলিজটোত সংসদ ভৱন আক্ৰমণত দোষী সাব্যস্ত হৈ ফাঁচী কাঠত ওলোমা আফজল গুৰুৰ এখন পোষ্টাৰো প্ৰকাশ কৰিছে৷ সংসদ ভৱন ধবংস কৰিম বুলি পান্নুনে দিয়া ভাবুকিৰ বিষয়টো গুৰুত্বসহকাৰে লৈছে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে৷ ইতিমধ্যে ভাৰতীয় নিৰাপত্তা সংস্থা আৰু দিল্লী আৰক্ষীয়ে নতুন দিল্লীত নিৰাপত্তা তীব্ৰতৰ কৰি তুলিছে৷ ভাৰতৰ বিৰুদ্ধে পান্নুনৰ আগ্ৰাসী স্থিতি আৰু বিশ্বুৰি খালিস্তান সমৰ্থকৰ কাৰ্যই গুৰুতৰ চিন্তাৰ কাৰক হৈ পৰিছে৷ উল্লেখ্য ২০০১ চনত সংসদ ভৱন আক্ৰমণৰ ঘটনাত জড়িত আছিল আফজল গুৰু৷ পৰৱৰ্তী সময়ত দেশৰ উচ্ছতম ন্যায়ালয়ে আফজল গুৰুক ফাঁচীৰ ৰায় দিছিল৷ উক্ত ৰায়ৰ ভিত্তিত ২০১৩ চনৰ ফেব্ৰুৱাৰীত অপৰাধীজনক ফাঁচী দিয়া হৈছিল৷ পান্নুৰ সংসদ ভৱন আক্ৰমণৰ ভাবুকিক লৈ দেশৰ বাহিৰে ভিতৰে ব্যাপক চৰ্চা হৈছে৷