Logo
image

সাংসদ পদ খাৰিজ হ’ল মহুৱা মৈত্ৰৰ

ডিজিটেল ডেস্কঃ বহু বিতৰ্কৰ অন্তত খাৰিজ হ’ল মহুৱা মৈত্ৰৰ সাংসদ পদ। ধনৰ বিনিময়ত সদনত প্ৰশ্ন সোধাৰ অভিযোগ উত্থাপন হৈছিল মহুৱাৰ বিৰুদ্ধে। এই সন্দৰ্ভত শুকুৰবাৰে সদনৰ এথিক্স কমিটিয়ে দাখিল কৰিছিল প্ৰতিবেদন। সেই প্ৰতিবেদনৰ ভিত্তিতেই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই খাৰিজ কৰিলে মহুৱাৰ সাংসদ পদ। 

বিতৰ্কৰ আৰম্ভণি হৈছিল ১৫ অক্টোবৰত। ব্যৱসায়ী দৰ্শন হিৰাানন্দনীৰ পৰা উপহাৰ লৈ সদনত মহুৱাই প্ৰশ্ন সোধাৰ অভিযোগ আনিছিল বিজেপি সাংসদ নিশিকান্ত ডুবেই। মহুৱাৰ বিৰুদ্ধে উঠা অভিযোগ কিমান সঁচা, সেয়া তদন্ত কৰিবলৈ এথিক্স কমিটীক দায়িত্ব দিছিল লোকসভাৰ অধ্যক্ষই।