Logo
image

সময়সীমা উকলিল পণবন্দীক লৈ নিৰ্লিপ্ত চৰকাৰ-কুইপ

১৬ ফেব্ৰুৱাৰীত পণ নিদিলে হত্যাৰ ভাবুকি আলফাৰ

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ আৰু মাথোঁ কেইঘণ্টামানৰ পাছতে উকলিব অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নগা বিদ্ৰোহীৰ সহযোগত আলফাই [স্বাঃ] অপহৰণ কৰি নিয়া অইল ইণ্ডিয়াৰ অধীনৰ ঠিকাভিত্তিক প্ৰতিষ্ঠান মেচাৰ্ছ কুইপ্প’ অইল এণ্ড গেছ ইন্‌ফ্ৰাষ্ট্ৰাক্‌ছাৰ লিমিটেডৰ ড্ৰিলিং অধীক্ষক পি কে গগৈ আৰু ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰৰ মুক্তিৰ বাবে আলফাই [স্বাঃ] বান্ধি দিয়া মুক্তিপণ আদায় দিয়াৰ অন্তিম সময়সীমা৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নিষিদ্ধঘোষিত সংগঠনটোৱে কি পদক্ষেপ গ্ৰহণ কৰে তাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ব্যাপক উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ৷ কিন্তু এই পৰ্যন্ত কুইপ্প’ আৰু চৰকাৰৰ ফালৰ পৰা অপহৃত বিষয়াদ্বয়ক উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত দুয়ো পক্ষয়েই ৰাজহুৱা কৰা নাই৷ অপহৃত বিষয়াদ্বয়ক নিৰাপদে আলফাৰ জিম্মাৰ পৰা উদ্ধাৰ কৰি অনাৰ ক্ষেত্ৰত সোণোৱাল চৰকাৰৰ লগতে কুইপ্প’ কতৃৰ্পক্ষইও উদাসীন মনোভাৱ গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে৷ উল্লেখ্য, ২১ ডিচেম্বৰৰ নিশা চাংলাং জিলাৰ দায়ুন আৰক্ষী থানাৰ অন্তৰ্গত ইনাওৰ খুম্‌চাইকা অঞ্চলৰ পৰা কৰ্মৰত শিৱসাগৰৰ পি কে গগৈ [৫১] আৰু বিহাৰৰ ৰাম কুমাৰ [৩৫] নামৰ ব্যক্তিদ্বয়ক আলফাই [স্বাঃ]  নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ [আই এম] সহযোগত অপহৰণ কৰিছিল৷ অপহৰণ কাণ্ডৰ পাছতে ব্যক্তিদ্বয়ৰ মুক্তিপণ হিচাবে প্ৰতিষ্ঠানটোৰ পৰা ২০কোটি টকা দাবী কৰা বুলি এক নিৰ্ভৰযোগ্য সূত্ৰই প্ৰকাশ কৰিছিল৷ সূত্ৰমতে, তৈল খননকাৰী প্ৰতিষ্ঠানটোৰ পৰা ইতিপূৰ্বে ১০ কোটি টকা দাবী কৰা হৈছিল যদিও দৰদাম চলি থকাৰ মাজতে ২১ ডিচেম্বৰত সংঘটিত হয় অপহৰণ কাণ্ড৷ ইয়াৰ পাছতে অপহূত ব্যক্তিদ্বয়ৰ মুক্তিৰ বিনিময়ত ২০ কোটি টকা দাবী কৰা বুলি সূত্ৰত প্ৰকাশ৷ মুক্তিপণ দাবী কৰি কুইপ্প’ অইল এণ্ড গেছ ইন্‌ফ্ৰাষ্ট্ৰাক্‌ছাৰ লিমিটেডক অপহৰণকাৰীয়ে একাধিকবাৰ ফোন কৰিছে৷ আনহাতে, মুক্তিপণ শীঘ্ৰে আদায় নিদিলে আলফাই [স্বাঃ] অৰুণাচলত থকা তৈলক্ষেত্ৰত আক্ৰমণ সংঘটিত কৰাৰ ভাবুকি দিয়াৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু ইনাওত থকা ড্ৰিলিং ছাইটত কৰ্মৰত অৰ্ধশতাধিক কৰ্মচাৰীয়ে  কৰ্মক্ষেত্ৰ এৰি আঁতৰি যায়৷ অপহৰণ কাণ্ডৰ এমাহৰ পাছত অপহৃত ব্যক্তিদ্বয়ে ভিডিঅ’যোগে তেওঁলোকৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণৰ কাতৰ আহ্বান জনাই বাৰ্তা প্ৰেৰণ কৰিছিল৷ অপহৃত ৰাম কুমাৰে নিজৰ ভিডিঅ’ বাৰ্তাত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰি তেওঁৰ মুক্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ আনহাতে, প্ৰণৱ কুমাৰ গগৈয়েও ভিডিঅ’ বাৰ্তাত কুইপ্প’ কতৃৰ্পক্ষৰ লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বন্দীত্বৰ অৱস্থাৰ পৰা মুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনায়৷ ইতিমধ্যে আলফাই [স্বাঃ] ১৬ ফেব্ৰুৱাৰীত মুক্তিপণ আদায় দিয়াৰ অন্তিম সময়সীমা ধাৰ্য কৰি ইয়াৰ অন্যথা বিহাৰৰ ৰাম কুমাৰক হত্যাৰ ভাবুকি প্ৰদান কৰিছে৷ অন্তিম সময়সীমা উকলাৰ দুদিন পূৰ্বে দেওবাৰে দুই অপহৃত বিষয়াৰ পৰিয়াল আলফাৰ [স্বাঃ] মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ জেৰাই গাঁওস্থিত বাসগৃহত উপস্থিত হৈ অসমীয়া পৰম্পৰা অনুসৰি পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱাক তামোল-পাণৰ শৰাই আগবঢ়াই কুইপ্প’ৰ বিষয়াদ্বয়ৰ প্ৰাণ ভিক্ষা কৰে৷ উল্লেখ্য, বিহাৰ চৰকাৰে বিষয়টো গুৰুত্বসহকাৰে লোৱা পৰিলক্ষিত হৈছে যদিও একাধিক দল-সংগঠনৰ আহ্বানৰ পাছতো অসম চৰকাৰে সমগ্ৰ বিষয়ত উদাসীন মনোভাৱ গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিত অপহূত নিৰীহ ব্যক্তিদ্বয়ৰ জীৱনক লৈ সৃষ্টি হৈছে গভীৰ অনিশ্চয়তা৷ ইপিনে, অপহৃত দুই বিষয়াৰ ক্ষেত্ৰত আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাক পুনৰ বিবেচনাৰ বাবে আহ্বান জনাইছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই৷ সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি অনুপ চেতিয়াই কয় যে অপহৃত দুয়োজন বিষয়াই দুখীয়া ঘৰৰ ব্যক্তি৷ কৰ্মৰ খাতিৰতহে তেওঁলোকে কুইপ্প’ত কাম কৰিছে৷ সেয়ে আলোচনাৰ মাজেৰে আলফা স্বাধীন আৰু এন চি এনে বিষয়টো সমাধান কৰক৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বিষয়া দুজনক উদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰ আৰু কুইপ্প’ কতৃৰ্পক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছে জানিব পৰা নাই৷ কুইপ্প’ৱে কৰ্মচাৰীদ্বয়ক মৰিলেও মৰক বুলি এৰি দিয়াহে দেখা গৈছে৷ কিন্তু অপহৃত বিষয়াদ্বয়ৰ যদিহে কিবা ক্ষতি হয়, তাৰ বাবে সম্পূৰ্ণ দায়ী হ’ব কুইপ্প’ কতৃৰ্পক্ষ৷ অইল ইণ্ডিয়া কতৃৰ্পক্ষয়ো বিষয়টোৰ পৰা এৰি চলা চেষ্টা কৰিলে নহ’ব৷ যদিহে বিষয়াদ্বয়ৰ ক্ষতি হয় তেনেহ’লে নৰ্থ-ইষ্ট ইণ্ডিজেনাছ পিপ’ল ফৰামে উত্তৰ-পূবত কুইপ্প’ৰ কাম-কাজত গণতান্ত্ৰিকভাৱে বাধা প্ৰদান কৰিব৷