Logo
image

প্ৰধানমন্ত্ৰীক শিৰনত কৰি সম্ভাষণ জনাই সমালোচনাৰ সন্মুখীন উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰীক শিৰনত কৰি সম্ভাষণ জনাই এতিয়া ট্ৰ'লৰ সন্মুখীন হৈছে উপৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়৷ বুধবাৰে সংবিধান প্ৰণেতা ড০ ভীমৰাও আম্বেদকাৰৰ মৃত্যুবাৰ্ষিকীত সংসদ ভৱনত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়৷ এই সময়ছোৱাত ধনখড় আৰু প্ৰধানমন্ত্ৰী মোডীয়ে ইজনে সিজনক সম্ভাষণ জনোৱা দেখা গৈছিল৷

এটা ভিডিঅ'ত দেখিবলৈ পোৱা গৈছিল যে জগদ্বীপ ধনখড়ে শিৰনত কৰি সম্ভাষণ জনাইছিল প্ৰধানমন্ত্ৰীক৷ ছ'চিয়েল মিডিয়াত ভিডিঅ'টি ভাইৰেল হোৱাৰ পিছতে এতিয়া ট্ৰ'লৰ সন্মুখীন হৈছে উপ-ৰাষ্ট্ৰপতি৷ কংগ্ৰেছৰো সমালোচনা সন্মুখীন হৈছে জগদ্বীপ ধনখড়৷

এজন 'এক্স' ব্যৱহাৰকাৰীয়ে উপ-ৰাষ্ট্ৰপতিক সমালোচনা কৰি লিখিছে যে আগতে দেশত এজন উপৰাষ্ট্ৰপতি আছিল, এতিয়া জগদ্বীপ ধনখড় আছে৷ 


ট্ৰ'লৰ সন্মুখীন হৈ উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে আজিকালি কিমান মূৰ দোঁৱাব লাগে সেয়াও চাবলগীয়া হৈছে৷ মই ক'ব বিচাৰো যে নমস্কাৰ কৰা আৰু সম্ভাষণ জনোৱাটো মোৰ অভ্যাস। সন্মুখত কোন আছে সেয়া দেখা নাযায়।