Logo
image

মাৰ্ঘেৰিটাত কয়লাৰ ট্ৰাক জব্দ বাছি বাছি সক্ৰিয় হৈছে আৰক্ষী

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কদৰো বাঢ়িছে ক’লা হীৰাৰ৷ কাৰণ ক’লা হীৰাৰ জৰিয়তে অবৈধ প্ৰক্ৰিয়াৰে কোৰোণাৰে চপাব পাৰি ধন৷ সেই বাবেই উজনি অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি বৰাক উপত্যকাৰ বিভিন্ন ঠাই আৰু নামনি অসমৰ বাইহাটা, বঙাইগাঁও আদি ঠাইত দিনক দিনে শক্তিশালী স্থিতি গ্ৰহণ কৰিছে কয়লা ছিণ্ডিকেট চক্ৰই৷ কোৱা বাহুল্য যে কয়লা ছিণ্ডিকেট চক্ৰৰ আঁৰত আছে ৰাজনৈতিক পৃষ্ঠপোষকতা৷ সেই বাবেই আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বহু শীৰ্ষ আমোলা বিষয়াও কয়লাৰ ক’লা বেপাৰৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত আছে৷ শাসক দলৰেই নহয়, বিৰোধী দলৰ বহু নেতা-কৰ্মীও ক’লা হীৰাৰ ক’লা বেপাৰত জড়িত৷ কিন্তু আৰক্ষী-প্ৰশাসনে কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলোৱাৰ ক্ষেত্ৰত বৈষম্যৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে মাৰ্ঘেৰিটাকে ধৰি বিভিন্ন ঠাইত আৰক্ষীয়ে বাছি বাছি অৰ্থাৎ বিৰোধী পক্ষৰ অবৈধ কয়লা বেপাৰীসকলক গ্ৰেপ্তাৰ কৰিবৰ বাবে অভিযান চলাইছে আৰু আনহাতে এই অভিযানৰ পৰা দৃষ্টিকটুভাৱে ৰেহাই দিছে শাসক দলৰ ক’লা বেপাৰীসকলক৷ আৰক্ষী, অসামৰিক প্ৰশাসন আৰু ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত মাৰ্ঘেৰিটাত এতিয়াও অব্যাহত আছে কয়লাৰ চোৰাং সৰবৰাহ৷ মাৰ্ঘেৰিটাৰ নামডাং আৰু বৰগোলাইৰ পৰা প্ৰতিনিশাই চোৰাং কয়লা সৰবৰাহ হৈ থকাৰ বাতৰি ‘আমাৰ অসম’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাই অহাৰ সময়তে সোমবাৰে কয়লা সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে চলিল মাৰ্ঘেৰিটা আৰক্ষীৰ অভিযান৷ সোমবাৰে পুৱতি নিশা মাৰ্ঘেৰিটাৰ বৰগোলাইৰ পৰা কেইবাখনো মেক্স, বলেৰো পিকআপ ভেনত এটা কয়লা ব্যৱসায়ী চক্ৰই চোৰাংকৈ কয়লা বোজাই লৈ তিনিচুকীয়া অভিমুখে আহি থকাৰ সম্ভেদ লাভ কৰে মাৰ্ঘেৰিটা আৰক্ষীয়ে৷ লগে লগেই মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ৰাজপথত অভিযান চলাই মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচাৰ সমীপত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ খনকৈ চোৰাং কয়লা পৰিবাহী মেক্স আৰু  বলেৰো পিকআপ গাড়ী জব্দ কৰে৷ কয়লা সৰবৰাহত ব্যৱহৃত গাড়ীকেইখনৰ উপৰি অভিযানত কয়লা সৰবৰাহকাৰী চক্ৰই ব্যৱহাৰ কৰা এখন বিলাসী আই টুৱেণ্টী গাড়ীও জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ কয়লা পৰিবাহী গাড়ীকেইখনৰ নম্বৰ ক্ৰমে এ এছ ২৩ চি চি ১৭৬৯, এ এছ ২৩ চি চি ৩২২২, এ এছ ২৩ বি চি ৫৩০৪, এ এছ ২৩ চি চি ১৬৬৫, এ এছ ০৬ বি চি ৭৯২৬৷ দুখন গাড়ী নম্বৰ প্লেটবিহীন৷ কয়লা চোৰে ব্যৱহাৰ কৰা আই টুৱেণ্টী গাড়ীখনৰ নম্বৰ এ এছ ২৩ পি ৯৫৪৬৷ আৰক্ষীয়ে গাড়ীসমূহ জব্দ কৰিয়েই থানালৈ লৈ যায়৷ উক্ত অভিযানত ৫জনকৈ ড্ৰাইভাৰৰ লগতে দুজনকৈ কুখ্যাত কয়লা ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে৷ কয়লা ব্যৱসায়ী দুজন অমিত তামাং আৰু বিবেক ৰাও বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ আনফালে আৰক্ষীয়ে আটক কৰা ড্ৰাইভাৰকেইজন ক্ৰমে জাফাৰ আলি, জামিৰ আলি, সুৰজিত খাৰোৱাৰ, বিনু লামা, সৌৰভ চেত্ৰী বুলি জানিব পৰা গৈছে৷ কিছুদিন আগলৈকে মাৰ্ঘেৰিটাৰ কেৱল নামডাঙৰ পৰা চোৰাং কয়লা সৰবৰাহ হৈছিল যদিও বৰ্তমানে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বৰগোলাই  আৰু লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত ফায়াৰিং ৰেঞ্জত অবৈধ কয়লাৰ খনন আৰু সৰবৰাহে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত নামফাইৰ লগতে লিডুৰ পৰাও চেগ বুজি চোৰাং কয়লা সৰবৰাহ অব্যাহত আছে৷ আৰক্ষীয়ে প্ৰতিখন চোৰাং কয়লা সৰবৰাহকাৰী ডাম্পাৰ, মেক্স, বলেৰো গাড়ীৰ পৰা এণ্ট্ৰী ফীজৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে৷ গুণ্ডাকৰ নিদিয়াৰ বাবেই সোমবাৰে পুৱতি নিশা চোৰাংকৈ কয়লা সৰবৰাহ কৰা গাড়ীকেইখন আৰক্ষীয়ে জব্দ কৰা বুলি অভিযোগ উঠিছে৷